গুৱাহাটী : প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত আজি গৌৰৱ গগৈৰ উপস্থিতিত গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰথমখন ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হয় । প্ৰায় চাৰিঘণ্টা সময় ধৰি চলা উক্ত বৈঠকত দলৰ নতুন সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অনাগত দিনত দলক কেনেদৰে গতিশীল নেতৃত্ব প্ৰদান কৰিব পাৰি তাৰ আলোচনা আৰু লগতে বিজেপিক প্ৰতিহত কৰিবলৈ প্ৰস্তুত কৰা ৰণনীতিৰ চূড়ান্ত ৰূপ প্ৰদান কৰা হয় ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তিনিগৰাকী সম্পাদক ক্ৰমে পৃথ্বীৰাজ সাথে, মনোজ চৌহান আৰু বিকাশ উপাধ্যায়ৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ।
এই বৈঠকত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ লগতে সমাগত বিটিচি নিৰ্বাচন আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকৰ অন্তত গৌৰৱ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন সভাপতি ভূপেন বৰাক তেওঁৰ নেতৃত্বৰ কাৰ্যকালৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
তেওঁ কয়, "নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বকলৈ আজি ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হ’ল । বিগত নিৰ্বাচনৰ ফলাফলকলৈ আজি আলোচনা কৰা হয় । আজিৰ বৈঠকত সকলোৱে নিজৰ নিজৰ মতামত দাঙি ধৰিছে । সাংসদ প্ৰদ্যুৎ বৰদলৈ বিদেশত থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলেও লিখিতভাৱে মতামত জনাইছে ।"
বৈঠকত বানপানী ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ বিফলতা সন্দৰ্ভতো বিশদ আলোচনা কৰা হয় বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়, "ডাবল ইঞ্জিনৰ কথা কোৱা বিজেপি চৰকাৰে বানপানী সমস্যা সমাধানত গুৰুত্ব দিয়া নাই । যোৱা বছৰৰ বানপানীৰ সাহায্য কেন্দ্ৰীয় চৰকাৰে দিয়া নাই । আমাৰ দাবী অসমৰ বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক । গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত ডাবল ইঞ্জিনৰ চৰকাৰ বিফল হৈছে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আমি দাবী জনাইছো ।"

কংগ্ৰেছে বি টি আৰৰ নিৰ্বাচন খেলিব :
ইপিনে, বি টি আৰৰ নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়, "কংগ্ৰেছে বি টি আৰৰ নিৰ্বাচন খেলিব আৰু এই নিৰ্বাচনত কংগ্ৰেছে বিশেষভাৱে চকু দিব । বিজেপি চৰকাৰে ভয়-ভাবুকিৰে চৰকাৰ চলাইছে । কংগ্ৰেছে বিজেপিৰ সপোন ফলিয়াবলৈ নিদিয়ে । বি টি আৰ নিৰ্বাচনত কংগ্ৰেছে সমস্ত জোৰেৰে অংশ ল’ব ।"
বৈঠকত সকলোৰে মতামত লোৱা হৈছে বুলি সদৰী কৰি তেওঁ কয়, "এইবাৰ এটাই কথা আলোচনা হ’ল যে যুঁজ এখন হ’ব । কাৰ লগত মিত্ৰতা হ’ব পিছত আলোচনা হ’ব । অখিল গগৈৰ লগত মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিবলৈ আমাক কেমেৰাৰ দৰকাৰ নাই । আমি ফোনটো এই সন্দৰ্ভত কথা পাতিব পাৰো । আহিব লগা সময়ত গাম্ভীৰ্যপূৰ্ণ ভাৱে মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিম । কেৱল এটা দলৰ লগত মিত্রতা নহয়, বিভিন্ন দলৰ সৈতে কথা পাতি থকা হৈছে । মিত্ৰতা কেমেৰাৰ সন্মুখত নহয় ।"
অসমৰ ভিতৰত অসম চুক্তি অনুসৰি বিদেশী সন্দৰ্ভত সকলো গাইডলাইন মানিবলৈ আহ্বান জনাই তেওঁ কয় যে এন আৰ চিৰ সুৰক্ষা কবচ দিব নোৱাৰা চৰকাৰে সাধাৰণ লোকক বন্দুক দিব বিচাৰিছে ।
হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰতে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী :
সংবাদমেলত জিতেন্দ্ৰ সিঙে কয়, "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰতে দুৰ্নীতিগ্ৰস্ত আৰু দুৰ্বল মুখ্যমন্ত্ৰী । বি টি আৰৰ নিৰ্বাচনত কংগ্ৰেছে আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ'ব । দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাৰ নেতৃত্বত গঠন কৰা প্ৰতিখন কমিটীয়ে আজিৰে কৰা কাম আৰম্ভ কৰিব । আজি প্ৰায় চাৰে চাৰি ঘন্টা ধৰি ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হ’ল । ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত আজি আলোচনা হ’ল । প্ৰতিগৰাকী কংগ্ৰেছৰ কৰ্মীক বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তক পাৰ্যমানে সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ৰাজ্যৰ বিশাল কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ।"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল মুখ্যমন্ত্রী আখ্যা দি জিতেন্দ্ৰ সিঙে কয়, "মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ পৰা একো আনিব পৰা নাই । ড৹ মনমোহন সিঙৰ দিনত উত্তৰ পূৱক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল । উত্তৰ পূবৰ বিকাশৰ বাবে যথেষ্ট আঁচনি ৰূপায়ন কৰা হৈছিল ।"
জিতেন্দ্ৰ সিঙে লগতে কয়, "আগন্তুক বি টি আৰ নিৰ্বাচনত কংগ্ৰেছে কেনেদৰে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব তাক লৈ আজি আলোচনা কৰা হৈছে । বি টি আৰৰ বাবে বিশেষ পৰিকল্পনা কৰা হৈছে । পঞ্চায়ত নিৰ্বাচনত আমি আশা কৰা ধৰণেৰে ফলাফল নাপালো । ইয়াৰ বাবে আমি কাকো দোষ দিয়া নাই । অভিযোগ বহু উত্থাপন হৈছিল । তাৰ ওপৰতো আলোচনা হৈছে । অভিযোগ প্ৰমাণিত হ’লে তাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । নিৰ্বাচনী প্ৰচাৰৰ কাম আজিৰে পৰা আৰম্ভ হ’ব ।"
এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰিপুণ বৰা, বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ'জলীনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰ, পৱন সিং ঘাটোৱাৰ, প্ৰণতি ফুকন, বলীন কুলি, প্ৰদ্যুৎ বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতাই অংশ গ্ৰহণ কৰে ।