ETV Bharat / state

অনন্ত ধামলৈ যাত্ৰা সাংবাদিক ৰাতুল ডেকাৰ: ভগ্ন হৃদয়, অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় গুণমুগ্ধৰ - ETV Bharat Reporter accident case

Last tribute to Ratul Deka : এটা কলমৰ ভাষা শেষ হ'ল । সমাজৰ বাবে মাত মতা এটা কণ্ঠ ৰুদ্ধ হ'ল । খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈ নিজেই খবৰৰ শিৰোনাম হ'ল ই টিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকা । ঘৰৰ পৰা বাইক লৈ ওলাই গৈ নিথৰ দেহ হৈ উভতিল । মৰিগাঁৱত এতিয়া এসাগৰ শোকৰ বুকুভগা বিননি । শোকত ম্ৰিয়মাণ পৰিয়াল, মৰিগাঁৱৰ সংবাদ মহল তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান । নীৰৱে উচুপিছে ই টিভি ভাৰতৰ পৰিয়ালবৰ্গই ।

Last Tribute to Ratul Deka
ৰাতুল ডেকাক অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় গুণমুগ্ধৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2024 at 4:54 PM IST

|

Updated : August 28, 2024 at 10:12 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও/ধিং, ২৮ আগষ্ট : 'মৃত্যুওতো এটা শিল্প... কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য' ! হীৰুদাৰ এই শব্দৰ লালিত্য আওৰাব গৈয়ো যেন বাৰে বাৰে থমকি ৰ'বলগা হয় । সকলোৱে জানো মৃত্যু চিৰন্তন সত্য । কিন্তু সেয়া জানো আমি ইমান সোনকালে মানি ল'ব পাৰো ! যেনেদৰে আমি পাহৰিব পৰা নাই আমাৰ সতীৰ্থ ৰাতুল ডেকাৰ অকাল প্ৰস্থান !

সাংবাদিক ৰাতুল ডেকাক অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় গুণমুগ্ধৰ (ETV Bharat Assam)

সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকা । ইটিভি ভাৰতৰ জন্মলগ্নৰে পৰা মৰিগাঁও জিলাৰ পৰা সেৱা আগবঢ়াই অহা সাংবাদিক ৰাতুল ডেকা মঙলবাৰে নিশাও এক খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈ নিজেই হৈ পৰিল বাতৰিৰ শিৰোনাম । সঁচাকৈয়ে এয়া নিয়তিৰ বৰ নিষ্ঠুৰ পৰিহাস !

Last Tribute to Ratul Deka
সাংবাদিক ৰাতুল ডেকাৰ চিতাত শ্ৰদ্ধা নিবেদন মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ (ETV Bharat Assam)

ঘৰৰ পৰা বাইকেৰে ওলাই যোৱা সাংবাদিক ৰাতুল ডেকা নিথৰ দেহ হৈ উভতিল ঘৰলৈ । মঙলবাৰে নিশা প্ৰায় 10 বজাত এক বাতৰিৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল ৰাতুল ডেকা । কিন্তু দুৰ্ভাগ্যজনকভাৱে তাৰ কিছু সময় পাচতেই ৰাজপথতেই উদ্ধাৰ হয় তেওঁৰ ৰক্তাক্ত দেহ । মুমূৰ্ষু অৱস্থাত স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় । কিন্তু শেষ ৰক্ষা নহ'ল । চিকিৎসকে তাত তেওঁক মৃত ঘোষণা কৰে ।

আনহাতে, পথ দুৰ্ঘটনাতেই সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু হোৱা বুলি একপ্ৰকাৰ নিশ্চিত হৈছে মৰিগাঁও আৰক্ষী । ইফালে নিশাতেই সাংবাদিক ৰাতুল ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ মৰিগাঁও জিলাৰ লগতে ইটিভি ভাৰতৰ পৰিয়ালতো পৰে গভীৰ শোকৰ ছাঁ । বুধবাৰে পুৱা ৰাতুল ডেকাৰ মৃতদেহ মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ অন্তত সাংবাদিক, সমাজকৰ্মী ৰাতুল ডেকাৰ নশ্বৰ দেহ লৈ যোৱা হয় মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ ।

সদৌ অসম ছাত্ৰ সন্থাৰো প্ৰাক্তন নেতা তথা সাংবাদিক ৰাতুল ডেকাৰ নশ্বৰ দেহত ছাত্ৰ সন্থাৰ সদস্যসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাচত মৰিগাঁও বিহুতলিত সাংবাদিকগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বিভিন্নজনে ।

মৰিগাঁও তিৱা কাউঞ্চিলৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ, মৰিগাঁও জিলা আৰক্ষীৰ হৈ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰ, ই টিভি ভাৰত, অসমৰ পৰিয়ালৰ হৈ নগাঁৱৰ সাংবাদিক ৰকিবুল ওৱাহিদ, ধিঙৰ সংবাদদাতা ছাইফুল ইছলাম, প্ৰশাসন কৰ্মচাৰী সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, মৰিগাঁও জিলা সাহিত্য সভা, বিহুতলি উন্নয়ন সমিতি, মৰিগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সাংবাদিক পৰিষদ মৰিগাঁও, মৰিগাঁও সাংবাদিক সমাজে জ্ঞাপন কৰে শেষ শ্ৰদ্ধা ।

তাৰ পাছতেই মৰিগাঁও জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়লৈ লৈ যোৱা হয় সাংবাদিক ৰাতুল ডেকাৰ নশ্বৰ দেহ । সাংবাদিক সন্থাৰ কাৰ্যালয়ত মৰিগাঁও জিলা সাংবাদিক সন্থা, মৰিগাঁও গাড়ীচালক সন্থায়ো তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

উল্লেখ্য যে প্ৰায় 25 বছৰ কাল সংবাদ সেৱাৰ সৈতে জড়িত ৰাতুল ডেকা বিগত সময়ত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল । সাংবাদিকগৰাকীৰ এই অকাল মৃত্যুত জিলাখনৰ সংবাদ মহলৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু - Journalist of ETV Bharat Dies
লগতে পঢ়ক :টেংকাৰ চালকক ধনদাবী কৰি গ্ৰেপ্তাৰ আটাছুৰ নেতা-কৰ্মী - ATASU Leader Arrested
Last Updated : August 28, 2024 at 10:12 PM IST