লুইতৰ বুকুত বিলীন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ তিনিখনকৈ গাঁও - EROSION OF BRAHMAPUTRA RIVER
Erosion in Dibrugarh : বান-খহনীয়াত নিঃশেষ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ তিনিখনকৈ গাঁও ৷ আশ্ৰয় বিচাৰি ডেৰশৰো অধিক পৰিয়ালৰ হাহাকাৰ অৱস্থা ৷ পঢ়ক বিতং খবৰ...

Published : July 16, 2024 at 6:06 PM IST
মৰাণ, 16 জুলাই: বহু বছৰৰ পাচত ভয়ংকৰ বান পৰিস্থিতিয়ে ডিব্ৰুগড় জিলাৰ খোৱাং, চাবুৱা, লাহোৱাল, দুলীয়াজান, নাহৰকটীয়া আৰু টিংখাং সমষ্টিৰ ৰাইজক বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে ৷ আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ গৈ নিজৰ হেৰুওৱা সম্পদ বিচাৰি হাহাকাৰ কৰিবলগা হৈছে বানাক্ৰান্তই ৷
চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰি প্ৰায় ডেৰ বছৰৰ ভিতৰতে উটুৱাই নিয়ে কেইবাকোটি টকাৰ জিঅ’বেগ প্ৰকল্প ৷ বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ নামত কোটি কোটি টকা ব্যয় কৰি জিঅ'বেগৰ কাম কৰিছিল যদিও এই আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷
ইয়াৰ মাজতে বান আৰু খহনীয়াৰ ফলত ডিব্ৰুগড় জিলাৰ তিনিখনকৈ গাঁও নিচ্ছিহ্ন হোৱাত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশ ৷ এই বৰ্ষৰ বান-খহনীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত চাবুৱা সমষ্টিৰ অন্তৰ্গত বিন্ধাকটা পঞ্চায়তৰ তিনিখনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিনৰ বাবে বিলীন হৈ পৰে ৷
লগতে পঢ়ক: জীয়াঢলৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ - Erosion of Jiadhal River
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা দধিয়াৰ ম'হমৰা, চাৰিসূঁতি আৰু আইচুং নামৰ এই তিনিখন গাঁও বিগত এটা মাহতেই নৈৰ বুকুত বিলীন হোৱাত অঞ্চলটোৰ প্ৰায় ১৫০ টাতকৈ অধিক পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ সৰ্বস্ৰান্ত হৈছে প্ৰায় ডেৰশৰো অধিক পৰিয়াল ৷
দিন-হাজিৰা কৰি কোনোমতে দুবেলা-দুমুঠি খাই জীৱন নিৰ্বাহ কৰা লোকসকল বানৰ কবলত পৰাৰে পৰা অনাহাৰে দিন কটাবলগীয়া হৈছে ৷ জিলা প্ৰশাসনে দুই-এবাৰ বান সাহাৰ্য হিচাপে কিছুসংখ্যক খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷
অঞ্চলটোৰ কিছুলোকে চাং ঘৰৰ ভিতৰত পশুধনৰ সৈতে সহাৱস্থান কৰাৰ বিপৰীতে বহুতে ওখ ঠাই বিচাৰি ঢাপলি মেলিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷

