সাৱধান ! অচিনাকী সুন্দৰীৰ ৰূপত ভোল নাযাব; ধন-সন্মান সকলো হেৰুৱাই সৰ্বস্বান্ত হ’ব আপুনি - Honey Trapping in Guwahati
Guwahati Honey Trapping Case: আৰক্ষীৰ জালত পৰিল মডেল আৰু সেনা জোৱানৰ পত্নীৰ নেতৃত্বত চলা হানী ট্ৰেপিং চক্ৰৰ মাষ্টাৰ মাইণ্ড নজৰুল আলী ৷ গুৱাহাটী ক্লাৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নজৰুল আলীক । ইয়াৰ পূৰ্বে 4 গৰাকী যুৱতী আৰু ভুৱা আৰক্ষী বিষয়াসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

Published : July 16, 2024 at 8:45 AM IST
|Updated : July 16, 2024 at 12:01 PM IST
গুৱাহাটী, 15 জুলাই: আৰক্ষীৰ পৰিচয় লৈ ৰাজ্যত একাংশই সহজ ধন উপাৰ্জনৰ লক্ষ্য বান্ধি লৈছে ৷ এই ঘটনা খোদ গুৱাহাটী মহানগৰীৰ ৷ জানিব পৰা মতে, এই অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত হৈ আছে এজন সেনা জোৱানৰ পত্নীও ৷
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এগৰাকী মডেল আৰু এজন সেনা জোৱানৰ পত্নীৰ নেতৃত্বত 10-12 জনীয়া দল এটাই দীর্ঘদিন ধৰি ব্লেকমেইলিঙৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰি আছিল । এই চক্ৰটোত আছে ভুৱা আৰক্ষীৰ দল, সাংবাদিকৰ দল আদি ৷ আটাইবোৰ লগ হৈ কোনো ব্যক্তিক হানী ট্ৰেপিঙৰ জালত ফচাই অশ্লীল ভিডিঅ’ প্রস্তুত কৰি ব্লেকমেইলিঙৰ জৰিয়তে ধন ঘটি আহিছিল ।
মডেল যুৱতীগৰাকীয়ে ৰাস্তাই-ঘাটে একাংশ সম্ভ্রান্ত পৰিয়ালৰ লোকৰ লগত চিনাকি হৈ বন্ধুত্ব গঢ়ি বাৰলৈ যায় বুলি আৰক্ষীৰ সূত্ৰই জনায় । বাৰত সুৰাপান কৰি মডেলগৰাকীয়ে অচিনাকি লোকজনক তেওঁলোকৰ ছয়মাইলৰ ভাৰা ঘৰলৈ লৈ যায় । ভাৰাঘৰত মডেলগৰাকীয়ে অচিনাকি বন্ধুজনৰ সৈতে অনৈতিক কার্যত লিপ্ত হয় আৰু ঠিক তেতিয়াই পূৰ্বৰ পৰিকল্পনা অনুসৰি অপৰাধ শাখাৰ এচিপিৰ নেতৃত্বত আৰক্ষীৰ দল আৰু সাংবাদিকৰ দল ভাৰাঘৰটোত নাটকীয়াভাৱে প্রৱেশ কৰি সমগ্ৰ দৃশ্য কেমেৰাত আৱদ্ধ কৰে ।
কেমেৰাত আপত্তিজনক মুহূৰ্ত আৱদ্ধ কৰাৰ পাচতে আৰক্ষীৰ দলটোৱে অনৈতিক কার্যত লিপ্ত থকা মডেল আৰু ব্যক্তিজনক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিয়াৰ চলেৰে লোকজনৰ লগত দৰ-দাম কৰে আৰু বিচৰা ধন আদায় দিয়াৰ পিচতে চক্রটোৱে লোকজনক মুকলি কৰি দিয়ে ।
ভুৱা আৰক্ষীৰ বাহিনী গঠন কৰি লাখ লাখ টকা উপাৰ্জন কৰা এই অসৎ চক্ৰটোৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত হৈছে নজৰুল আলী, যাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে । গুৱাহাটী ক্লাৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত নজৰুল আলীক ।
উল্লেখ কৰা প্ৰয়োজন যে, এই চক্ৰৰ বলি হৈ আহিছিল গুৱাহাটীৰ এগৰাকী প্রতিষ্ঠিত ঠিকাদাৰ ৷ ঠিকাদাৰজনৰ আপত্তিজনক ভিডিঅ’ প্ৰস্তুত কৰি চক্রটোৱে ব্লেক মেইলিং কৰি ধন দাবী কৰি আহিছিল । এই ব্লেক মেইলিঙত অতিষ্ঠত হৈ ঠিকাদাৰজনে অভিযুক্তকেইজনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 587/24 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু 13 জুনত দিছপুৰ আৰক্ষীয়ে এগৰাকী মডেলসহ 4 গৰাকী যুৱতী আৰু ভুৱা আৰক্ষী বিষয়াসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰিছিল । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

