অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে: মতিউৰ ৰহমান
সৰ্ব্বোচ্চ ন্যায়ালয়ৰ চুড়ান্ত ৰায়দানৰ বিৰোধিতা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ । সংবাদমেলযোগে প্ৰকাশ কৰিলে ক্ষোভ ।

Published : October 17, 2024 at 7:12 PM IST
আমগুৰি,১৭ অক্টোবৰ: বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত সৰ্ব্বোচ্চ ন্যায়ালয়ৰ চুড়ান্ত ৰায়দানৰ পাছতে মতিউৰ ৰহমানৰ ক্ষোভ প্ৰকাশ । অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ২০১২ চনতেই উচ্চতম ন্যায়ালয়ত এই গোচৰটো ৰুজু কৰিছিল ।
আজিৰ ৫ জনীয়া বিচাৰপীঠে অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ '৭১ ৰ সপক্ষে ৰায়দানৰ পাছতেই অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে সংবাদমেল যোগে শিৱসাগৰ জিলাৰ শিমলুগুৰিত ক্ষোভ প্ৰকাশ কৰে ।
আহোম সভা, মৰাণ সভা, মটক সন্মিলনকে ধৰি অসম ভূ-খণ্ডৰ ১০৫ টা জাতি-জনগোষ্ঠীয় সংগঠন আছে ৷ শীঘ্ৰে এই সংগঠনসমূক লৈ অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে । তেওঁ কয়,"আজিৰ দিনটো অসমৰ বাবে ক'লা ইতিহাস । অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে । কিয়নো এই উচ্চতম ন্যায়ালয়েই ২০০৫ চনত অবৈধ বিদেশীসকলক, প্ৰৱজনকাৰীসকলক, নীৰৱ আগ্ৰাসনকাৰী বুলি অভিহিত কৰিছিল । সেই উচ্চতম ন্যায়ালয়েই আজি তেওঁলোকক নাগৰিকত্ব দিব লাগে বুলি ঘোষণা কৰিছে ।"
সভাপতি ৰহমানে লগতে কয়,"এই ৰায় অসমীয়াই কেতিয়াও মানি ল'ব নোৱাৰে । অনাগত সময়ত কেনেদৰে আগবাঢ়িব খিলঞ্জীয়াই নিজে সিদ্ধান্ত ল'ব । উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায় দিলেই সেইটোৱেই ন্যায় নহয় । কোনো এজন ন্যায়াধীশে কোনো এটা কথা কৈছে বাবেই সেইটো ন্যায় নুবুজায় । ভাৰতৰ সংবিধানে কোৱা কথাৰ বিৰুদ্ধে ৰায় দিছে । এয়া দেশৰ সংবিধানৰ বিৰুদ্ধে গৈছে, নীতিৰ বিৰুদ্ধে গৈছে, তথাকথিত মানৱতাৰ নামত অসমক ধ্বংস কৰাৰ ৰায় জাৰি কৰিছে ।" এইদৰে আজি সৰ্ব্বোচ্চ ন্যায়ালয়ৰ চুড়ান্ত ৰায়দানক লৈ ক্ষোভ প্ৰকাশ কৰে সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ।

