ETV Bharat / state

ভূত ওলাইছে ভূত ! ভূতৰ ভয়ত স্কুল ছুটী: ভূতে ধৰা ছাত্ৰ-ছাত্ৰীক নিলে মোল্লাৰ কাষলৈ - GHOST SCARE IN CACHAR

আতংকৰ সৃষ্টি হয় বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত । আনকি ভয়ত বিদ্যালয় এৰি পলায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

Ghost scare in Cachar, student unwell in attack by ghost
ভূত... ভূত... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 6:12 PM IST

2 Min Read

শিলচৰ: কাছাৰ জিলাৰ এখন বিদ্যালয়ত হাহাকাৰ পৰিস্থিতি । ভূতৰ তাণ্ডৱ চলা বুলি হাহাকাৰ লাগে বিদ্যালয়খনত । ছাত্ৰ-ছাত্ৰীয়ে কৰা অদ্ভুত আচৰণৰ বাবে ভূতে তাণ্ডৱ চলোৱা বুলি সন্দেহ কৰে বিদ্যালয়খনৰ শিক্ষক তথা স্থানীয় ৰাইজে । জিলাখনৰ ধলাই ভাগা বিদ্যাৰতনপুৰ এম ই বিদ্যালয়ত সংঘটিত হয় এই ঘটনা ।

বৃহস্পতিবাৰে বিদ্যালয়খনৰ পাঠদান চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা । প্ৰথমে এগৰাকী ছাত্ৰীয়ে অদ্ভুত আচৰণ আৰম্ভ কৰে । ইয়াৰ পাছত এজন এজনকৈ বিদ্যালয়খনৰ প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অদ্ভুত আচৰণ কৰিবলৈ লয় ৷ শিক্ষাৰ্থীসকলে মাটিত শুই কান্দিবলৈ আৰম্ভ কৰে, মুখেৰে অদ্ভুত শব্দ কৰি চিঞৰি উঠে ৷ কেইবাজনো শিক্ষাৰ্থী অচেতন হৈ পৰে । এই ঘটনাৰ পাছত মূহূৰ্তৰ ভিতৰতে বিদ্যালয়খনত ভূতে তাণ্ডৱ চলাইছে বুলি খবৰ বিয়পি পৰে ।

ভূত ওলাইছে এখন বিদ্যালয়ত ! (ETV Bharat Assam)

আতংকৰ সৃষ্টি হয় বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত । আনকি ভয়ত বিদ্যালয় এৰি পলায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ ইপিনে খবৰ পাই বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতি বিবেচনা কৰি বিদ্যালয় ছুটীৰ নিৰ্দেশ দিয়ে পৰিচালনা সমিতিৰ সভাপতিয়ে । পূৰ্বেও দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত এনে ঘটনা ঘটিছে বুলি উল্লেখ কৰে বহুতে । যাক কোৱা হয় 'হিষ্টেৰিয়া' ৷ সন্দেহ নাই যে আজিৰ এই ঘটনাও তেনেধৰণৰ 'গণ হিষ্টেৰিয়া'ই আছিল ৷ আনহাতে অভিভাৱকসকলে অচেতন হোৱা ছাত্ৰ-ছাত্ৰীক মোল্লাৰ ওচৰলৈ লৈ যায় বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "আজি মই এটা ঘটনা দেখিলোঁ এই বিদ্যালয়খনত, ইয়াৰ আগতে হৈছিল বুলি শুনিছিলোঁ । কিন্তু আজি নিজ চকুৰে দেখা পালোঁ । বিশেষকৈ ছাত্ৰীসকলৰ মাজত এই সমস্যাটো দেখা পাইছোঁ । তেওঁলোক অসুস্থ হৈ যায়, কিছুমানৰ পেট বিষাইছে, কিছুমানে মূৰৰ বিষত থাকিব পৰা নাই । আমি পদক্ষেপ গ্ৰহণ কৰাৰ পিছত কিছু ভাল পাইছে যদিও আমি নিয়ন্ত্ৰণত আনিব পৰা নাই । খুবেই শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল ।"

পিছে বিজ্ঞান-প্ৰযুক্তিৰ উত্তৰণৰ এই যুগত ভূতৰ আতংকত ভোগাৰ দৰে বিষয়ক প্ৰাধান্য দিয়া বিষয়টো মানি লোৱা কিমান গ্ৰহণযোগ্য ? বা চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে মোল্লাৰ ওচৰলৈ নিয়াটো কিমান গ্ৰহণযোগ্য ?

লগতে পঢ়ক: দলবদ্ধ ধৰ্ষণ কৰাৰ ভিডিঅ’ ভাইৰেল কৰি আসুৰিক তৃপ্তি লভিছে অভিযুক্তই: গ্ৰেপ্তাৰ 3 - CHARAIDEO GANGRAPE CASE

স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া লোকক দিয়া হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স - ARMS LICENSE TO INDIGENOUS MINORITY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.