ETV Bharat / state

১০০ৰো অধিক লোকবাদ্যৰে এজন যুৱকৰ সংস্কৃতি ৰক্ষাৰ সপোন - PRESERVATION OF FOLK INSTRUMENTS

যোৰহাটৰ এজন যুৱক । কৰি গৈছে সংস্কৃতি ৰক্ষাৰ নীৰৱ সাধনা । কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি জাতিটোক চহকী কৰাৰ সপোন যুৱকজনৰ । এক প্ৰতিবেদন ।

Making and preservation of lost folk instruments by Parth Pratim Neog
দীঘল পেঁপাটোৰ সৈতে পাৰ্থ প্ৰতীম নেওগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 24, 2025 at 9:35 PM IST

6 Min Read

যোৰহাট: জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে জীপাল অসম । প্ৰতিটো জনগোষ্ঠীৰে আছে সুকীয়া সুকীয়া বাদ্যযন্ত্ৰ । এইসকলোবোৰ সংৰক্ষণৰ বাবে সদাপ্ৰস্তুত যুৱ-প্ৰজন্ম । কিন্তু তাৰ মাজতো যেন পশ্চিমীয়া সংস্কৃতি তথা পশ্চিমীয়া বাদ্যযন্ত্ৰ প্ৰতি আকৰ্ষিত হৈছে নৱ-প্ৰজন্মৰ একাংশ । তেনে একাংশক লোক-সংস্কৃতি তথা লোক-বাদ্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাটৰ এজন উদ্যমী যুৱকে ।

ভৱিষ্যতৰ কথা চিন্তা কৰি কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বলত অসমৰ লোকবাদ্য আৰু হেৰাই যোৱা থলুৱা বাদ্য নিৰ্মাণত ব্যস্ত যোৰহাট সোণাৰী গাঁৱৰ উদ্যমী যুৱক পাৰ্থ প্ৰতিম নেওগ । চৰকাৰী চাকৰিৰ পাছত হাবাথুৰি নাখাই অসমীয়া সংস্কৃতিৰ ৰক্ষা স্বাৰ্থত লোকবাদ্যসমূহ নিৰ্মাণ কৰি অহাৰ লগতে নিখুঁত ভাৱে বাদ্যযন্ত্ৰসমূহ বজাবলৈ চেষ্টা কৰি আহিছে নেওগে ।

লোক সংস্কৃতিৰ সাধক পাৰ্থ প্ৰতীম নেওগ (ETV Bharat Assam)

ইফালে এই লোকবাদ্যসমূহৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈকো বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে লোক-সংস্কৃতিৰ সাধকগৰাকীয়ে । সংস্কৃতি পথাৰখনৰ পৰা হেৰাই যোৱা থলুৱা লোকবাদ্য নিৰ্মাণ কৰি পাৰ্থ প্ৰতিম নেওগে গঢ় দিছে এটা ক্ষুদ্ৰ উদ্যোগ তথা সংগ্ৰহালয় । এই ক্ষুদ্র উদ্যোগৰ জৰিয়তে এই লোকবাদ্য সংৰক্ষণত ব্ৰতী হৈ পৰিছে তেওঁ ।

পাৰ্থ প্ৰতিম নেওগে ইতিমধ্যে ১০০ৰো অধিক লোকবাদ্য নিৰ্মাণ কৰি উলিয়াইছে । তাৰ ভিতৰত দগৰ, একতাৰা, টোকাৰী, বীন, দোতাৰা, চেহনাই, খাম, পেঁপা, গগনা, সুতুলি, ঢোল, খোল, বাহী, মুৰুলী, ঢাক, দবা, টকা, মৃদং, শ্ৰীখোল, কৰতাল, নেগেৰা আদি । পাৰ্থ প্ৰতিম নেওগৰ হাতৰ পৰশত প্ৰাণ পাই উঠা লোকবাদ্য অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছে । এই বিশেষ সংগ্ৰহালয় তথা ক্ষুদ্ৰ উদ্যোগটোৰ নাম দিছে 'বাঁহী' ।

