হাতী খেদিবলৈ যাওতেই ঘটিল এক হৃদয় বিদাৰক ঘটনা
কেতিয়াবা হাতীৰ আক্ৰমণত মানুহৰ মৃত্য়ু আৰু আন কেতিয়াবা মানুহে আক্ৰমণ কৰিছে বন্য়হস্তীক ।

Published : February 12, 2025 at 10:11 PM IST
নলবাৰী: ৰাজ্য়ত মানৱ-বন্য়হস্তীৰ সংঘাতে ধাৰণ কৰিছে গুৰুতৰ ৰূপ । এই সংঘাত প্ৰতিৰোধৰ বাবে বন বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ মাজতেই আজি সংঘটিত হৈছে এক কৰুণ ঘটনা । গঞা ৰাইজক বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ যোৱাৰ সময়তেই প্ৰাণ হেৰুৱালে এজন অস্থায়ী বনকৰ্মীয়ে । নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তৰ ভেৰভেৰীত বন্যহস্তী খেদিবলৈ গৈ মৃত্যুক সাৱটিলে ৰবীন মেধি নামৰ এজন অস্থায়ী বনকৰ্মীয়ে । এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন বনকৰ্মী । হাতী খেদি থাকোতেই বনকৰ্মীলৈ চোঁচা লৈছিল বন্যহস্তীয়ে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
পুনৰ বন্যহস্তীয়ে চোঁচা লৈছে নলবাৰী অভিমুখে । বাক্সা নলবাৰী জিলাৰ সীমান্তত বন্যহস্তীক ৰোধিবলৈ বন বিভাগে নিতৌ চলাই আছে হাতী খেদা অভিযান । দুয়োখন জিলাৰ সীমান্তত বনকৰ্মীয়ে জনাঞ্চলত প্ৰৱেশত বন্যহস্তীক ৰোধি থাকোতে বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ।
ঘটনাৰ বিৱৰণি অনুসৰি নলবাৰী-বাক্সাৰ সীমান্তৱৰ্তী ভেৰভেৰীত দুটা হাতীয়ে বাক্সাৰ পৰা নলবাৰী জিলাত প্ৰৱেশ কৰিবলৈ আগুৱাই আহিছিল । তেনে সময়তেই উক্ত অঞ্চলটোত নিয়োজিত নলবাৰীৰ বন বিভাগৰ দল এটিয়ে হাতী দুটাক বাক্সা অভিমুখে খেদিবলৈ লওতে বনকৰ্মীৰ ফালে চোঁচা লয় । তাৰ পিছতে বনকৰ্মীসকলে প্ৰাণ বচোৱাৰ উদ্দেশ্যে হাতীৰ আগে আগে দৌৰে যদিও এজন স্থায়ী আৰু আন এজন অস্থায়ী বনকৰ্মী হাতীৰ আক্ৰমণৰ সন্মুখীন হয় । তাৰ পিছতে ঘটিল সেই শোকাৱহ ঘটনাটো ।
বন্যহস্তীৰ আক্ৰমণত অস্থায়ী বনকৰ্মীজন থিতাতে নিহত হোৱাৰ লগতে স্থায়ী বনকৰ্মী জন গুৰুতৰভাৱে আহত হয় । নিহত ৰবীন মেধিৰ ঘৰ নলবাৰী জিলাৰ ভদ্ৰবঙ্গালত বুলি জানিব পৰা গৈছে । আনহাতে, গুৰুতৰভাৱে আহত বনকৰ্মীজনৰ পৰিচয় বৰ্তমানো জানিব পৰা হোৱা নাই । আহত বনকৰ্মীজনক ইতিমধ্য়ে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি হাস্পতালত ভৰ্তি কৰোৱা হৈছে । এই সন্দৰ্ভত নিহত লোকজনৰ সৈতে হাতী খেদিবলৈ যোৱা এজন বনকৰ্মীয়ে কয়,"আমি হাতী খেদি গৈ আছিলো । হাতী দুটাই আমাৰ ফালে চোঁচা লোৱাত আমি পলাবলৈ চেষ্টা কৰোতেই অস্থায়ী বনকৰ্মীজন আক্ৰমণ কৰে । পিচত আমি আন বনকৰ্মীৰ সৈতে ঘটনাস্থলীলৈ গৈ তেওঁৰ মৃতদেহটো প্ৰত্য়ক্ষ কৰো ।"
উল্লেখ্য় যে দীৰ্ঘদিন ধৰি নলবাৰী জিলাৰ উত্তৰ অঞ্চল তথা বাক্সা সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ । হাতী খেদিবলৈ বন বিভাগে নিতৌ চেষ্টা চলাই আহিছে যদিও আজি এই কৰুণ ঘটনাটো সংঘটিত হয় ।

