ETV Bharat / state

আমিনুল ইছলামৰ মন্তব্য দলৰ নহয় : গ্ৰেপ্তাৰৰ পাছতে বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া - BADRUDDIN AJMAL ON AMINUL ISLAM

আমিনুল ইছলামৰ গ্ৰেপ্তাৰৰ পাছতে বদৰুদ্দিন আজমলে ব্যক্ত কৰে প্ৰতিক্ৰিয়া ।

Maulana Badruddin Ajmal reacts on Assam MLA Aminul Islam arrested case
বদৰুদ্দিন আজমল (@BadruddinAjmal X)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 11:21 PM IST

2 Min Read

গুৱাহাটী : জম্মু-কাশ্মীৰৰ পহলগামৰ নাৰকীয় কাণ্ডক গৰিহণা দিয়াৰ বিপৰীতে পৰোক্ষভাৱে পাকিস্তানৰ সমৰ্থনত বক্তব্য আগবঢ়াই বিপদত পৰিল ধিঙৰ বিধায়ক আমিনুল ইছলাম । দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কগৰাকীক ।

ইফালে বিধায়ক আমিনুল ইছলামে কৰা মন্তব্য এ আই ইউ ডি এফ দলৰ নহয় বুলি স্পষ্ট কৰি দিছে দলটোৰ সভাপতি বদৰুদ্দিন আজমলে । আমিনুল ইছলামক গ্ৰেপ্তাৰৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বদৰুদ্দিন আজমলে কয়, "পহলগামৰ ঘটনা সন্দৰ্ভত কৰা মন্তব্যৰ বাবে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে । মই আমিনুল ইছলামে কৰা মন্তব্য শুনিছো । পহলগামৰ ঘটনা সন্দৰ্ভত আমি আমাৰ দলৰ মন্তব্য তথা প্ৰতিক্ৰিয়া ইতিমধ্যে ব্যক্ত কৰিছো । সেয়া প্ৰকাশ পাইছে ।"

"আমিনুল ইছলামে দিয়া মন্তব্যটো দুৰ্ভাগ্যজনক কথা । বৰ্তমান আমি ভাৰত চৰকাৰৰ লগত এক হৈ থকাৰ সময় । সন্ত্রাসবাদী কেৱল সন্ত্রাসবাদী । তেওঁলোকৰ কোনো জাতি-ধৰ্ম নাই । যিসকলে সন্ত্রাসবাদী কাম কৰি ইছলামক বদনাম কৰি আছে, মুছলমানক বদনাম কৰি আছে, জাতিক বদনাম কৰি আছে তেওঁলোকক যিমানে নিন্দা কৰো সিমানে কম । আমিনুল ইছলামে কৰা মন্তব্য আমাৰ দলৰ নহয় । এইটো আমাৰ দলৰ ভিউ নহয় ।" বদৰুদ্দিন আজমলে কয়।

লগতে পঢ়ক : মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা ! দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ বহুবল্কী বিধায়ক আমিনুল

লগতে পঢ়ক : সন্ত্ৰাসবাদক ধ্বংস কৰাত আমাৰ সহযোগ থাকিব: চৰকাৰলৈ বিৰোধীৰ পূৰ্ণ সমৰ্থন

উল্লেখ্য যে, মঙলবাৰে পহলগামত সন্ত্ৰাসবাদীয়ে বাচি বাচি ২৭ জন লোকক হত্যা কৰাৰ ঘটনাত সমগ্ৰ দেশ শোকস্তব্ধ হৈ থকাৰ সময়তে সচৰাচৰ কৰাৰ দৰেই বিতৰ্কিত মন্তব্য কৰিছিল ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা আৰু পুলৱামাৰ ঘটনাক বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছিল আমিনুল ইছলামে ।

আমিনুল ইছলামে সন্ত্ৰাসবাদীয়ে হত্যা কৰা লোকসকলক হিন্দু নেকি বুলি প্ৰশ্ন কৰা নাছিল বুলি মন্তব্য কৰি মুছলমাৰ বিৰুদ্ধে হিংসা আৰু ঘৃণা বিয়পোৱাৰ এয়া বিজেপি চৰকাৰৰ অপচেষ্টা বুলি মন্তব্য কৰিছিল । বিধায়কগৰাকীৰ এনে মন্তব্যৰ বাবেই আজি তেওঁক দেশদ্ৰোহিতাৰ গোচৰত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক : ভাৰতবিৰোধী মন্তব্য কৰিলেই যাব লাগিব জে'ললৈ: স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : সিন্ধু জলচুক্তি বাতিলৰ গুৰুতৰ প্ৰভাৱ পৰিব পাকিস্তানত: হিমন্ত বিশ্ব শৰ্মাৰ বাখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.