ধেমাজি: একালত জনসাধাৰণৰ সমস্যাৰ হকে ৰাজপথত আন্দোলন কৰা জাতীয়তাবাদী সংগঠনৰ এজন নেতাই আৰম্ভ কৰিলে এক ব্যতিক্ৰমী অৰ্থনৈতিক বিপ্লৱ । সংগঠনৰ দায়িত্ব এৰিলেও সলনি নহ’ল জাতীয়তাবাদী চিন্তাধাৰা । নিজৰ কৰ্মৰ মাজেৰে প্ৰতিফলিত কৰাৰ চেষ্টা চলালে জাতীয়তাবাদৰ ভাৱধাৰা ।
কিয় বাচি ল'লে এই পথ:
শিপাক খামোচ মাৰি তেওঁ পুনৰ গাঁৱৰ চহা ৰাইজৰ কথা চিন্তা কৰি আৰম্ভ কৰিলে অন্য ধৰণেৰে বাঁহ-বেতৰ সামগ্ৰীৰ ব্যৱসায় । কিয়নো প্ৰশিক্ষণৰ অবিহনেই বাঁহ-বেঁতৰ সুনিপুণ কৰ্ম কৰি গাঁৱৰ শিল্পীসূলভ মনৰ অধিকাৰী মানুহখিনিয়ে কাম কৰিয়ো নাপায় উচিত মূল্য । বজাৰলৈ বাঁহ-বেতৰ সামগ্ৰী আনে যদি উচিত মূল্যৰ অভাৱত বিমুখ হৈ ঘৰমুৱা হোৱা নীৰৱে প্ৰত্যক্ষ কৰি আহিছিল তেওঁ । অৱশেষত ভবামতেই আনৰ দৰে নামী দামী দোকান দি ৰাতিটোৰ ভিতৰতে ধনী হোৱা স্বপ্ন পৰিত্যাগ কৰি এই চহা মানুহখিনিৰ জীৱন-জীৱিকাৰ লগত সংপৃক্ত হৈ তেওঁ জীয়াই থকা দূৰদৰ্শী চিন্তা কৰিলে ।
তাৰেই ফলশ্ৰুতিত ঘৰৰ পদূলিতে সৰুকৈ আৰম্ভ কৰিলে বাঁহ-বেতৰ সামগ্ৰী বিক্ৰীৰ বিপণি । এই ব্যৱসায়ৰ লগত অসমীয়া পাকঘৰৰ পৰা হেৰাই যাব ধৰা বাঁহ-বেতৰ সামগ্ৰী পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ বাবেও তেওঁ চিন্তা কৰা বুলি উল্লেখ কৰে । এই বিশেষ ব্যক্তিগৰাকী হ'ল ধেমাজি নগৰৰ বাসিন্দা চিন্ময় শৰ্মা । বাঁহ-বেতৰ শিল্প কেন্দ্ৰ নামৰ বিপণিখন এতিয়া ধেমাজি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি শংকৰদেৱ নিকেতনৰ সন্মুখৰ পদপথলৈ সম্প্ৰাসৰণ কৰা হৈছে ।

গছৰ ডালত ওলমিছে সৰু-বৰ ডলা-চালনী:
বিপণিখনৰ সন্মুখতে থকা গছৰ ডালত ওলোমাই থোৱা আছে ফলমূলৰ দৰে সৰু-বৰ ডলা, চালনী, খৰাহি আদি । তদুপৰি বিপণিখনত উপলব্ধ, জাপি, মুঢ়া, চোফা, চকী আদি বিধে বিধে বাঁহ-বেতৰ পৰা প্ৰস্তুত কৰা আধুনিক আৰু বিপন্ন সামগ্ৰীসমূহ ।
ৰঙালী বিহুৰ বাবে মেটমৰা সামগ্ৰী উভৈনদী:
আগন্তুক ৰঙালী বিহুৰ বাবে প্ৰতিজন গ্ৰাহকলৈ শুভেচ্ছা জনাই নাচনী আৰু ঢুলীয়াৰ বাবে প্ৰয়োজনীয় বিধে বিধে সামগ্ৰী সাজু কৰিছে চিন্ময় শৰ্মাই । মাটিৰ সুতুলি, বাঁহী, সৰু-ডাঙৰ গগনা, টকা (সৰু-ডাঙৰ) আদি । গগনা-টকা আদি পাইকাৰী বিক্ৰীৰ বাবেও মজুত ৰাখিছে শৰ্মাই ।

