ETV Bharat / state

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল যোৰহাট নগৰ !

২০২৩ চনত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ছবিখন যোৰহাটবাসীৰ মনৰ পৰা মাৰ নাযাওতেই এইবাৰ বালিবাটৰ পাঁচ মহলীয়া অট্টালিকাত জুই ।

Massive fire break out
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 3:33 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: অঘটনে লগ নেৰা হৈছে যোৰহাটক । এটা পিছত আন এটাকৈ ভয়াৱহ অগ্নিকাণ্ডই যোৰহাটবাসীক শংকিত কৰি তুলিছে । বৃটিছৰ যুগতেই অস্থায়ীভাৱে প্ৰতিষ্ঠা লাভ কৰা ঐতিহাসিক যোৰহাট চ’ক বজাৰত ২০২৩ চনত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ছবিখন যোৰহাটবাসীৰ মনৰ পৰা মচ নাখাওতেই আজি নগৰখনৰ মাজমজিয়াস্থিত ব্যৱসায়িক প্ৰাণকেন্দ্ৰ পুৰণা বালিবাটৰ পাঁচ মহলীয়া অট্টালিকা এটাত লাগিল জুই ।

ঘন জনবসতিপূৰ্ণ পুৰণা বালিবাটৰ পাঁচ মহলীয়া অট্টালিকাৰ প্ৰথম মহলাত থকা প্ৰবীন কাংকানি নামৰ শ্ব' ৰূমত প্ৰথমতে জুইৰ সূত্ৰপাত হয় । ফলত এই ৰূমটোত থকা সাকলো ইলেকট্ৰ'নিক সামগ্ৰী ভস্মীভূত হয় । এই জুইয়ে অট্টালিকাটোত বাস কৰা আবাসীৰ আন কোঠালৈ বিয়পিব ধৰাত সমগ্ৰ অঞ্চলটোত এক হুৱাদুৱা পৰিৱেশে বিৰাজ কৰে । তাৎক্ষণিকভাৱে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা কৰে ।

যোৰহাটত ভয়াৱহ অগ্নিকাণ্ড (ETV Bharat Assam)

প্ৰায় দুঘন্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । অট্টালিকাটোত থকা আৱাসীসকলকো নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে ভয়াৱহ বিপদৰ আগজাননী লাভ কৰি ঘটনাস্থলীত জৰুৰীকালিন সেৱাৰ গাড়ী মজুত কৰি ৰাখে । এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় । এই অগ্নিকাণ্ড বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

Massive fire break out
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ড (ETV Bharat Assam)

ইয়াৰ পিচতেই ঘটনাস্থলীত যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ লগতে উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হয় । অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । আৱাসীসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানন্তিৰত কৰা হয় ।"

লগতে পঢ়ক: গুৱাহাটীত সংঘটিত হৃদয় বিদাৰক ঘটনা, দাওদাওকৈ জ্বলিল মহিলা - TRAGIC INCIDENT IN GUWAHATI

লগতে পঢ়ক: ভয়ংকৰ অগ্নিকাণ্ডত ছাই হৈ গ'ল এটা এশবছৰ পুৰণি চাহ ফেক্টৰী - FIRE BREAKS OUT AT TEA FACTORY