ETV Bharat / state

একাকীত্ব নে আন কিবা কাৰণ ? সত্তৰোৰ্ধ্বৰ দম্পতীৰ চৰম সিদ্ধান্তত হতবাক সকলো

যেন এক বিশাল শূন্যতাই আৱৰি ৰাখিছিল মূৰত ৰূপোৱালী চুলিৰে বয়স লেখি লেখি সমাজ-পৰিয়ালৰ বাবে অহোপুৰুষাৰ্থ কৰা এই দম্পতীক !

sipajhar couple last decision
সত্তৰোৰ্ধ্বৰ দম্পতীৰ চৰম সিদ্ধান্তত দৰঙত তীব্ৰ চাঞ্চল্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 8:51 PM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ: সকলো থাকিও যেন একো নাই ! পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, ঘৰ-দুৱাৰ, সা-সম্পত্তি কি নাছিল তেওঁলোকৰ । কিন্তু এই সকলোবোৰ থাকিও যেন এক বিশাল শূন্যতাই আৱৰি ৰাখিছিল মূৰত ৰূপোৱালী চুলিৰে বয়স লেখি লেখি সমাজ-পৰিয়ালৰ বাবে অহোপুৰুষাৰ্থ কৰা এটা দম্পতীক । যাৰ বাবে হয়তো নিজহাতে গঢ়া ঘৰখনতে এক অনাহূত পৰিৱেশত, ৰহস্যৰ মাজত জীৱনৰ চৰম সিদ্ধান্ত ল'লে ছিপাঝাৰৰ সত্তৰোৰ্ধ্বৰ দম্পতীটোৱে ।

অৱশ্যে একাকীত্বত ভুগিয়ে নে অন্য সামাজিক-পৰিয়ালকেন্দ্ৰিক কাৰণত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ এতিয়া সমগ্ৰ দৰং জিলাতে চৰ্চা চলি আছে ।

সত্তৰোৰ্ধ্বৰ দম্পতীৰ চৰম সিদ্ধান্তত দৰঙত তীব্ৰ চাঞ্চল্য (ETV Bharat Assam)

ছিপাঝাৰৰ দেওমৰনৈৰ গড়গড়ীত বুধবাৰে পুৱা সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই এতিয়া সৰ্বত্ৰে জোকাৰণি তুলিছে । ৰহস্যজনক অৱস্থাত শোৱনিকোঠাত উদ্ধাৰ হয় বৃদ্ধ দম্পতীটোৰ নিথৰ দেহ । শোৱনিকোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ভদ্ৰ বৰুৱা (৭৫) আৰু জয়মতী বৰুৱাৰ (৭০) মৃতদেহ ।

জানিব পৰা মতে, ভদ্ৰ বৰুৱা আৰু তেওঁৰ পত্নী শংকৰ সংঘৰ শৰণ-ভজন লোৱা ব্যক্তি । কিন্তু মঙলবাৰে শাক্তপন্থীৰ গাঁৱৰ নামঘৰত আছিল জেঠুৱা সকাম ৷ সেই জেঠুৱা সকামত দুই পতি-পত্নীয়ে অংশগ্ৰহণ কৰিছিল ৷ সেয়ে নিশা দুয়োৱে শংকৰ সংঘৰ ভকত হৈয়ো শাক্তপন্থীৰ জেঠুৱা সকামত অংশগ্ৰহণ কৰাৰ বাবে অনুতপ্ত হোৱা বুলি একাংশ লোকে সন্দেহ কৰাৰ বিপৰীতে কোনো কোনোৱে নিসংগতাৰ বলি হৈয়ে দুই পতী-পত্নীয়ে চৰম পন্থা বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে কৰ্মসূত্ৰে ভদ্ৰ বৰুৱাৰ তিনি পুত্ৰ আৰু পৰিয়াল ঘৰৰ বাহিৰত থাকে । বৰপুত্ৰ মথুৰা বৰুৱা গাঁৱৰে আন এটা প্ৰান্তত সুকীয়া ঘৰত বাস কৰাৰ লগতে এছ এছ বিত কৰ্মৰত মাজুপুত্ৰ শৰৎ বৰুৱা থাকে মঙলদৈত । আনহাতে, সৰুপুত্ৰ দিলীপ বৰুৱা কৰ্মসূত্ৰে গুজৰাটত থাকে । তেওঁলোকৰ লগত কণাৰ লাখুঁটি হিচাপে থাকে কেৱল দুই নাতিনী ।

ইফালে দুই পতী-পত্নীৰ এনেধৰণৰ মৃত্যুত বৃহত্তৰ দেওমৰনৈ অঞ্চলত শোকৰ ছাঁ পৰে ।

আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ দৰঙৰ উপ-আৰক্ষী অধীক্ষক ৰ'জী তালুকদাৰে সাংবাদিকৰ আগত কয়, "মৃতদেহ দুটাৰ অৱস্থিতি চাই বিশেষ সন্দেহজনক একো নাই । আমি ওচৰ-চুবুৰীয়াৰ লগত কথাবাৰ্তা পাতিছোঁ । পুত্ৰ-নাতিনীৰ লগতো কথা পাতিছোঁ । তেওঁলোকৰ ৭ জন ল'ৰা-ছোৱালী আছিল । সকলো নিজৰ নিজৰ কৰ্মত ব্যস্ত । ইয়াত দুগৰাকী নাতিনীৰ সৈতে থাকে । কেইবা মাহৰ পৰা তেওঁলোক হতাশাত ভোগাৰ তথ্য পাইছোঁ । সেই কাৰণে এনে পদক্ষেপ ল'ব পাৰে ।"

উল্লেখ্য যে দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দনজ্যোতি বৰাসহ স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :আৰ চি বিৰ বিজয় উৎসৱত অঘটন: পদপিষ্ট হৈ ১১ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৩৩ গৰাকী আহত - STAMPEDE IN RCB CELEBRATIONS
লগতে পঢ়ক :শ্বিলং ফুৰি আহি ঘৰ নাপালেহি, আদবাটতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অধিবক্তাই - ROAD ACCIDENT IN RI BHOI DISTRICT