ETV Bharat / state

হৰিনামৰ ধ্বনিৰে মুখৰিত মাজুলীত ৰাসৰ প্ৰস্তুতি; নগাঁৱৰ ৰাস শুৱনি কৰিব চামগুৰি সত্ৰৰ মুখাই

মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু ১২ খনকৈ সত্ৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ ।

Mask artists of Sri Sri Samaguri Satra busy for Preparation of Raas
নগাঁৱৰ ৰাস শুৱনি কৰিব মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 6:41 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী : পবিত্র ভাদমাহত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ । ভাদৰ প্ৰতিটো দিনতে সমগ্র ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত খোল,তালৰ মাত আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে । ইয়াৰ মাজতে মাজুলীত প্ৰস্তুতি চলিছে ৰাস মহোৎসৱৰ ।

ৰাস মহোৎসৱলৈ প্ৰায় দুটা মাহ বাকী থকা অৱস্থাত এতিয়াৰ পৰা আৰম্ভ হৈছে প্ৰস্তুতি । মুখাশিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰত ইতিমধ্যে ৰাসৰ বাবে মুখা নিৰ্মাণৰ কাম আৰম্ভ হৈছে । ৰাস বুলি কোৱাৰ লগে লগেই পোন প্ৰথমে সকলোৰে মনলৈ আহে সত্ৰ নগৰী মাজুলীৰ ছবিখন । ৰাস আৰু মাজুলীৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক । লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই পূৰ্ণোদ্য়মে আৰম্ভ হয় ৰাসৰ প্ৰস্তুতি ।

নগাঁৱৰ ৰাস শুৱনি কৰিব মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই (ETV Bharat Assam)

ৰাসৰ এই সময়ছোৱাত মাজুলীলৈ আগমন হয় দেশী-বিদেশী লাখ লাখ পৰ্যটকৰ । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ । কৃষ্ণৰ বাঁহীৰ অমিয়া সুৰ, খোল-তাল, কৃষ্ণ বন্দনাৰে মুখৰিত হয় মাজুলীৰ আকাশ-বতাহ । প্ৰতিবাৰৰ দৰে এইবছৰো মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু ১২ খনকৈ সত্ৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ । বান-বাৰিষাৰ সকলো দুখ-দুৰ্দশা পাহৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱক লৈ ।

Mask artists of Sri Sri Samaguri Satra busy for Preparation of Raas
নগাঁৱৰ ৰাস শুৱনি কৰিব মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই (ETV Bharat Assam)

ৰাসৰ এই সময়ছোৱাত মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ কিয়নো ৰাসৰ এই সময়ছোৱাত সত্ৰৰ মুখাশিল্পীসকল ৰাস মহোৎসৱত ব্যৱহৃত হ’বলগীয়া মুখা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে । এই চামগুৰি সত্ৰত তৈয়াৰ কৰা মুখা ৰাসত প্ৰদৰ্শনৰ বাবে মাজুলীৰ লগতে অসমৰ বিভিন্ন প্রান্তলৈ যায় ।

এই বছৰৰ নগাঁৱৰ ৰাস শুৱনি কৰিব মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই । ৰাসৰ বাবে নগাঁও জিলাৰ কলিয়াবৰলৈ ইতিমধ্যে মাজুলীৰ চামগুৰি সত্ৰৰ পৰা নিয়া হৈছে মুখা । মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীয়ে জনোৱা মতে, আন বছৰৰ তুলনাত এই বছৰৰ মুখা নিৰ্মাণৰ কাম আগতীয়াকৈ আৰম্ভ হৈছে । তেওঁলোকে জনোৱা মতে ইতিমধ্যে ৰাসৰ মুখা চামগুৰি সত্ৰৰ পৰা নগাঁৱলৈ নিয়া হৈছে । চামগুৰি সত্ৰৰ মুখাশিল্পী হাতৰ পৰশত প্ৰাণ পাই উঠিছে এই মুখা ।

Mask artists of Sri Sri Samaguri Satra busy for Preparation of Raas
নগাঁৱৰ ৰাস শুৱনি কৰিব মাজুলীৰ চামগুৰি সত্ৰৰ মুখাই (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী মুখাশিল্পীয়ে কয়, "চামগুৰি সত্ৰৰ শিল্পীসকলৰ যোগেদি এইবোৰ মুখা প্ৰস্তুত কৰিছো । নগাঁও জিলাৰ কলিয়াবৰৰ পৰা এইবোৰ বিচাৰিছে । বকাসুৰ,অঘাসুৰ আৰু ময়ূৰ এই তিনিটা মুখা প্ৰস্তুত কৰিছো ।"

লগতে পঢ়ক:ভাদ মাহত একেবাৰেই নকৰিব এই কাম অন্যথা হ’ব ডাঙৰ লোকচান! - BHADRA MONTH RULES

উশাহত হৰিনাম, বতাহত হৰিনাম ! পৱিত্ৰ ভাদমাহ সোমাল, নাম-প্ৰসংগৰে মুখৰিত ৰাজ্য় - HOLY VADRA MONTH