ETV Bharat / state

সকলোকে মন্ত্ৰমুগ্ধ কৰি একেলগে তিনি সহস্ৰ বিহুৱা-নাচনীয়ে কঁপালে অসমৰ এক ঐতিহাসিক ঠাই

গোসাঁই বিহুৰ দিনাই নলবাৰীত তিনি হাজাৰ নাচনীয়ে নাচিলে বিহু । নলবাৰীৰ গৰ্ডন খেলপথাৰত বিহুনাচে মুহিলে অতিথি, ৰাইজক ।

mega bihu at gardan nalbari
তিনি সহস্ৰ বিহুৱা-নাচনীয়ে কঁপালে নলবাৰীৰ গৰ্ডন খেলপথাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 4:33 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালীৰ ৰং । ঢোলৰ গুমগুমনি, পেঁপাৰ তিহিটি, টকা-গগণাৰ কলৰৱত মুখৰিত হৈ আছে আকাশ-বতাহ । বিহুৱা-নাচনীৰ গাত তৎ নাইকিয়া, যেন উজুতিত ছিঙিব যঁতৰ । ৰঙালী বিহুৰ আনন্দত উৎসৱমুখ ৰাজ্যৰ চৌদিশ । ৰজনজনাই আছে বিহুতলিসমূহ ।

আজি ব'হাগৰ ২ তাৰিখ । দ্বিতীয় ব'হাগত পালন কৰা হয় গোসাঁই বিহু । ইয়াৰ মাজতেই বুধবাৰে নলবাৰীত একেলগে বিহু নাচিলে তিনি সহস্ৰাধিক বিহুৱতীয়ে । তিনি সহস্ৰাধিক বিহুৱতীৰ বিহুনাচত কঁপি উঠিল নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ ।

তিনি সহস্ৰ বিহুৱা-নাচনীয়ে কঁপালে নলবাৰীৰ গৰ্ডন খেলপথাৰ (ETV Bharat Assam)

নলবাৰী মহকুমা বিহু সন্মিলনৰ উদ্যোগত বুধবাৰে দিনৰ ১১ বজাত প্ৰদৰ্শন কৰা হয় এই মুকলি বিহু । প্ৰায় তিনিদিনৰ আখৰাৰ অন্তত বুধবাৰে গৰ্ডন খেলপথাৰত এনেদৰে তিনি হাজাৰোধিক নাচনী আৰু বিহুৱাই নাচিলে বিহু । আনহাতে, প্ৰথমবাৰৰ বাবে এক বিৰল মুহূৰ্তৰ সাক্ষী হ'ল অধীৰ আগ্ৰহেৰে ৰৈ থকা নলবাৰীবাসীৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, আমন্ত্ৰিত অতিথি আৰু বিহুবলীয়া ৰাইজ ।

আনহাতে, গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই প্ৰদৰ্শনৰ পৰাই অহাবাৰলৈ ৫ হাজাৰ নাচনীক নচুওৱাৰ সংকল্প মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু উদ্যোক্তা সমিতিৰ । অহা বছৰ ৫ হাজাৰ নাচনীক ফ্লাড লাইটৰ তলত এইখন খেলপথাৰতেই নচুৱাব বুলি উল্লেখ কৰি নাচনীসকলক মানপত্ৰ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

mega bihu at gardan nalbari
তিনি সহস্ৰ বিহুৱা-নাচনীয়ে কঁপালে নলবাৰীৰ গৰ্ডন খেলপথাৰ (ETV Bharat Assam)

অনুষ্ঠান সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "সঁচাকৈয়ে আমাৰ কাৰণে এটা গৌৰৱৰ দিন যে নলবাৰীৰ দৰে এখন সৰু জিলাত একেলগে তিনি হাজাৰ নাচনীয়ে গৰ্ডন খেলপথাৰত বিহুনৃত্য কৰি সকলোৱে ইতিহাসৰ সাক্ষী হ'ল । নলবাৰীৰ দৰে জিলাখনত একেলগে তিনি হাজাৰ নাচনীয়ে নচাটো আগতে কেতিয়াও হোৱা নাছিল । আৰু মই যিধৰণৰ উৎসাহ এইকেইটাদিন দেখিলোঁ আৰু যোৱাকেইটা দিন ৰিহাৰ্চেলৰ পৰা সকলো সময়তে নাচনী, ঢুলীয়াৰ যি উৎসাহ, এই উৎসাহে নিশ্চয়কৈ প্ৰতীয়মান কৰিছে যে প্ৰত্যেকজন যুৱক-যুৱতীয়ে অসমীয়া সংস্কৃতিৰ লগত, অসমীয়া গীত-নৃত্যৰ লগত নিজকে জড়িত কৰাব বিচাৰে । মই আশা ৰাখিছোঁ যে অহাবাৰ ইয়াৰ সংখ্যা বৃদ্ধি হ'ব । আজি সকলোৱে কৈছে যে অহাবাৰ ৫ হাজাৰ যুৱক-যুৱতীৰে ইয়াত নৃত্য প্ৰদৰ্শন কৰিম । আৰু অহাবাৰ আণি ফ্লাড লাইটৰ তলত কৰিম ।"

লগতে পঢ়ক :তৰালী শৰ্মাক ২০২৫ বৰ্ষৰ ‘বৰপেটা বঁটা’ প্ৰদান - TARALI SARMA 2025 BARPETA AWARD
লগতে পঢ়ক :ব'হাগত জাতিয়ে স্নান কৰে... ! এনুৱা বতৰত কোন থাকে ভিতৰত - BOHAG BIHU 2025