ETV Bharat / state

১৮ বাৰকৈ ৰক্তদান কৰা এইগৰাকী মহিলাই কৰিব মৰণোত্তৰ অংগদান

চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতেই এদিন এটা ঘটনাৰ বাবে মনত অংকুৰিত হৈছিল ৰক্তদান কৰাৰ বীজ ।

Assam woman pledges organ donation
১৮ বাৰকৈ ৰক্তদান কৰা মণীষা ৰাজকুমাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 9:59 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: ১৮ বাৰকৈ ৰক্তদান কৰা এগৰাকী মহিলা । আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এইগৰাকী মহিলাই কৰিলে মৃত্যুৰ পিছত অংগদান কৰাৰো অংগীকাৰ । নিজৰ সুস্বাস্থ্য়ৰ লগতে আন দহগৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ সদায় সাজু হৈ থকা মহিলাগৰাকী এই মহান কাৰ্যৰ সৈতে জড়িত হৈ পৰাৰ আঁৰত আছে এক কৰুণ কাহিনী । আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই মহিলাগৰাকীয়ে বৰ্ণনা কৰিলে এই কাহিনী ।

মৰিগাঁও জিলাৰ এইগৰাকী মহিলাৰ নাম মণীষা ৰাজকুমাৰী । জিলাখনৰ মাণিপুৰ গাঁৱত তেওঁৰ ঘৰ । এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত মহিলাগৰাকীৰ আছে এখন সুখৰ সংসাৰ । জীৱন সংগ্ৰামৰ মাজতেই তেওঁ সামাজিক কাম কৰি আনন্দ লাভ কৰে । এফালে পাৰিবাৰিক দায়িত্ব আৰু আনফালে কৰ্মজীৱনৰ ব্য়স্ততা । তাৰ মাজতো মহিলাগৰাকী থমকি ৰোৱা নাই কৰ্তব্য় পালনত ।

১৮ বাৰকৈ ৰক্তদান কৰা মণীষা ৰাজকুমাৰী (ETV Bharat Assam)

কিয় মনলৈ আহিল এই ধাৰণাটো :

এতিয়ালৈ ১৮ বাৰকৈ ৰক্তদানেৰে জীৱন ৰক্ষা কৰিছে বহুজনৰ । মনলৈ কিয় ৰক্তদান কৰাৰ দৰে মহান ধাৰণা এটাৰ সৃষ্টি হ'ল সেই সন্দৰ্ভত মণীষা ৰাজকুমাৰীয়ে কয়, "মই যেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলো তেতিয়া মোৰ মা এক জটিল ৰোগত আক্ৰান্ত হৈছিল যাৰ বাবে বহু পৰিমাণৰ তেজৰ প্ৰয়োজন হয় । কিন্তু সেই বিপদত কোনো ওলাই অহা নাছিল এটোপাল তেজ দিবলৈ । তেতিয়াই সেই ছাত্ৰী অৱস্থাতে ঠিৰাং কৰিছিলো যে মই ডাঙৰ হ'লে এনে বিপদৰ সময়ত আৰ্তজনৰ ওচৰত থিয় দিম আৰু এনেদৰে বৈবাহিক জীৱন আৰম্ভ কৰাৰ পিছৰে পৰা বৰ্তমানলৈ ১৮ বাৰ বিপদৰ সময়ত আৰ্তজনৰ ওচৰত থিয় দি সহায় আগবঢ়াইছো ।"

Assam woman pledges organ donation
১৮ বাৰকৈ ৰক্তদান কৰা মণীষা ৰাজকুমাৰী (ETV Bharat Assam)

বৰ্তমান মহিলাগৰাকী 'টীম হিউমেনেটি' নামৰ এটা ৰক্তদান সংস্থাৰ সৈতেও জড়িত হৈ আছে । কেৱল এয়াই নহয়, আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত আন হাজাৰজনৰ বাবে মণীষা ৰাজকুমাৰীয়ে দেখুৱাইছে এক নিদৰ্শন । আজি এই বিশেষ দিনটোত মণীষা ৰাজকুমাৰীয়ে মৃত্যুৰ পিছত তেওঁৰ শৰীৰৰ অংগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আজি মৰিগাঁও স্বাস্থ্য খণ্ডৰ পৰা মণীষা ৰাজকুমাৰীলৈ এখন প্ৰতিজ্ঞা প্ৰমাণ প্ৰদান কৰা হয় ।

লগতে পঢ়ক:সামাজিক কৰ্মৰ লগতে নিজৰ প্ৰতিভাৰে স্বাৱলম্বী এগৰাকী মহিলা - INTERNATIONAL WOMENS DAY

নাৰী তুমি অনন্যা : মিস্ত্ৰীৰ কাম কৰি দুই মহিলা ফুটবল খেলুৱৈয়ে কঢ়িয়াইছে জীৱনৰ গধূৰ মোনা - INTERNATIONAL WOMENS DAY 2025