ETV Bharat / state

গুৱাহাটী চাঞ্চল্যকৰ হত্যাকাণ্ড; বন্ধুৱে হত্যা কৰিলে বন্ধুক

আৰক্ষী সূত্ৰ অনুসৰি, অভিযুক্ত ৰফিকুল ইছলামে বন্ধু ৰিয়াজ আলীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে । বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃতদেহ ।

MAN HELD FOR KILLING FRIEND
গুৱাহাটী চাঞ্চল্যকৰ হত্যাকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 4, 2025 at 11:24 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰীৰ গড়চুকৰ বাঠোপুৰি । হত্যাকাণ্ড সংঘটিত হোৱাৰ চাৰিদিনৰ পাছত পোহৰলৈ আহে এই ঘটনা । ইয়াৰ পাছতেই মৃতদেহ বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত । ইপিনে সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে অভিযুক্তটো ।

জানিব পৰা মতে, মঙলবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ড । বন্ধুৱে বন্ধুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে সমগ্ৰ ঘটনা পোহৰলৈ আহে বৃহস্পতিবাৰে পুৱা । আৰক্ষী সূত্ৰ অনুসৰি, অভিযুক্ত ৰফিকুল ইছলামে বন্ধু ৰিয়াজ আলীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ।

গুৱাহাটী চাঞ্চল্যকৰ হত্যাকাণ্ড (ETV Bharat Assam)

ঘটনাৰ বিৱৰণি মতে, মঙলবাৰে নিশা দুই বজাত ৰিয়াজ আলীক হত্যা কৰি পিছত বস্তাত বান্ধি নিশাই গড়চুকৰ বাহিনী নৈত পেলাই দিয়ে বন্ধু ৰফিকুল ইছলামে । তাৰ পিছত সেই স্থানৰ পৰা পলায়ন কৰে ৰফিকুলে । পিছত সেই অট্টালিকা বনাই থকা স্থানৰ মাটিৰ মালিকে ৰিয়াজ আলী আৰু ৰফিকুল ইছলামে নিশা কাজিয়া কৰি নিৰুদ্দেশ হোৱা বুলি গড়চুক থানাত খবৰ দিয়ে ।

Man Held for killing friend
ৰফিকুল ইছলাম (ETV Bharat Assam)

সেই খবৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বুধবাৰে নিশা দুই বজাত দক্ষিণ শালমাৰাৰ পৰা ৰফিকুলক গ্ৰেপ্তাৰ কৰে । ৰফিকুল লগে লগে আৰক্ষীয়ে জেৰা চলাই আৰু আৰক্ষীৰ জেৰাত বৃহস্পতিবাৰে পুৱা ৰফিকুলে ৰিয়াজ আলীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ।

Man Held for killing friend
ৰিয়াজ আলী (ETV Bharat Assam)

ৰফিকুলৰ স্বীকাৰোক্তিৰ ভিত্তিত গড়চুক আৰক্ষীয়ে আজি পুৱাৰে পৰা এন ডি আৰ এফৰ সহযোগত মৃতদেহ বিচাৰি বাহিনী নৈত অভিযান চলাই যদিও বৰ্তমানলৈ তেওঁলোকে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Man Held for killing friend
মৃতদেহ বিচাৰি বাহিনী নৈত অভিযান (ETV Bharat Assam)

ইফালে এই ঘটনাৰ পিছতে সমগ্ৰ মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে । কিয়নো মৃত ৰিয়াজ আলী আৰু ৰফিকুল ইছলাম বন্ধু আছিল । দুই বন্ধু মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল । হঠাৎ কিহৰ বাবে ৰফিকুলে নিজ বন্ধুক হত্যা কৰিলে সেই কথা পোহৰলৈ অহা নাই যদিও ধনৰ বাবে হত্যা কৰাৰ অভিযোগ মৃত ৰিয়াজৰ ভাতৃৰ ।

অভিযোগ অনুসৰি ধনৰ বাবে মৃত ৰিয়াজৰ পত্নী পৰিয়ালৰ লগত লগ লাগি ৰফিকুলে সংঘটিত কৰিলে এই কাণ্ড । মৃত ৰিয়াজৰ ভাতৃয়ে কয়, "মোক আৰক্ষীয়ে জনোৱা মতে মঙলবাৰে নিশা দুই বজাত মোৰ ভাতৃক হত্যা কৰি নলাত পেলাই দি ৰফিকুল পলাই যায় । পিছত আৰক্ষীয়ে মোক যোৱা নিশা দুই বজাত ভাতৃৰ মৃত্যুৰ খবৰ ফোনযোগে জনায় । আজি ৰাতিপুৱাই মই থানত আহি খবৰ লও যদিও মৃতদেহ উদ্ধাৰ হোৱা নাই । আৰক্ষীয়ে বিচাৰি আছে । কিয় হত্যা কৰিলে মই গম পোৱা নাই আৰক্ষীয়ে মোক জনোৱা মতে যদিও কিবা ঠিকাৰ কামৰ টকা-পইছাৰ বাবে ৰিয়াজৰ পত্নীৰ ভায়েক লগত মিলি হত্যা কৰিলে ।"

Man Held for killing friend
গুৱাহাটী চাঞ্চল্যকৰ হত্যাকাণ্ড (ETV Bharat Assam)

আনফালে আন একাংশৰ মতে দুই বন্ধুৰ মাজত ঠিকাৰ পইচাক লৈ হৈছিল সংঘাত । সেয়ে ৰফিকুলে হত্যা কৰিলে ৰিয়াজক । যিয়েই নহওক, আৰক্ষীৰ তদন্ত পিছতহে পোহৰলৈ আহিব সমগ্ৰ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ ।

লগতে পঢ়ক : খাৰঘূলিৰ হত্যাকাণ্ডৰ নতুন মোৰ : কেয়াৰটেকাৰ নহয়, এইজন ব্যক্তি আছিল হত্যাৰ মাষ্টাৰমাইণ্ড...

৭২ বছৰীয়া অকলশৰীয়া মহিলাক হত্যা কৰিলে কোনে ?

মাজনিশা ৱাল বগাই প্ৰৱেশ কৰে ঘৰত, তাৰ পাছত... খাৰঘূলিৰ অকলশৰীয়া বৃদ্ধাৰ হত্যাকাণ্ডৰ সবিশেষ জনালে উপ-আৰক্ষী আয়ুক্তই