Making and preservation of lost folk instruments by Parth Pratim Neog
পাৰ্থ প্ৰতীম নেওগে নিৰ্মাণ কৰা বাঁহী আৰু অন্যান্য লোকবাদ্য (ETV Bharat Assam)

লোক সংস্কৃতি তথা লোক বাদ্যক প্ৰজন্মৰ পাছত প্ৰজন্মলৈ লৈ যোৱাৰ নীৰৱ চেষ্টাত ব্ৰতী পাৰ্থ প্ৰতীম নেওগে কয়, "যিখিনি লোকবাদ্য আছে সেয়া আমাৰ নিজৰ । যিহেতু জাতি আমাৰ, ভাষা আমাৰ, বাদ্য আমাৰ, কৃষ্টি আমাৰ, সংস্কৃতি আমাৰ গতিকে জীয়াই ৰখাৰ দায়িত্বও আমাৰ বুলি ভাবিছোঁ । সেইবাবে আমি উঠিপৰি লাগিছোঁ আৰু উঠি অহা প্ৰজন্মটোক পশ্চিমীয়া বাদ্যযন্ত্ৰ বিপৰীতে আমাৰ এই যিমানসমূহ লোকবাদ্য আছে সেইসমূহ জীয়াই ৰাখিবৰ বাবেই তেওঁলোকক আমি শিকাবৰ বাবে চেষ্টা কৰিছোঁ ।"

তেওঁ কয়, "শিকোৱা, বজোৱা আৰু বনোৱা আমি এই তিনিওটা দিশতে গতি কৰিছোঁ । এই বাদ্যসমূহক লৈ আমাৰ এক সপোন আছে । এই সপোনটোক বাস্তৱায়িত কৰাৰ বাবে আমি আচলতে এক আন্দোলন গঢ়ি তুলিছোঁ । কঠোৰ পৰিশ্ৰমৰ মাজৰে এক সাধনা কৰিবলৈ আৰম্ভ কৰিছোঁ ।"

পাৰ্থ প্ৰতীম নেওগে নিৰ্মাণ কৰা লোকবাদ্য (ETV Bharat Assam)

পশ্চিমীয়া বাদ্যযন্ত্ৰক প্ৰত্যাহ্বান নেওগৰ:

পশ্চিমীয়া বাদ্যযন্ত্ৰৰ বিপৰীতে কিদৰে লোকবাদ্যৰ প্ৰচাৰ-প্ৰসাৰ কৰিব পাৰি সেই সন্দৰ্ভত তেওঁ কয়,"আমি এই লোকবাদ্যসমূহ বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ । নতুন প্ৰজন্মই যিহেতু পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত বেছিকৈ হয় । সেয়ে আমি এক প্ৰত্যাহ্বান জনাই কামবোৰ কৰিবলৈ আৰম্ভ কৰিছোঁ ।"

পাৰ্থ প্ৰতীম নেওগৰ সংগ্ৰহালয় (ETV Bharat Assam)

পাৰ্থ প্ৰতিম নেওগে কয়,"আমি বনাইছোঁ অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ বাঁহৰ পেঁপা, অসমৰ ভিতৰতে আটাইতকৈ দীঘল একেলগে ১২ জনে বজাব পৰা বাঁহী, বাঁহৰেই দবা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ । চাৰে পাঁচ ফুট দীঘল ডবা নিৰ্মাণ কৰিছোঁ । যাতে উঠি অহা প্ৰজন্মই এই বাদ্যবোৰ দেখি আকৰ্ষিত হয়, আকৰ্ষিত হৈ এই লোকবাদ্যসমূহ শিকিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে ।"

কেনেকৈ হেৰাই যোৱা লোকবাদ্যসমূহ নিৰ্মাণ কৰিছে নেওগে:

