ETV Bharat / state

এখন ব্যতিক্ৰমী বিয়া: দাম্পত্য জীৱন আৰম্ভ হ'ল বট-আহতৰ - TREE MARRIAGE IN BASKA

বিয়া বুলিলেই উদুলি-মুদুলি ৰভাতলী ৷ পিচে আপুনি ভবাৰ দৰে তেজ-মঙহৰ দৰা-কইনা নাই এইখন বিয়াত ।

An exceptional Marriage in Baksa
বাক্সাৰ মুছলপুৰত এখন ব্যতিক্ৰমী বিবাহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2025 at 2:48 PM IST

2 Min Read

বাক্সা: এখন ব্যতিক্ৰমী বিবাহ ৷ সামাজিক ৰীতি-নীতি অনুসৰিয়েই সম্পন্ন হৈছে বিয়াখন । আয়তিৰ মংগলধ্বনি, বেণ্ডপাৰ্টীৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে উদুলি-মুদুলি ৰভাতলী ৷ এই ৰভাতলীত কোনোবাই যদি ৰন্ধা-বঢ়াত ব্য়স্ত হৈছে, আন কোনোবাই আকৌ বিয়া বুলি এসাঁজ খাইছে জুতি লগাই ৷ বিয়ানাম জুৰি আয়তীসকলে পুখুৰীৰ পৰা তুলিছে পানী । সকলোৰে ব্য়স্ততাৰ অন্ত নাই ।

দৰা-কইনা একেখন গাঁৱৰে । পিচে আপুনি সততে দেখি অহা বিয়া বুলি ভুল নকৰিব ৷ আপুনি চাগে ভাবিছে এয়া বৰষুণৰ বাবে ৰাইজে আয়োজন কৰা ভেকুলী বিয়া ৷ ৰ'ব কৈয়েই দিছো- এইখন ভেকুলীৰ বিয়া নহয় । সম্পূৰ্ণ ধৰ্মীয় ৰীতি-পৰম্পৰা তথা বৈদিক নীতিৰে সম্পন্ন কৰা হৈছে এইখন বিশেষ বিয়া । কিন্তু এই বিয়াৰ দৰা-কইনা কোন জানেনে ? আমি আজি দুজোপা গছৰ মাজত হোৱা বিয়াৰ কথাহে ক’বলৈ ওলাইছো । বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী লক্ষ্মীপুৰ 'এ' ব্লকৰ পৈণত দুজোপা গছৰ মাজত সম্পন্ন হয় বিবাহকাৰ্য । লক্ষীপুৰ 'এ' ব্লকৰ সকলোৰে চিনাকি বট গছ আৰু আহত গছ দুজোপাই লাভ কৰিলে দাম্পত্য জীৱন ।

মুছলপুৰৰ ব্যতিক্ৰমী বিয়াখন (ETV Bharat Assam)

দৰা-কইনাক আশীৰ্বাদ দিবলৈ বিবাহস্থলীত উপস্থিত হয় বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ সহস্ৰাধিক লোক । পানীতোলাৰে পৰা আৰম্ভ কৰি নিয়ম-নীতি একোৱেই বাকী ৰখা হোৱা নাই এই বিয়াখনত । বিভিন্ন ব্যঞ্জনেৰে ভোজনস্থলীত আপ্যায়ন কৰা হৈছে নিমন্ত্ৰিত অতিথিসকলক । স্বাভাৱিকতে মুছলপুৰৰ সমীপৱৰ্তী লক্ষ্মীপুৰ এ-ব্লকৰ এই বিবাহ অনুষ্ঠানটোৱে এক বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "ৰাইজৰ মংগল কামনাৰে এজোপা বট গছ আৰু এজোপা আহত গছৰ মাজত বৈদিক নিয়মেৰে বিবাহ সম্পন্ন কৰিছো । পৰম্পৰা অনুসৰি যেতিয়া বট গছ আৰু আহত গছ লগ লাগে তেতিয়া দুয়োজোপা গছৰে বিবাহ সম্পন্ন কৰি দিব লাগে ৷ "

লগতে পঢ়ক:লেঙেৰীলৈ আহকচোন এবাৰ... চাই যাওক গুলপীয়া পাতৰ আঁহতজোপা - DIBRUGARH VIRAL TREE

গছত আবিৰ্ভাৱ হ'ল ভগৱান, সেৱা ল'বলৈ ভক্তৰ দীঘলীয়া শাৰী - SUPERSTITION IN JORHAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.