চপৰা-চপৰে খহিছে বেকী নৈৰ পাৰ: বহুকেইখন গাঁৱলৈ ভাবুকি - Beki river erosion in Kalgachia
Erosion In Kalgachia: কলগাছিয়াৰ কাউৰজাহী গাঁৱত বেকী নৈৰ কালৰূপ । নৈৰ বুকুত জাহ যোৱাৰ পথত 1977 চনতে স্থাপিত কাউৰজাহী প্ৰাথমিক বিদ্যালয় আৰু মছজিদ । গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ভুক্তভোগী ৰাইজৰ ।

Published : July 23, 2024 at 11:36 AM IST
কলগাছিয়া, 23 জুলাই: জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বেকী নদীৰ তীব্ৰ গৰাখহনীয়াই শংকিত কৰি তুলিছে স্থানীয় লোকক । চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলতেই বেকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি স্থানীয় বহুলোকৰ ঘৰ-ভেটি উছন কৰাৰ লগতে নতুনকৈ আন কেইবাটাও পৰিয়ালৰ জীৱন-সম্পত্তিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি ভুক্তভোগী ৰাইজে জনায় ৷
সমান্তৰালভাৱে, কাউৰজাহী প্ৰাথমিক বিদ্যালয় আৰু মছজিদটোও বেঁকী নৈৰ বুকুত বিলীন হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে । উল্লেখ কৰা প্ৰয়োজন যে, বেঁকী নদীয়ে নিজৰ ভেটি-মাটি খহাই নিয়াৰ ফলত নিজৰ দুই-এপদ সা-সামগ্ৰী লৈ একাংশ লোকে আশ্ৰয় গ্ৰহণ কৰি আহিছে কাউৰজাহী প্ৰাথমিক বিদ্যালয়ত ৷ বৰ্তমান বিদ্যালয়খনো গৰাখহনীয়াৰ কবলত পৰাত অনাকাংশিত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে ভুক্তভোগীসকল ৷

বৰপেটা জিলা প্ৰশাসনৰ এটা দলে উক্ত স্থান পৰিদৰ্শন কৰি শীঘ্ৰে ৱৰ্ল্ড বেংকৰ দ্বাৰা আৱন্টিত ধনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে খহনীয়াগ্ৰস্থ ৰাইজে । অতি শীঘ্ৰে কালৰূপী গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে কাউৰজাহী প্ৰাথমিক বিদ্যালয়, মছজিদ, কাউৰজাহী গাঁও, বেচিমাৰি, বলাইপাথাৰকে ধৰি কেবাখনো বিদ্যালয়নিশ্চিহ্ন হৈ পৰিব বুলি শংকা প্ৰকাশ কৰিছে ভুক্তভোগী লোকসকলে ৷ কলগাছিয়াৰ কাউৰজাহীকে ধৰি এক বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ কবলত পৰাৰ পাচতো চৰকাৰ-প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ ।

শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।
আনহাতে, কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত তথা নৱ গঠিত পাকাবেতবাৰী সমষ্টিৰ কাউৰজাহী আৰু মন্দিয়া সমষ্টিৰ কৰাৰকুৰ বেকী দলঙৰ কাষত অব্যাহত বেকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তাৰ সৈতে যোগাযোগ কৰে বিধায়ক শ্বেৰমান আলী আহমেদে ৷ শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাৰ লগতে কাউৰজাহী আৰু বলাইপথাৰ গাঁৱত অবৈধভাৱে বালি খনন কৰাৰ বাবে বেকী নদীৰ বিকল্প সুঁতি ওলাইছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে । লগতে বালি খনন বন্ধ কৰাৰ বাবে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ।

