তেজপুৰ: এক মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল তেজপুৰ চহৰৰ বাৰহলীয়া । জুইৰ লেলিহান শিখাই পলকতে ছাৰখাৰ কৰিলে এটা বাসগৃহ । লগতে জীৱন্তে অগ্নিদগ্ধ হয় তেজপুৰ বাৰহলীয়াৰ বিকাশ শৰ্মা নামৰ লোকজন । স্থানীয় লোকে জনোৱা অনুসৰি মঙলবাৰে পুৱা প্ৰায় ৬ বজাত জুইৰ সূত্ৰপাত হয় আৰু প্ৰাতঃভ্ৰমণ কৰা লোকে ঘটনা সম্পৰ্কে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে ।
অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা বিকাশ শৰ্মা পেচাত এগৰাকী অধিবক্তা । তেওঁ আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে ঘৰটোত বাস কৰে । স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে অহৰহ চেষ্টা চলোৱাৰ পিছতো জুইত জাহ যায় সম্পূৰ্ণ ঘৰটো । আৰক্ষীয়ে জনোৱা মতে শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু হয় বিকাশ শৰ্মাৰ । আনহাতে কোনোমতে প্ৰাণ ৰক্ষা পৰে জ্যেষ্ঠ ভগ্নীৰ ।
জুইৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই, যদিও আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত শ্বৰ্ট-চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰে । ঘৰটো সম্পূৰ্ণ ইকৰাৰ দ্বাৰা নিৰ্মিত অতি পুৰণি ঘৰ আছিল ।

আনহাতে মঙবাৰে পুৱা শোণিতপুৰৰ চাৰিদুৱাৰত সংঘটিত হয় আন এক অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে ভস্মীভূত হয় এটা ব্ৰইলাৰ ফাৰ্ম । শোণিতপুৰৰ চাৰিদুৱাৰত পুৱতি নিশা সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড ।
অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰ অঞ্চলত উক্ত অগ্নিকাণ্ড সংঘটিত হয় । চাৰিদুৱাৰৰ ১ নং জয়ন্তপুৰ গাঁৱৰ জোংচাৰ বসুমতাৰী, ৰাজা বসুমতাৰী আৰু জয়ন্ত বড়োয়ে একত্ৰিতভাৱে নতুনকৈ এখন ব্ৰইলাৰ ফাৰ্মখন খুলি ব্যৱসায় আৰম্ভ কৰিছিল ।

জুইৰ লেলিহান শিখাই সমগ্ৰ ফাৰ্মখন আগুৰি ধৰাত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ফাৰ্মখন । ফাৰ্মখনত থকা প্ৰায় ১৬০০ টা ব্ৰইলাৰ কুকুৰা জ্বলি ছাই হৈ যায় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালৰ নিবনুৱা যুৱক তিনিজনে সম্প্ৰতি হতাশাত ভাগি পৰিছে ।
বাঁহ-খেৰৰে নিৰ্মাণ কৰা ব্ৰইলাৰ ফাৰ্মখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণহে বৰ্তমনালৈ পোহৰলৈ অহা নাই ।