ETV Bharat / state

মাজুলীৰ চাপৰিত দুই ভাতৃৰ কৃষি বিপ্লৱ - SELF RELIANT WITH AGRICULTURE

দুই শিক্ষিত যুৱকে উৎপাদন কৰা ভোট জলকীয়াই ব্যাপক সমাদৰ লাভ কৰিছে ।

self reliant with agriculture
মাজুলীৰ চাপৰিত দুই ভাতৃৰ কৃষি বিপ্লৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 2:15 PM IST

3 Min Read

মাজুলী : বৰ্তমান সময়ত দেশত নিবনুৱা সমস্যা বৃদ্ধি পাইছে । যুৱ প্ৰজন্মই চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । বহু যুৱক-যুৱতী নিযুক্তিৰ সন্ধানত চহৰমুখী হৈছে । অসমৰ একাংশ যুৱক-যুৱতী সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছে । তেনে সময়তে গ্ৰামাঞ্চলৰ একাংশ যুৱক-যুৱতীয়ে কৃষিকৰ্ম আৰু পশুপালনৰ দৰে উদ্যোগ লৈ স্বাৱলম্বী হৈছে । তাৰ অন্যতম উদাহৰণ মাজুলীৰ দিপুল দাস আৰু ভাতৃ ভাস্কৰ দাস । দুয়ো ভাতৃয়ে চাকৰিৰ পিছত দৌৰিবলৈ এৰি কৃষিকৰ্মত জড়িত হৈ পৰিছে । কৃষিকৰ্মৰে নিজৰ লগতে কেইবাটাও পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি কৰিছে তেওঁলোকে ।

মাজুলীত শিক্ষিত যুৱকৰ কৃষিকৰ্ম

মাজুলীৰ চাপৰিত দুই ভাতৃৰ কৃষি বিপ্লৱ (ETV Bharat)

আচলতে চাকৰি বিচাৰি শিক্ষিত নিবনুৱাই হাবাথুৰি খোৱাৰ সময়তে মাজুলীৰ দুই ভাতৃয়ে নিজৰ কৰ্মৰে দেখুৱাইছে আদৰ্শ ৷ মাজুলীৰ গেজিং চাপৰিত দিপুল দাস আৰু ভাস্কৰ দাসে আৰম্ভ কৰিছে কৃষি বিপ্লৱ । গেজিং চাপৰিত দুই ভাতৃয়ে ৫ বিঘা মাটিত জলকীয়া খেতি কৰিছে । ইতিমধ্যে এই দুই ভাতৃয়ে কৰা জলকীয়াই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । মাজুলীৰ বিভিন্ন স্থানত তেওঁলোকে উৎপাদন কৰা জলকীয়া বিক্ৰী কৰিবলৈ সক্ষম হৈছে । ইফালে দুই ভাতৃক কৃষিকৰ্মত সহযোগ কৰিছে মাজুলীৰ অনন্ত নাথ নামৰ আন এজন লোকে । তেওঁলোকে উৎপাদন কৰা জলকীয়া এতিয়া মাজুলীৰ লগতে গুৱাহাটী, লখিমপুৰ, যোৰহাট আৰু অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰিবলৈ সাজু হৈছে । যাৰ বাবে তেওঁলোকৰ ব্যস্ততা বাঢ়িছে ।

এই সন্দৰ্ভত দিপুল দাসে কয়,"আমি জলকীয়া ছিঙি আছো । এতিয়ালৈ ২-৩ কুইণ্টলমান গৈছে । পাইকাৰী ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰি জলকীয়া দিয়া হৈছে । তৰমুজেও ভাল ফলাফল দিছে ।"

পৰিয়ালৰ সমৰ্থন

জানিব পৰা মতে প্ৰতি কিলোগ্ৰাম জলকীয়াত লাভ কৰিছে ৪০০ পৰা ৫০০ টকা । এই দুই যুৱকে ভোট জলকীয়াৰ লগতে তৰমুজ, বিলাহী, জিকা, তিয়ঁহৰ খেতি কৰিছে । যি খেতিয়ে ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । দুই ভাতৃ আজিৰ তাৰিখত আন ১০ জন নিবনুৱাৰ বাবে হৈ পৰিছে আদর্শ । তেওঁলোকৰ পিতৃয়ে জনোৱা মতে কৃষিৰ জৰিয়তে যে স্বাৱলম্বী হ'ব পাৰি সেই কথা নিজৰ ঘৰখনৰ পৰা শিকোৱা হৈছে । পিতৃয়ে জনোৱা মতে তেওঁৰ দুই পুত্ৰই এতিয়া স্বাৱলম্বী হ'বলৈ ভোট জলকীয়াৰ লগতে আন আন খেতি কৰিছে । ইতিমধ্যে তেওঁলোকৰ খেতিয়ে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে । তেওঁলোকে প্ৰায় ৬ টা পৰিয়ালক সংস্থাপনৰ পথ মুকলি কৰিছে ।

লগতে পঢ়ক :উদ্বেগজনক খবৰ, এইবাৰৰ বাৰিষাত কমকৈ বৰষুণ হ’ব অসমত - IMD MONSOON FORECAST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.