ETV Bharat / state

আজিৰ অসমৰ বিত্তীয় উত্তৰণৰ মূল সূত্ৰধাৰ মনমোহন সিং: নীলমণিসেন ডেকা - MANMOHAN SINGH AND ASSAM

অসমে সন্মুখীন হোৱা বিত্তীয় সংকটৰ পৰা ৰাজ্যখনক প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কেনেদৰে উদ্ধাৰ কৰিছিল ?

Manmohan Singh and Assam
আজিৰ অসমৰ বিত্তীয় উত্তৰণৰ মূল সূত্ৰধাৰ মনমোহন সিং: নীলমণিসেন ডেকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 27, 2024 at 9:02 PM IST

4 Min Read

গুৱাহাটী : “যোৱাটো শতিকাৰ শেষৰ দশকটোত অসমে সন্মুখীন হোৱা বিত্তীয় সংকটৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰি বিকাশৰ বাটলৈ অনাৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ আছে অপৰিসীম ভূমিকা ।” প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ দেহাৱসানত এইদৰে মন্তব্য় কৰে এসময়ৰ তৰুণ গগৈ চৰকাৰৰ বিত্তমন্ত্ৰীৰ দায়িত্ব বহন কৰা এগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন কংগ্ৰেছীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দেহাৱসানে সমগ্ৰ দেশৰ লগতে শোকৰ ছাঁ পেলাইছে অসমতো ৷

২৮ বছৰ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদৰূপে থকা ড৹ মনমোহন সিঙৰ অৰ্থনৈতিক সংস্কাৰে ৰাজ্যখনত পেলাইছিল প্ৰভূত প্ৰভাৱ । তেওঁৰ সাংসদ পুঁজিৰ সদব্যৱহাৰক লৈ চিৰবিদায় পৰত সকলোৱেই সুঁৱৰিছে ।

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা (ETV Bharat Assam)

এই প্ৰসংগত অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনত ড৹ মনমোহন সিঙৰ এজেণ্টৰ দায়িত্ব পালন কৰা প্ৰাক্তন মন্ত্ৰী তথা ৰাজনীতিক নীলমণিসেন ডেকাই কয়,“ ভাৰতীয় অৰ্থ ব্যৱস্থাত ড৹ মনমোহন সিঙৰ উৰ্বৰ নীতিৰ প্ৰভাৱ পৰাৰ সমান্তৰালভাৱে বিশেষ প্ৰভাৱ পৰিছিল অসমৰ অৰ্থনীতিত । অসমৰ অৰ্থনীতিৰ বিকাশত ড৹ মনমোহন সিঙৰ আছে বিশেষ ভূমিকা । ২০০১ চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ অসমত গঠন হৈছিল । কিন্তু তেতিয়া অসমৰ অৰ্থনৈতিক অৱস্থা এনেকুৱা বেয়া আছিল যে প্ৰথম অৱস্থাত তৰুণ গগৈৰ বাবে চৰকাৰখন চলোৱাটো টান আছিল । তাৰ পূৰ্বৰ অগপৰ প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিত্ত আয়োগৰ পৰা প্ৰাপ্য ধনখিনিও লাভ কৰা নাছিল । মাত্ৰ ১০০ কোটি টকাহে পাইছিলো । দৰমহা দিবলৈয়ো অসুবিধা হৈছিল ।”

তেওঁ পুনৰ কয়,“ধৰ্মানুষ্ঠানলৈ ধন আবণ্টনৰ কেতিয়াও পক্ষপাতি নাছিল । তাৰ পৰিৱৰ্তে সকলোৰে বাবে যাতে সুচল শিক্ষা গ্ৰহণৰ সুবিধাপ্ৰাপ্ত হয় তাৰ বাবে তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল ৷ বিদ্যালয়ৰ আন্তঃগাথনি আৰু বিদ্যালয়গৃহ নিৰ্মাণত সাংসদ পুঁজিৰ সুপ্ৰয়োগ যাতে হয় তাৰ বাবে তেওঁ আছিল বিশেষভাৱে সচেতন । ২০০৪ চনত ড৹ মনোমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ৷ তাৰ পিছতেই আমি বিত্তীয় আয়োগৰ পৰা প্ৰায় ১৫০০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিলো ৷ ২০১৪ চনত ড৹ মনমোহন সিঙৰ সদিচ্ছাৰ বাবেই ২১,০০০ কোটি টকা পাবলৈ সক্ষম হৈছিলো । ইয়েই অসমৰ বাবে বিকাশৰ বাট মুকলি কৰি দিলে ৷"

আজিৰ অসমৰ বিত্তীয় উত্তৰণৰ মূল সূত্ৰধাৰেই হৈছে মনমোহন সিং :

ড৹ মনমোহন সিঙক আজিৰ অসমৰ বিত্তীয় উত্তৰণৰ মূল সূত্ৰধাৰ আখ্যাৰে একালৰ জ্যেষ্ঠ কংগ্ৰেছীগৰাকীৰ মন্তব্য, “মই কিছুকাল ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে আছিলো । মুখ্যমন্ত্ৰীৰ ওচৰতো বহুদিন আছিলো । তেওঁৰ লগতো মোৰ কেইবাবাৰো লগ পোৱাৰ সুযোগ আৰু সুবিধা হৈছিল । আজিৰ অসমৰ বিত্তীয় উত্তৰণৰ মূল সূত্ৰধাৰেই হৈছে ড৹ মনমোহন সিং । যেতিয়াই তৰুণ গগৈ চৰকাৰে বিত্তীয় বিষয় লৈ তেওঁৰ কাষ চাপিছিল, তেওঁ সদায়েই সহাৰি জনাইছিল।”

সাংসদ পুঁজিৰ সদব্যৱহাৰৰ ওপৰত যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী সদা সচেতন আছিল সেই কথাও সুঁৱৰি নীলমণিসেন ডেকাই কয়, “কেৱল চহৰৰ লতাশিল আদি দুই-এখন বিদ্যালয়তে সাংসদ পুঁজি দিয়া নাছিল তেওঁ । গাঁৱৰ বহু স্কুল নিৰ্মাণৰ বাবে তেওঁ সাংসদ পুঁজিৰ অনুদান দিছিল । মই নিজেই বহু বিদ্যালয়ৰ বাবে তেওঁৰ পৰা অনুদান আনি দিছিলো । শিক্ষানুষ্ঠানৰ বাবে অনুদান আগবঢ়োৱাৰ ক্ষেত্ৰত সদায় আগ্ৰহী আছিল । মন্দিৰ-মছজিদ আদিলৈ ধন আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁ আগ্ৰহী নাছিল । তাৰ পৰিৱৰ্তে দুখীয়া আৰু অনুন্নত অঞ্চলৰ বিদ্যালয়ৰ প্ৰতি অনুদান আগবঢ়োৱাৰ প্ৰতিহে তেওঁ আগ্ৰহী আছিল ।”

লগতে পঢ়ক:অসম চুক্তি ৰূপায়ণত মনমোহন সিঙে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা - MANMOHAN SINGH AND ASSAM

কি হয় Respiratory disease যাৰ ওচৰত হাৰ মানিলে ড৹ মনমোহন সিঙে ? কিমান বিপদজনক এই ৰোগ - RESPIRATORY DISEASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.