তদন্ত হ'ব মেঘালয়ত অসমৰ তিনি যুৱকৰ হত্যাকাণ্ডৰ : মুখ্যমন্ত্ৰী কনৰাডৰ ঘোষণা - Probe into Assamese youth killing
Assam youth killed in Meghalaya: মেঘালয়ত সংঘটিত অসমৰ তিনি যুৱকৰ হত্যাকাণ্ডৰ তদন্ত ঘোষণা । মৃতকৰ পৰিয়ালক সাহায্য প্ৰদানৰ আশ্বাস কনৰাড চাংমাৰ ।

Published : April 23, 2024 at 5:35 PM IST
গোৱালপাৰা, ২৩ এপ্ৰিল: মেঘালয়ত সংঘটিত অসমৰ তিনি যুৱকৰ বৰ্বৰ হত্যাকাণ্ডৰ সন্দৰ্ভত মুখ খুলিলে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই । এই বৰ্বৰ হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ । যোৱা ১৭ এপ্ৰিলত অসমৰ তিনি যুৱকক অতি নিৰ্দয়ভাৱে ছুইফট বাহনসহ জীৱন্তে জ্বলাই হত্যা কৰিছিল দুৰ্বৃত্তই । মৃত তিনি যুৱকৰ পৰিয়ালৰ লোকক ন্যায় প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ।

উল্লেখ্য যে যোৱা ১৭ এপ্ৰিলত মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৰংজেং আৰক্ষী থানাৰ অন্তৰ্গত ৱাগাচিত অসমৰ গোৱালপাৰা জিলাৰ তিনি যুৱকক জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল । এই ঘটনাৰ তদন্তৰ ঘোষণা কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ফেচবুক পেজ যোগে হত্যাকাণ্ডৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালক সাহায্য প্ৰদানৰ আশ্বাস দিয়াৰ উপৰিও ঘটনাৰ ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে ৷
উল্লেখ্য যে, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ঘটনা সন্দৰ্ভত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে যোৱা দুদিন পূৰ্বে দুধনৈ পৰিদৰ্শন বাংলোত অসমৰ আমছু, গাৰো ছাত্ৰ সন্থা, গাৰো উন্নয়ন পৰিষদ আৰু মেঘালয়ৰ ছাত্ৰ সংগঠনৰ উপৰিও কেইবাটাও এন জি অ'ৰ সৈতে শান্তিপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ বাবে দাবী জনাইছিল ৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই তাৎক্ষণিক পদক্ষেপক গোৱালপাৰা জিলা আমছুৱে আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ।
এই ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছে আমছুৰ গোৱালপাৰা জিলাৰ নেতৃত্বই ।
লগতে পঢ়ক: তৰালিৰ মৃত্যুৰ ৰহস্য ভেদ হ’বনে ? উত্তপ্ত মেৰাপানী আৰক্ষী থানা - woman suspicious death

