ETV Bharat / state

আধ্যাত্মিক পৰিৱেশত মায়ামৰা সমাজৰ শৰণপৰ্ব

ডিব্ৰুগড়ৰ বকুল বেবেজীয়া গাঁৱত ৫৪ জন পুৰুষ, ৫৯ গৰাকী মহিলাই ল’লে শৰণ ৷

Mayamara Community Saran Ceremony
পৰাম্পৰাগত মায়ামৰা শৰণপৰ্ব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 5:18 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ: মায়ামৰা সমাজৰ এক ব্য়তিক্ৰমী পৰম্পৰা । এই পৰম্পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে পালন কৰিব লাগে কঠোৰ নিয়ম । অসমীয়া সমাজ ব্যৱস্থাত আজিও পৰম্পৰা জীয়াই ৰাখি সমাজখনক সু-শৃংখলিতভাবে গঢ়ি তুলিবলৈ চেষ্টা অব্য়াহত ৰাখিছে মায়ামৰা সমাজে ।

অসমৰ সত্ৰীয়া‌ সংস্কৃতিসমূহত শৰণপৰ্বক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰি অহা হৈছে যদিও প্ৰতিটো জাতি-জনগোষ্ঠীৰ শৰণপৰ্ব পৃথক পৃথক । বিশেষকৈ অসমৰ সত্ৰীয়া‌ সংস্কৃতিসমূহৰ ভিতৰত মায়ামৰা ধৰ্মীয় শৰণপৰ্ব কিছু পৃথক । ঐতিহাসিক মায়ামৰা সত্ৰৰ পৰম্পৰাগত নিয়ম অনুসৰি দেওবাৰে গুৰুসেৱা কৰি মূৰত কলপাতেৰে মেৰিওৱা তামোল-পাণ লৈ পুখুৰীত জোবোৰা মাৰি আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়াসকলে ।

পৰাম্পৰাগত মায়ামৰা শৰণপৰ্ব (ETV Bharat Assam)

দেওবাৰে গায়ন-বায়ন পৰিবেশনেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয় এই কাৰ্যসূচী । চলিত প্ৰথা অনুসৰি শৰণ গ্ৰহণ কৰাৰ পিছত সমাজৰ আধ্যাত্মিক কাম-কাজ কৰিব পৰা হয় শৰণীয়াসকলে । সমাজ আৰু সত্ৰৰ পৰম্পৰা অনুসৰি শৰণ গ্ৰহণৰ নিয়ম পৃথক হ'লেও এই অনুষ্ঠানক অতি আধ্যাত্মিকভাৱে গ্ৰহণ কৰি অহা হৈছে হিন্দু সমাজ ব্যৱস্থাত ।

১১৩ গৰাকী পুৰুষ-মহিলাই গ্ৰহণ কৰিলে শৰণ:

ডিব্ৰুগড়ত এক দৃষ্টিনন্দন পৰিৱেশৰ মাজেৰে দেওবাৰে অনুষ্ঠিত হ'ল শৰণপৰ্ব । মায়ামৰা সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি আজি ডিব্ৰুগড়ৰ বকুল বেবেজীয়া গাঁৱত শৰণ কাৰ্যসূচী সম্পন্ন কৰা হয় । শৰণ গ্ৰহণৰ ধৰ্মীয় এই অনুষ্ঠানত অঞ্চলটোৰ ৫৪ জন পুৰুষ, ৫৯ গৰাকী মহিলাসহ মুঠ ১১৩ গৰাকীয়ে শৰণ গ্ৰহণ কৰে । এইসকল ন-শৰণীয়াই শ্ৰীশ্ৰী আলহী মৰিছা গাঁৱৰ সত্ৰাধিকাৰ বিনোদ গোস্বামীৰ ওচৰত গুৰু দীক্ষা গ্ৰহণ কৰে ।

পৰম্পৰা অনুসৰি শৰণৰ এদিনৰ পূৰ্বে নামঘৰত গুৰুৰ উপস্থিতিত ন-শৰণীয়ালসকলক থুৰীয়া তামোল প্ৰদান কৰা হয় । এদিন ব্ৰত ৰাখি আজি পুৱাৰ ভাগত পুৰুষসকলে মুণ্ডনৰ পাছত নতুন মাৰ্কিন কাপোৰ পৰিধান কৰি ৮১ যোৰ তামোল-পাণ কপালত লৈ শৰণীয়ালসকলে শৰণ গ্ৰহণ কৰে । পৰম্পৰাগতভাৱে মায়ামৰা সমাজত যুগে যুগে চলি অহা এই শৰণৰ কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় শতাধিক ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত শৰণ পৰ্ব - saran ceremony - SARAN CEREMONY