ETV Bharat / state

অপাৰেশ্যন ঘোষ্ট ছিম; অবৈধ বেহা চলোৱা মূল অভিযুক্তক গ্ৰেপ্তাৰ

অপাৰেশ্যন ঘোষ্ট ছিমৰ অধীনত বিশেষ টাক্স ফʼৰ্চে এই পৰ্যন্ত মুঠ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

OPERATION GHOST SIM
অভিযানত জব্দ হোৱা সামগ্ৰীসমূহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2025 at 7:17 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান । এইবাৰ ‘‘অপাৰেশ্যন ঘোষ্ট ছিম’’ (Operation Ghost SIM) অধীনত ভুৱা ছিমকাৰ্ডৰ বেহা চলোৱা চক্ৰৰ মূল অভিযুক্তক বিশেষ টাক্স ফʼৰ্চৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ বিশেষ টাক্স ফʼৰ্চে গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ধুবুৰীৰ গোলকগঞ্জৰ মুস্তাফা ৰহমান (২৯) ৷ ধুবুৰী আৰক্ষীৰ সহযোগত টাক্স ফʼৰ্চে শনিবাৰে নিশা ধুবুৰীত অভিযান চলাই অভিযুক্ত ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

টাক্স ফʼৰ্চৰ অভিযানকাৰী দলটোৱে ধৃত ৰহমানৰ পৰা এটা লেপটপ, দুটা ম’বাইল ফোন, ৩ টা ক্ষুদ্ৰ এ টি এম মেচিন, এটা বায়’মেট্ৰিক ডিভাইচ, ৬ খনকৈ এ টি এম কাৰ্ড, ১১ খন ভোটাৰ আই ডি আৰু এখন পেন আৰু এখন আধাৰকাৰ্ড জব্দ কৰিছে ৷ এই কথা প্ৰেছ বিবৃতিযোগে সদৰী কৰিছে অসম আৰক্ষীয়ে । অসম আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি অপাৰেশ্যন ঘোষ্ট ছিমৰ অধীনত বিশেষ টাক্স ফʼৰ্চে এই পৰ্যন্ত মুঠ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

OPERATION GHOST SIM
ভুৱা ছিমকাৰ্ডৰ বেহা চলোৱা চক্ৰৰ মূল অভিযুক্ত মুস্তাফা ৰহমান (ETV Bharat Assam)

উল্লেখ্য যে, ভাৰতীয় সেনাৰ গজৰাজ কৰ্প’ছৰ চোৰাংচোৱাৰ খবৰৰ আধাৰত বিশেষ শাখা আৰু বিশেষ টাক্স ফʼৰ্চে অপাৰেশ্যন ঘোষ্ট ছিম (GHOST SIM) নামেৰে ভুৱা ছিমকাৰ্ডৰ বেহা চলোৱা চক্ৰৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান ।

বিগত ১৪ মে'ত এছ টি এফ ৬১(২)/১৪৭/১৪৮/৬২ BNS, ধাৰা ১৮ UA(P) আইন আৰু IT Act-ৰ ৬৬ ধাৰাৰ অধীনত ২/২০২৫ নম্বৰত এটি গোচৰ ৰুজু কৰি ১৬ মে’ৰ পৰা অপাৰেশ্যন ঘোষ্ট ছিম অভিযান আৰম্ভ কৰে । ভাৰতৰ ৰাজস্থান, তেলেংগানা আৰু অসমৰ ধুবুৰীত এই অভিযান চলাই আৰক্ষীয়ে বৰ্তমানলৈ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ অপাৰেশ্যন 'ঘোষ্ট ছীম'ত জালত পৰিল ৭ - ASSAM POLICE OPERATION GHOST SIM