ETV Bharat / state

নাম নাৰায়ণ..... পিছে কুকীৰ্তিয়ে লাজত পেলালে সমগ্ৰ মানৱ জাতিটোকে ! এক অকল্পনীয়, অমানৱীয় কাণ্ড

নাম নাৰায়ণ পিছে কৰিলে এনে এটা কাম যিটো শুনিলে আপুনি খং নিয়ন্ত্ৰণ কৰাটো টান হ’ব ৷ মানুহে এনেকুৱা এটা কাম কৰিব পাৰে বিশ্বাস নহয় ৷

Morigaon dog rape case
নাৰায়ণৰ কুকীৰ্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 6, 2025 at 4:49 PM IST

4 Min Read
Choose ETV Bharat

মৰিগাঁও : মানৱ সমাজক লজ্জানত কৰিবলগা এটা ঘটনা । কিমান নিকৃষ্ট মানসিকতাৰ, কিমান অতৃপ্ত যৌন ক্ষুধাৰ, কিমান জিঘাংসাৰ বশৱৰ্তী হ'লে এনে কাম কৰিব পাৰে সেয়া ভাবিবলৈও লাজ লাগে । কিন্তু তেনে ঘটনায়ে সংঘটিত হৈছে ৰাজ্যত । যাৰ বাবে প্ৰতিগৰাকী ৰাজ্যবাসী আজি লাজত, ক্ষোভত ফাটি পৰিছে ।

অবোধ জন্তুৰ ওপৰত জীৱ শ্ৰেষ্ঠৰ যৌন নিৰ্যাতনৰ দৰে জঘন্য ঘটনা । এইখন অসমৰে মৰিগাঁৱত এজন মানৱ নামধাৰীয়ে সংঘটিত কৰিছে এনে এক জঘন্য কাণ্ড । আজি আমি আপোনাক ক’বলৈ আগবাঢ়িছোঁ এনে এক আমানৱীয় কাণ্ডৰ বিষয়ে, যিয়ে সভ্য সমাজক লজ্জানত কৰিছে ৷

পোহনীয়া কুকুৰকো নেৰিলে নিজৰ বিকৃত যৌন ক্ষুধাৰ পৰা (ETV Bharat Assam)

হয়তো এনে কথা শুনিলে যিকোনো মানুহৰে আত্মাই কান্দি উঠিব ৷ মানুহৰ কিমান বিকৃত মানসিকতা থাকিব পাৰে তাৰ জ্বলন্ত প্ৰমাণ এই ঘটনা, যাৰ বিষয়ে ক’বলৈ যাওঁতে আমি নিজেই বিব্ৰত আৰু লজ্জাৰ সন্মুখীন হৈছোঁ ৷

মানুহে নিজৰ বিকৃত যৌন কামনা চৰিতাৰ্থ কৰিবলৈ মহিলাৰ সৈতে কৰা অপৰাধৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰাটো আমি দেখি আহিছোঁ ৷ কিন্তু নিজৰ বিকৃত যৌন ক্ষুধা নিবাৰণৰ বাবে পোহনীয়া কুকুৰক ব্যৱহাৰ কৰাৰ দৰে এক গাৰ নোম শিয়ৰি উঠা ঘটনাও যে ঘটিব পাৰে সেয়া চাগে সভ্য সমাজৰ বাবে কল্পনাৰো অগোচৰ ৷

দুৰ্ভাগ্যজনকভাৱে এই অমানৱীয় কাণ্ড সংঘটিত হৈছে এইখন অসমতে ৷ মালিকে নিজৰ পোহনীয়া কুকুৰৰ সৈতে অপকৰ্ম কৰাৰ এক চাঞ্চল্যকৰ কাণ্ডই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এগৰাকী ব্যক্তিয়ে বিগত ডেৰ বছৰ ধৰি নিজৰ ঘৰৰ তিনিটা পোহনীয়া কুকুৰৰ লগত সংঘটিত কৰি আহিছিল অপকৰ্ম ৷ তেওঁৰ এই নিৰ্লজ্জ কাণ্ডৰ দৃশ্য কোনোবা অজ্ঞাত ব্যক্তিৰ মোবাইলত গোপনে বন্দী হোৱাৰ পিছত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পৰিপ্ৰেক্ষিততেই পোহৰলৈ আহে এই সমগ্ৰ কথা ৷

