ETV Bharat / state

বৃদ্ধাক হত্যা কৰি পুতি থলে শিলৰ দ'মত, গ্ৰেপ্তাৰ মৌলবী

মহানগৰীৰ মাজমজিয়াত পুনৰ নৃশংস হত্যাকাণ্ড । এদিন পিচতহে উদ্ধাৰ মৃতদেহ ।

Brutal murder at panjabari in Guwahati
হত্য়া কৰি শিলৰ দ'মত পুতি থোৱা মহিলাগৰাকী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 9:22 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত সংঘটিত হৈ আছে এটাৰ পিচত আন এটা অপৰাধজনিত ঘটনা । বিগত তিনিমাহত পৰকীয়া প্ৰেমৰ বাবে মহানগৰীত সংঘটিত কেইবাটাও চাঞ্চল্য়কৰ হত্য়াকাণ্ডৰ পিচত এইবাৰ মহানগৰীৰ মাজমজিয়াতেই ঘটিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । অকলশৰীয়া মহিলাক হত্য়া কৰি পুতি থলে শিলৰ দ'মত । ঘটনাটো সংঘটিত হোৱাৰ এদিন পিচতহে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল মৃতদেহটো ।

মহানগৰীৰ পাঞ্জাবাৰীত ঘটিছে এই নৃশংস হত্যাকাণ্ডটো । পাঞ্জাবাৰীৰ ফখৰুদ্দিন আলি আহমেদ পথৰ ৰংপুৰ উপ-পথৰ গৃহ নং ৫ত ৭৫ বছৰীয়া এগৰাকী বৃদ্ধাক হত্যা কৰি পুতি থলে শিলৰ দ'মত। মৃত মহিলাগৰাকীৰ নাম শ্বায়েৰা চুলতানা । জানিব পৰা মতে, বহু বছৰ ধৰি অকলশৰে বসবাস কৰি আছিল বৃদ্ধাগৰাকী ।

গুৱাহাটীত নৃশংস হত্যাকাণ্ডৰ ঘটনা (ETV Bharat Assam)

এই সন্দৰ্ভত আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি যোৱা সোমবাৰে দুপৰীয়া ওচৰ-চুবুৰীয়াই ঘৰটোৰ পৰা চিঞৰ শুনি আৰক্ষীক খবৰ দিছিল । পিছত আৰক্ষীয়ে নিশা ঘটনাস্থলীলৈ আহে যদিও একো খবৰ লাভ নকৰিলে । মঙলবাৰে পুনৰ আৰক্ষীয়ে ঘৰটোত অভিযান চলোৱাত ঘৰৰ ভিতৰত প্ৰথমে তেজৰ চেকুৰা দেখা পায় । ঘৰটোৰ পিছফালে এটা শিলৰ দ'মত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় বৃদ্ধাগৰাকীৰ মৃতদেহ ।

স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, এজন মৌলবীয়ে মহিলাগৰাকীক হত্যা কৰি এইদৰে পুতি থৈছে । সোমবাৰে অভিযুক্ত মৌলবীজনে প্ৰৱেশ কৰিছিল ঘৰটোত । CCTV ত বন্দী হৈছিল এই দৃশ্য । পিছত এই মৌলবীজনক পলাশবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "কালি দিনৰ ভাগৰ পৰাই নিৰুদেশ হৈ আছিল মহিলাগৰাকী । আৰক্ষীয়ে আজি দুপৰীয়াৰ ভাগত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মূল অভিযুক্তজনক পলাশবাৰী আৰক্ষীৰ সহযোগত আটক কৰা হয় । এখন দা আৰু বহু আপত্তিজনক সামগ্ৰী লাভ কৰিছে আৰক্ষীয়ে । মৃতদেহত আঘাটৰ চিন প্ৰত্য়ক্ষ কৰা হৈছে । ফৰেনচিক আৰু চিআইডিৰ দলে সকলো নমুনা সংগ্ৰহ কৰিছে ।’’

‘‘মূল অভিযুক্তকাৰী মহম্মদ আব্দুল আজিজ লস্কৰক লৈ অহা হৈছে দিছপুৰ থানালৈ । তেওঁৰ প্ৰকৃত ঘৰ হাইলাকান্দিত । তেওঁ এই অঞ্চলটোত প্ৰায় ৩০-৩৫ বছৰ ধৰি অহা-যোৱা কৰি আহিছিল । এই ঘৰটোতো তেওঁ অহা-যোৱা কৰি আছিল । আৰক্ষীৰ আগত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে কাৰী মহম্মদ আব্দুল আজিজ লস্কৰে । কিয় হত্যা কৰিলে সেই কথা তদন্তৰ পাছতহে পোহৰলৈ আহিব ।" মৃণাল ডেকাই কয় ৷

লগতে পঢ়ক:প্ৰেমিকে ডিঙি চেপি হত্যা কৰিছিল বিপ্লৱী নাথক: মৃণাল ডেকা - NEW FACTS ABOUT GIRL BODY FOUND

গান্ধীবস্তি হত্যাকাণ্ড; অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে নেকি প্ৰশাসনে ? - GUWAHATI MURDER CASE