চিন্ময় শৰ্মা ২০১৩-২০১৭ বৰ্ষলৈকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰো দায়িত্বত অধিষ্ঠিত আছিল । কিন্তু ২০১৭ বৰ্ষতে সংগঠনৰ দায়িত্বৰ পৰা অব্যাহতি লৈ আৰম্ভ আৰম্ভ কৰিলে বাঁহ-বেতৰ সামগ্ৰীৰ ব্যৱসায় । ই টিভি ভাৰতৰ আগত তেওঁ কয়, “মই জাতীয়তাবাদ কৰিছিলো ২০১৭ৰ আগত । এতিয়া মই ব্যৱসায়ী হিচাপে জড়িত হৈ পৰিছো । সকলোৱে ভাল ভাল ব্যৱসায় কৰে, মই ভাবিলো গাঁৱৰ মানুহখিনিক কেনেকৈ আগুৱাই নিব পাৰি ?"

তেওঁ লগতে কয়, "কথাটো এনেকুৱা- গাঁৱৰ মানুহ এজনে বহুত কষ্ট কৰি এখন ডলা বনাই আনে । বজাৰত সেই মতে মতে দাম নাপায় । ঘৰৰ আগতে সাপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ অহা গাঁৱৰ ব্যৱসায়ীসকলক লক্ষ্য কৰি থাকোতে মনলৈ আহিল আৰু এনেকুৱা এখন দোকান খুলিম বুলি আগবাঢ়িলো ২০১৭ চনৰ পৰা । গাঁৱত বাঁহ-বেতৰ সামগ্ৰী যি হেৰাই গৈছে তাক বনাবলৈ যত্ন কৰিছিলো । গাঁৱৰ জ্যেষ্ঠজনক সেইমতে বনাবলৈ দিওঁ । কেৱল ইমানেই নহয়, দুই এখন স্কুলত ছাত্ৰ-ছাত্ৰীসকলক বাঁহ-বেতৰ শিল্পকৰ্মৰ ওপৰত প্ৰশিক্ষণও দিছো ।"

আনহাতে বিহুৰ বতৰত ব্যৱসায়ৰ সম্পৰ্কত তেওঁ কয়, “বিহুৰ সময়ছোৱাত মাৰ্কেট কৰিলে যিটো টকা পাম সেইটোৰে আগন্তুক বাৰিষাৰ চাৰিমাহ সময়ত ব্যৱসায় মন্দা অৱস্থা হোৱাৰ সময়তো গাঁৱৰ মানুহবিলাকে সামগ্ৰী বনায়ে থাকিব পাৰে । তাৰ বাবে পইচা যদি দিব নোৱাৰো তেওঁলোকে বহি দিব । গতিকে কষ্ট কৰি মেলাই মেলাই গৈ বিক্ৰী কৰোগৈ । ইয়াৰ পৰা সংগ্ৰহ হোৱা ধন সেই মানুহখিনিক দি সামান্য পইচাৰে মই চলো । এনেদৰে এতিয়া মোৰ লগতে গাঁৱৰ এশ-ডেৰশ মানুহ পৰোক্ষভাৱে চলাই আছো ।"

গ্ৰাহকৰ প্ৰসংগত শৰ্মাই কয়, "একাংশ মানুহে খুব দৰদাম কৰে, বেয়া লাগে । মই দুখীয়া মানুহখিনিৰ কাৰণে কৰি আছো । সিহঁতক মই পইচা দিব লাগিব । মোক সিমান নালাগে । এতিয়া এখন ঘৰতে ৪/৫জন সদস্য থাকিলে সকলোৱে সামগ্ৰী তৈয়াৰ কৰে । ঘৰে ঘৰে গাড়ী এখন পঠিয়াই দিওঁ । সকলোৱে দি পঠায় । কিছুমান লোকে বাছতো সামগ্ৰী পঠিয়াই দিয়ে । ধেমাজিৰ উপৰিও বৰদলনি, মাছখোৱা, জোনাই আদিলৈ পাইকাৰী দৰতো প্ৰেৰণ কৰো ।"
এই পৰ্যন্ত চৰকাৰী কোনো সুবিধা আৰু বেংকৰ ঋণ অবিহনেই কষ্ট কৰি গাঁৱৰ মানুহক এই বাঁহ-বেতৰ শিল্পকৰ্মটোক জীয়াই ৰখাৰ লগতে হাতৰ কৰ্মক ধৰি ৰাখি পৰিয়াল চলিবলৈয়ো সকাহ দি অহা জাতীয়তাবাদী প্ৰাক্তন নেতা চিন্ময় শৰ্মাৰ কৰ্মৰাজf নিঃসন্দেহে প্ৰশংসাৰ যোগ্য ।