পৰৱৰ্তী সময়ত পশু অধিকাৰ কৰ্মী, সংগঠন আৰু সচেতন ব্যক্তি তথা অসম আৰক্ষীৰ সক্ৰিয় ভূমিকাৰ ফলত কুকুৰকেইটাক উদ্ধাৰ কৰাৰ লগতে আটক কৰা হয় এই কাণ্ড সংঘটিত কৰা ব্যক্তিগৰাকীক ৷

এই ঘটনাৰ ভিডিঅ’ প্ৰচাৰৰ লগে লগে সৰৱ হৈ পৰিছিল কেইবাটাও পশুপ্ৰেমী সংগঠন ৷ তাৰে ভিতৰত Animal Crime Control নামৰ এটা সংস্থাই দোষীক কৰায়ত্ত কৰিবলৈ লাভ কৰা এটা Online অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰ কাষ চাপে ৷

তাৰ পিছতেই আৰক্ষীয়ে উক্ত ভিডিঅ'ৰ পমখেদি বিচাৰি উলিয়ায় ব্যক্তিগৰাকীৰ পৰিচয় আৰু ঠিকনা ৷ পৰৱৰ্তী সময়ত মৰিগাঁও চহৰৰ ন-ভেটিত মৰিগাঁও আৰক্ষী আৰু Animal Crime Control-ৰ এক যৌথ অভিযানৰ জৰিয়তে জনৈক নাৰায়ণ দাস নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় যৌন শোষণৰ সন্মুখীন হোৱা কুকুৰকেইটাক ৷ আটক কৰা হয় নাৰায়ণ দাসকো ৷

নিৰ্যাতিতা কুকুৰকেইটাক উদ্ধাৰ আৰু নাৰায়ণ দাসক আটক কৰাত আগভাগ লোৱা Animal Crime Control-ৰ প্ৰতিনিধিয়ে জনোৱা মতে, মৰিগাঁও চহৰৰ চিনাকি খাদ্য বিপণী নাৰু ৰেষ্টুৰেণ্টৰ স্বত্ত্বাধিকাৰী এই নাৰায়ণ দাস । নাৰায়ণ দাসে বিগত ডেৰ বছৰ ধৰি নিজৰ ঘৰৰ তিনিটা পোহনীয়া কুকুৰৰ লগত সংঘটিত কৰি আহিছিল অপকৰ্ম । নাৰায়ণ দাসৰ পুত্ৰই Animal Crime Control-ৰ সৈতে পূৰ্ণ সহযোগিতা কৰিব পিতৃৰ এই কু-কৰ্মৰ বিৰুদ্ধে ।

এগৰাকী বিষয়ববীয়াই কয়, "আমি গম পাইছোঁ যোৱাকালি এইটো অলৰেডী চলি আছিল । দেৱাঞ্জন মুখাৰ্জী তেখেতে চাই আছিল কেছটো । ডেৰ বছৰৰ পৰা এটা ছেক্সুৱেলী এবিউজড তিনিটা কুকুৰ হৈ আছে এজন মানুহৰ ঘৰত ইয়াতে মৰিগাঁৱত । আৰু এভিডেন্স নথকাৰ কাৰণে এইটো অলপ দেৰি হৈছিল । এতিয়া এভিডেন্স পোৱা গৈছে, ভিডিঅ' পোৱা গৈছে । আৰু ইমিডিয়েটলী আমাক আছাম পুলিচে হেল্প কৰিছে । ডি জি পি ছাৰে হেল্প কৰিছে । মৰিগাঁও পুলিচে আমাক যথেষ্টখিনি সহায় কৰিছে । তেওঁলোক আহিছে । এতিয়া কুকুৰকেইটা আমি যিটো অৱস্থাত পাইছোঁ তলামৰা ঘৰ এটাত বন্ধ কৰি থৈ গৈছে । যিজন ক্ৰিমিনেল হয়, যোনে ৰেপ কৰিছে, ছেক্সুৱেলী এবিউজ কৰিছে তেওঁক ধৰা হৈছে । এতিয়া আমি থানালৈ গৈ আছোঁ । এজাহাৰ দিয়া হৈছে ।"

আনহাতে, Animal Crime Control-ৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া অনুসৰি, পোহনীয়া কুকুৰ ধৰ্ষণ কৰা এইটো অসমৰ প্ৰথম ঘটনা ।

লগতে পঢ়ক :কৈ মৰিল শুকুৰ আলী ! কামাখ্য়া মন্দিৰ-লাচিত বৰফুকনৰ ইতিহাসত হাত দি আটক ভাইৰেল মেন - SHUKUR ALI DETAINED
লগতে পঢ়ক :মোক গালি পাৰি আছিল সেয়ে মাৰি পেলালো... - SENSATIONAL MURDER IN MORAN