তীব্ৰ সংকটত স'ৰাগুৰি চাপৰিৰ ৫০০ পৰিয়াল - Ajan Peer Dargah
Ajan Peer Dargah in Sivasagar : শিৱসাগৰৰ ঐতিহাসিক স'ৰাগুৰি চাপৰিলৈ খহনীয়াই কঢ়িয়াই আনিছে চৰম ভাবুকি ৷ ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত আজান পীৰ চাহেবৰ সমাধিস্থললৈ ভাবুকি নামি অহাত স্থানীয় লোক আতংকিত হৈছে ।

Published : July 30, 2024 at 2:11 PM IST
আমগুৰি, ৩০ জুলাই : শিৱসাগৰ জিলাৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থল ঐতিহাসিক স'ৰাগুৰি চাপৰিত চপৰা চপৰে খহিছে গৰা । সমন্বয় আৰু একতাৰ বাণী বিলাই, কৃষ্টি আৰু সংস্কৃতিৰে মহীয়ান স'ৰাগুৰি চাপৰিতে আছে হজৰত আজান পীৰ চাহেবৰ সমাধিস্থল । পিছে এই ঐতিহাসিক স'ৰাগুৰি চাপৰিলৈ আহি পৰিছে সংকট । আজান পীৰ দৰগাহৰ সমীপত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া আৰম্ভ হোৱাত শংকিত হৈছে স্থানীয় লোকসকল ।
৫০০ মিটাৰ দূৰত্বতেই আৰম্ভ খহনীয়া :
প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি আজান পীৰ দৰগাহৰ সমীপতে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে । সম্প্ৰতি আজান পীৰ দৰগাহৰ পৰা কেৱল ৫০০ মিটাৰ দূৰত্বতে আৰম্ভ হৈছে খহনীয়া । বহু পৰিয়ালৰ খেতি-মাটি, টেঙাবাৰী খহনীয়াত জাঁহ গৈছে ।
আনহাতে, এই খহনীয়াই হজৰত আজান পীৰ চাহেবৰ সমাধিস্থললৈ অশনি সংকেট কঢ়িয়াই আনিছে । ৫০০ মিটাৰ দূৰত্বত হোৱা খহনীয়া দুই-এবছৰৰ ভিতৰত দৰগাহ ক্ষেত্ৰৰ কাষ পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
আজান পীৰ দৰগাহস্থলীত খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী :
অসমৰ পৰ্যটন মানচিত্ৰৰ পৰা স'ৰাগুৰি চাপৰি, আজান পীৰ দৰগাহস্থলী হেৰাই যোৱাৰ উপক্ৰম হোৱাত স্থানীয় লোকসকলৰ শংকা বৃদ্ধি পাইছে । স্থানীয় লোকসকলে শীঘ্ৰে ৰাজ্যৰ সংশ্লিষ্ট বিভাগক খহনীয়া ৰোধ কৰি ঐতিহাসিক স'ৰাগুৰি চাপৰিক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ।
এজন স্থানীয় ব্য়ক্তিয়ে এই সন্দৰ্ভত কয়, "এইদৰে খহনীয়া অব্য়াহত থাকিলে স'ৰাগুৰি চাপৰি, আজান পীৰ দৰগাহস্থলীৰ লগতে এই অঞ্চলটোৰ ৫০০ টা পৰিয়াললৈ আহিব অশনি সংকেট ।" জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে স্থানীয় আমগুৰি সমষ্টিৰ বিধায়কক এই ক্ষেত্ৰত উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।