হেৰাই যোৱা লোকবাদ্যসমূহ নিৰ্মাণৰ বাবে কি কি সমলৰ সহায় লৈছে নেওগে, সেই সন্দৰ্ভত তেওঁ কয়,"আমাৰ বাদ্যবোৰৰ কথা গানত কেতিয়াবা গোৱা শুনো । আমাৰ লহৰি নাচ এটা আছে, হুঁচৰিৰ অংশ, সেই লহৰিত বাদ্যযন্ত্ৰৰ কথা উল্লেখ আছে । লহৰিত উল্লেখ কৰা মিতং আৰু ধূতং এটা এটা বাদ্য । এই বাদ্যবোৰ আমাৰ উঠি অহা প্ৰজন্মই জানিব লাগিব । একেদৰে দগৰটো আমাৰ হেৰাই গৈছিল । হুঁচৰিত বীনখন আছিল, বীনখন হেৰাই গৈছে । সেইসমূহ জীয়াই ৰাখিবৰ বাবে আমি চেষ্টা কৰিছোঁ ।"

পাৰ্থ প্ৰতীম নেওগে নিৰ্মাণ কৰা ডাঙৰ দবা আৰু অন্যান্য সামগ্ৰী (ETV Bharat Assam)

চাকৰিমুখী নহৈ কিয় লোক সংস্কৃতিৰ সাধনাত ব্ৰতী হ'ল পাৰ্থ:

এই সন্দৰ্ভত লোক সংস্কৃতিৰ সাধকগৰাকীয়ে কয়,"অসমীয়া হিচাপে সৰুৰে পৰা বিহু প্ৰাণত আছে, তেজত বিহু আছে, বিহুৰ অনুষ্ঠানবোৰ সৰুৰে পৰা কৰি থাকোঁ । সৰুৰে পৰা বাদ্যবোৰ বজোৱাৰ হেঁপাহ আছিল । কোনোবাই বজাই থকা দেখিলে কিনিবলৈ মন যায়, বজাবলৈ মন যায় । তেতিয়া জুৰীয়া পেঁপা এজোৰো কিনিবলৈ অসমৰ্থ আছিলোঁ । আনৰ পৰা সুতলৈ পইচা লৈ মই জুৰীয়া পেঁপা এজোৰ কিনিছিলোঁ ।"

পাৰ্থ প্ৰতীম নেওগে নিৰ্মাণ কৰা জুৰীয়া পেঁপা (ETV Bharat Assam)

নেওগে কয়,"তেতিয়াই মই পণ লৈছিলোঁ, মই যিটো অভাৱ পাইছিলোঁ, সেই অভাৱটো আনেও পাব পাৰে । সেয়েহে মই এই বাদ্যসমূহ বনাবলৈ আৰম্ভ কৰিলোঁ । ২০০৪ চনৰ পৰাই এটা সপোন পুহি পুহি এটা অৱস্থাত উপনীত হৈছোহি । ২০০৪ চনত ১১ হাজাৰ টকাৰে এজোৰ পেঁপা কিনিছিলোঁ । কিন্তু আজি ২০২৫টো মই জুৰীয়া পেঁপা এজোৰ পিতল লগাইহে ১০ হাজাৰ টকাত বিক্ৰী কৰোঁ । এইটো ব'হাগতে মই ২৭ টা গুটীয়া পেঁপা মই বিনামূলীয়াকৈ অসমৰ বিভিন্ন জিলাত প্ৰদান কৰিছোঁ ।"

আমাৰ সংস্কৃতিটো ৰক্ষা কৰাৰ স্বাৰ্থতে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে পাৰ্থ প্ৰতীম নেওগে । উল্লেখ্য যে অসমীয়া কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু অসমৰ লোকবাদ্যৰ বিষয়ে নৱপ্ৰজন্মক বুজাই দিয়া আৰু শিকোৱাৰ বাবে যি সাধনা পাৰ্থ প্ৰতিম নেওগে কৰিছে সেয়া এটা জাতিৰ বাবে শুভক্ষণ বুলি উল্লেখ কৰিছে সাংস্কৃতিক মহলৰ বহুজনে ।

লগতে পঢ়ক: হেৰাই যাব ধৰিছে নেকি অম্বুবাচীৰ আধ্যাত্মিকতা ? কি কয় কৰ্তৃপক্ষই - AMBUBACHI 2025

মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি নীলাচলৰ বুকুত দেশী-বিদেশী ভক্তৰ ভিৰ - AMBUBACHI MAHAYOGA 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.