পৰ্যটকৰ বাবে মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ।

Published : September 25, 2025 at 8:10 AM IST
বাক্সা : অসম তথা দেশ-বিদেশৰ পৰ্যটকৰ বাবে সুখবৰ । পৰ্যটকৰ বাবে মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান । বুধবাৰে ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখন । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে বি টি চিৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰই ।
এই উপলক্ষে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰৰ পৰা দ্বিতীয় তথা মুখ্য প্ৰৱেশদ্বাৰলৈ এক সজাগতা সমদল উলিওৱা হয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ পোহনীয়া হাতীবোৰে শাৰী পাতি এই সমদলত অংশগ্ৰহণ কৰা দৃশ্যই সকলোকে আকৰ্ষিত কৰে । ইফালে বন বিভাগৰ কৰ্মী আৰু স্থানীয় লোকসকলেও সমদলত অংশগ্ৰহণ কৰে । ইফালে ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ পূৰ্বে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয় । লগতে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত লোকসকলে ।
২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি সংবাদ মাধ্যমৰ আগত সুমন মহাপাত্ৰই কয়, "আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান । সকলো পৰ্যটকে নিজক সুৰক্ষিত ৰাখি সুন্দৰভাৱে মানাহ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰক । কিন্তু দায়িত্বশীলভাৱে আনন্দ উপভোগ কৰক । যাতে বন্য জীৱ-জন্তুৰ অসুবিধা নহয়, সেই কথা গুৰুত্ব দিয়ক । বন্য জীৱ-জন্তুৰ কথাও চিন্তা কৰক । কাৰণ বন্য জীৱ-জন্তুৰ সংৰক্ষণ আমাৰ প্ৰধান দায়িত্ব ।"

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি অনুষ্ঠানত মানাহ ব্যাঘ্ৰ প্ৰকল্প তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক ড৹ চি ৰমেশ, উপ ক্ষেত্র সঞ্চালক শশীধৰ ৰেড্ডী, বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে অংশগ্রহণ কৰে ।
লগতে পঢ়ক :ছবিখনৰ প্ৰতি তেওঁৰ বৰ হেঁপাহ আছিল: ৰৈ ৰৈ বিনালে সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গ

