ETV Bharat / state

চাবি ১০ কোছা, ATM card ৩ খন, চশমা ৮ যোৰ, স্কাৰ্ফ ১৩ খন... ! আপোনাৰো কিবা হেৰাইছে নেকি ?

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ অনুসন্ধান কক্ষত আছে নেকি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ? অধিৱেশনলৈ অহা কোনে কি এৰি গ’ল ...

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 10:50 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত লাখ লাখ ভক্তৰ সমাগমেৰে উখল-মাখল হৈ থকা যোৰহাটৰ ম’হবন্ধাৰ এৰালতলি পথাৰ এতিয়া নিজম পৰিছে ।

চাৰিওপিনে বিৰাজ কৰিছে নিস্তব্ধতাই । অধিৱেশনৰ অন্তত অশ্ৰুসিক্ত নয়নেৰে এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰিলে ভক্তসকলে । কিন্তু থাকি গ'ল কিছু স্মৃতি আৰু প্ৰয়োজনীয় সা-সামগ্ৰী ।

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

কাৰণ লাখ লাখ ভক্তৰ সমাগম ঘটা এৰালতলি পথাৰত ভিৰৰ মাজত বহুতৰে বহু প্ৰয়োজনীয় সামগ্ৰী হেৰাই গৈছিল । উক্ত প্ৰয়োজনীয় সামগ্ৰীসমূহ পোৱা ভক্তপ্ৰাণ ৰাইজে এৰালতলি পথাৰত থকা বিভিন্ন অনুসন্ধান কক্ষত সেইবোৰ জমা দিছিল । এতিয়া সেইবোৰ অনুসন্ধান কক্ষতে জমা হৈ আছে । যাৰ বাবে বিপাঙত পৰিছে অনুসন্ধান সমিতি ।

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

অনুসন্ধান কক্ষত জমা থকা ভকত বৈষ্ণৱৰ সামগ্ৰীসমূহ লৈ যাবলৈ অনুসন্ধান কক্ষৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল । কিন্তু বৃহৎ এলেকা আৱৰি থকা অধিৱেশনস্থলীৰ অনুসন্ধান কক্ষৰ পৰা উক্ত সামগ্ৰীবোৰ নিবলৈ সক্ষম হোৱা নাছিল ভকত বৈষ্ণৱে ।

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

ফলত বৰ্তমান উক্ত সামগ্ৰীসমূহ অনুসন্ধান আৰু যোগাযোগ উপ-সমিতিৰ ওচৰত আছে । যদি আপোনাৰো কিবা সামগ্ৰী আছে তেন্তে সংশ্লিষ্ট সমিতিৰ সৈতে যোগাযোগ কৰি সংগ্ৰহ কৰিব পাৰে ।

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত 'অনুসন্ধান কক্ষ'ত জমা হৈ থকা সামগ্ৰীসমূহ হৈছে:

(১) গামোচা ৬২ খন

(২) মহিলাৰ মানিপাৰ্চ ২৭টা

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

(৩) সৰু পাৰ্চ ১৩টা

(৪) চশমা ৮ যোৰ

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

(৫) ৰূপৰ চেইন এডাল

(৬) টৰ্চ এটা

(৭) ৰুমাল দুখন

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

(৮) PAN card এখন

(৯) আধাৰ কাৰ্ড দুখন

(১০) ATM card ৩ খন

(১১) বঁটাৰ ওপৰত পাৰি দিয়া কাপোৰ এখন

(১২) Body oil এটা

(১৩) বাইক আৰু ঘৰৰ চাবি ১০ কোছা

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

(১৪) মহিলাৰ ঘড়ী ৪টা

(১৫) হেলমেট এটা

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

(১৬) এডিডাছ বেগ এটা

(১৭) জেকেট দুটা

(১৮) স্কাৰ্ফ ১৩ খন

(১৯) মাফলাৰ ৬খন

(২০) টুপী ৪টা

(২১) চুৱেটাৰ ৪টা

Sankardev Sangha Jorhat session
অনুসন্ধান কক্ষত জমা থকা সামগ্ৰী (ETV Bharat Assam)

(২২) চেলেং ৭খন

(২৩) ৰিহা এখন

(২৪) মেখেলা এখন

(২৫) সৰু জেকেট এটা

(২৬) সৰু বেগ এটা

(২৭) মাকো এটা

উল্লেখ্য যে ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ।

লগতে পঢ়ক :শংকৰ সংঘৰ যোৰহাট অধিৱেশন; দুচকুত আৱেগৰ ধল বোৱাই বিদায় মাগিলে সেৱা বাহিনীয়ে - SANKARDEV SANGHA JORHAT SESSION
লগতে পঢ়ক :বাৰেৰহণীয়া শোভাযাত্রাৰে উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ - SANKARADEV SANGHA JORHAT SESSION