ETV Bharat / state

ব’হাগ বিহুৰ আনন্দৰ মাজতে টালি-টোপোলা বান্ধি নিৰাপদ ঠাইৰ সন্ধানত পাঁচটা পৰিয়াল - MASSIVE EROSION OF BRAHMAPUTRA

মাকুমত কৰদৈগুৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া । উচুপিছে নৈপৰীয়া ৰাইজে ।

Massive erosion of Brahmaputra in Makum
কৰদৈগুৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 8:51 PM IST

2 Min Read

তিনিচুকীয়া: ব'হাগ বিহুৰ আনন্দৰ মাজতে খহনীয়াই পাঁচটাকৈ পৰিয়ালৰ লোকৰ হৰিছে নিদ্ৰা । নদীৰ বুকুত আপোন ঘৰখন জাহ যোৱাৰ উপক্ৰম ঘটাত উচুপিছে পৰিয়ালকেইটাৰ সদস্য়সকলে । নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ নৈপৰীয়া ভূমিপুত্ৰসকলে চৰকাৰক দাবী জনাই আহিছে যদিও আজিলৈকে নাপালে কোনো সঁহাৰি । সেয়েহে আজি নিৰাপদ ঠাইৰ সন্ধানত নিজৰ ঘৰখনকেই ভাঙিবলগীয়া হৈছে ।

তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰি গাঁও পঞ্চায়তৰ ৩নং কর্দৈগুৰি গাঁৱত দেখিবলৈ পোৱা গৈছে উন্নয়নৰ এখন বিপৰীত ছবি । মূলতঃমৰাণ জনগোষ্ঠীৰ পাঁচটাকৈ পৰিয়ালৰ সকলো ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ ইয়াৰ পূৰ্বেও বহু লোকৰ ঘৰ-বাৰী নিশ্চিন্ন কৰিছে অনন্ত নলাৰ গৰাখহনীয়াই । শেহতীয়াকৈ অহা প্ৰৱল বৰষুণৰ ফলত ফেনেফুটুকাৰে অনন্ত নলাৰ পানী বাঢ়িব ধৰাত টোপনি কাঢ়িছে নৈপৰীয়া ৰাইজৰ । নদীৰ কাষত থকা পাঁচটাকৈ পৰিয়ালে এক সুৰক্ষিত স্থানত নিজৰ জীৱন ৰক্ষাৰ বাবে টালি-টোপোলা বান্ধি ঘৰ-বেৰ উঠাই সকলো লৈ সাজু হৈছে ।

কৰদৈগুৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া (ETV Bharat Assam)

ক্ৰমান্বয়ে টোপুল মৰাণ,পুবেল মৰাণ, ধৰ্মেন্দ্ৰ মৰাণ, সৰল মৰাণ আৰু সোমেশ্বৰ মৰাণৰ বাসগৃহ একেবাৰে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । যিকোনো সময়তে গৰাখহনীয়াই নিব পাৰে বাসগৃহকেইটি । ইতিমধ্যে জাহ গৈছে বাৰীৰ অধিকাংশ অঞ্চল । এইসন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, “চৰকাৰ আহে চৰকাৰ যায়; কিন্তু আমাৰ সমস্যা কোনোদিনে সমাধান নহয় । আমাৰ মৰাণ জনগোষ্ঠীৰ এতিয়া বিহু হৈ আছে; কিন্তু আমি বিহুৰ বতৰত এতিয়া নিজৰ কাম-কাজ কৰিব নোৱাৰি ঘৰৰ টালি-টোপোলা বান্ধি ৰাজপথলৈ ওলাব লগা হৈছে । ইয়াতকৈ দুখৰ বিষয় আৰু নাই ।”

Massive erosion of Brahmaputra in Makum
কৰদৈগুৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া (ETV Bharat Assam)

সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ তথা ঐতিহাসিক সত্ৰখনৰ ভকত বৈষ্ণৱে বাৰিষাৰ প্ৰাকক্ষণত খহনীয়া ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৷ বিগত সময়ত কিছু পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমান সুৰক্ষিত নহয় অঞ্চলটো ৷ সমান্তৰালভাৱে সদৌ মৰাণ ছাত্ৰ সন্থাই বিভাগীয় অভিযন্তাৰ স’তে অঞ্চলটো পৰিদৰ্শন কৰি নক্সা জমা দিয়ে যদিও পৰ্যাপ্ত পুঁজিৰ অভাৱৰ বাবেই সমস্যা সমাধানৰ দিশে আগবঢ়া নাই বুলি জানিব দিয়ে স্থানীয় নেতা অৰ্জুন মৰাণে । গতিকে অতিসোনকালে এই ভাবুকি ৰোধ কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ তথা শাসকীয় চৰকাৰখনৈ কাতৰেৰে আহ্বান জনাইছে দল-সংগঠন, স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:নদী সভ্যতাৰ অৱক্ষয়: কেনেদৰে ৰোধ কৰিব এই খহনীয়া - DISAPPEARING RIVULETS OF INDIA

খহনীয়া প্ৰতিৰোধ; ৰাইজৰ লগত হাতে-কামে লাগিল পদ্ম হাজৰিকা - JIA BHARALI RIVER EROSION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.