কোনে কাকজান বনাঞ্চলত গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ?
পুৱা এগৰাকী সতীৰ্থই ঘৰৰ পৰা মাতি নিছিল সুব্ৰত তাঁতীক; তাৰ পাছতেই গুলীবিদ্ধ হৈ মৃত্যু হয় সুব্ৰত তাঁতীৰ ৷ ঘটনাক লৈ কাকজানত ৰহস্য ৷

Published : December 22, 2024 at 10:46 PM IST
তিনিচুকীয়া: তিনিচুকীয়া: কোনে গুলী কৰি হত্যা কৰিলে সুব্ৰত তাঁতীক ? কি গুলী, কোন সুব্ৰত তাঁতী ? আচলতে আজি পুৱাৰ ভাগত তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ কাকজান বনাঞ্চলত কোনো লোকে গুলীয়াই হত্যা কৰা এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ মৃত গুলীবিদ্ধ লোকজন কাষৰীয়া গাঁৱৰ বাসিন্দা ৩৫ বছৰীয়া সুব্ৰত তাঁতী বুলি চিনাক্ত কৰা হৈছে ।
মৃত সুব্ৰত তাঁতীৰ পৰিয়ালৰ লোকে কয়, "আজি পুৱা প্ৰায় ৭ বজাত স্থানীয় ঢাপল মৰাণ নামৰ এজন লোকে সুব্ৰত তাঁতীক ঘৰৰ পৰা মাতি নিছিল ৷ ক’লৈ গৈছে ঘৰত কৈ যোৱা নাছিল । কিন্তু তাৰ দুই ঘণ্টামানৰ পাছতে এগৰাকী সতীৰ্থই ঘৰলৈ ফোন কৰি কয় যে সুব্ৰত তাঁতীৰ হাতত গুলী লাগিছে । তাৰ পাছত বনাঞ্চলত আহি দেখা পাই যে সুব্ৰত তাঁতীৰ গুলীয়ে বুকু ভেদি গৈছে আৰু ইতিমধ্যে মৃত্যু হৈছে সুব্ৰত তাঁতীৰ । কিন্তু ফোনযোগে খবৰ দিয়া সতীৰ্থগৰাকীৰ নাই কোনো যোগাযোগ, কোনো সন্ধান নাই সতীৰ্থৰ । গতিকে উক্ত ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে মৃতকৰ পৰিয়ালক সাহায্য আগবঢ়ালৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।"
ইফালে স্থানীয় আন চাৰিজন যুৱকৰ সৈতে সুব্ৰত তাঁতীয়ে কাঠ ফালিবলৈ জংঘললৈ গৈছিল বুলিও চৰ্চিত হৈছে ৷ কিন্তু চাৰিওজন লোকেই সম্প্ৰতি পলাতক হৈ আছে৷
ইপিনে বন বিভাগলৈও উঠিছে অভিযোগৰ আঙুলি, বন বিভাগৰ কৰ্মীয়ে গুলীয়াই হত্যা কৰিছে নেকি সুব্ৰত তাঁতীক ! ইফালে ঘটনাস্থলীত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব সুব্ৰত তাঁতীৰ শৰীৰ ভেদ কৰা গুলী বন বিভাগৰ নে হস্তনিৰ্মিত বন্দুকৰ ।
লগতে পঢ়ক: পিষ্টলসহ গ্ৰেপ্তাৰ; কাক হত্যাৰ পৰিকল্পনা কৰিছিল ৰোহিতে ?

