ETV Bharat / state

বৰপেটাৰোডত মাজুলীৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: ধৃত চাৰিজনক জে'ল হাজোতলৈ প্ৰেৰণ

বৰপেটাৰোডত ভাৰাতীয়া হিচাপে থকা মাজুলীৰ যুৱতীগৰাকীৰ পথৰ দাঁতিত মৃতদেহ পেলাই দিয়া ঘটনাৰ সৈতে জড়িত চাৰিগৰাকী লোকক জে'ল হাজোতলৈ প্ৰেৰণ ।

barpeta road murder case
বৰপেটাৰোডত মাজুলীৰ যুৱতীৰ ৰহস্যজনক মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 27, 2024 at 10:55 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটাৰোড: মাজুলীৰ যুৱতীৰ বৰপেটাৰোডত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ লগত জড়িত চাৰিগৰাকীকৈ লোকক কৰায়ত্ত কৰিছে বৰপেটাৰোড আৰক্ষীয়ে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা লোক চাৰিগৰাকী ক্ৰমে আন্না শীল, বিশাল শীল,অজিত ভগত আৰু উৰ্মিলা দেৱী ৷

মাজুলীৰ যুৱতীগৰাকীৰ সৈতে একেলগে ভাৰাতীয়া হিচাপে থকা এগৰাকী যুৱতীয়ে জনোৱা মতে, বৰপেটাৰোডৰ ছয় নম্বৰ ৱাৰ্ডৰ বাসিন্দা উৰ্মিলা দেৱীৰ ঘৰত কিছুদিন পূৰ্বে ভাৰাতীয়া হিচাপে আছিল মাজুলীৰ পপী হাজৰিকা ওৰফে দিশা হাজৰিকা নামৰ যুৱতীগৰাকী । পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে অইন ঠাইত ভাৰাতীয়া হিচাপে আছিল যদিও দেওবাৰে সন্ধিয়া পুনৰ উৰ্মিলা দেৱীৰ ঘৰত ভাৰাতীয়া হিচাপে থাকিবলৈ ৰূমৰ বন্দোৱস্ত কৰিবলৈ আহিছিল ৷

বৰপেটাৰোডত মাজুলীৰ যুৱতীৰ ৰহস্যজনক মৃত্যু (ETV Bharat Assam)

কিন্তু সেইসময়ত ঘৰৰ মালিকনী উৰ্মিলা দেৱী ঘৰত নথকা অৱস্থাত মাজুলীৰ যুৱতীগৰাকীৰ শৰীৰ অসুস্থ হৈ পৰে । পাছত উক্ত স্থানতেই থকা আন এগৰাকী চিনাকি যুৱতীৰ ৰূমত পপী হাজৰিকাই বিশ্ৰাম লয় । তাতেই যুৱতীগৰাকীয়ে হঠাতে মৃত্যুক আঁকোৱালি লয় ।

ইপিনে মাজুলীৰ যুৱতীগৰাকীৰ মৃতদেহ পথৰ দাঁতিত উদ্ধাৰ হোৱা ঘটনাৰ ক্ষিপ্ৰতাৰে তদন্ত কৰি বৰপেটাৰোড আৰক্ষীয়ে চাৰিগৰাকী লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । বৰপেটা আৰক্ষীৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, ঘৰৰ মালিকনী উৰ্মিলা দেৱীৰ ঘৰত মৃতদেহটো উদ্ধাৰ হ'লে বিপদত পৰাৰ আশংকা কৰি যুৱতীগৰাকীৰ মৃতদেহটো আটকাধীন লোককেইজনে দাঙি আনি শিমলাগুৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ কাষত পথৰ দাঁতিত জাবৰৰ মাজত পেলাই থৈ গৈছিল ৷ ইফালে বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰা চাৰিগৰাকী লোকক বুধবাৰে বৰপেটা জে'ল হাজোতলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে বৰপেটাৰোডৰ শিমালাগুৰিত মঙলবাৰে উদ্ধাৰ হৈছিল মাজুলীৰ পপী হাজৰিকা নামৰ এগৰাকী যুৱতীৰ মৃতদেহ । ৰাসৰ বাবে নিশালৈকে পথত ভিৰ থকাৰ পিছতো যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য়ৰ সৃষ্টি হয় ।

বৰপেটাৰোডৰ শিমালাগুৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ সমীপত পুৱা স্থানীয় লোকে এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্য়ক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । পথৰ দাঁতিত স্থানীয় লোকে পুৱা যুৱতীগৰাকীৰ মৃতদেহটো অসংযত অৱস্থাত প্ৰত্যক্ষ কৰি বৰপেটাৰোড আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ।

লগতে পঢ়ক :বৰপেটাৰোডত মাজুলীৰ যুৱতীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ
লগতে পঢ়ক :বেংগালুৰুৰ হোটেলত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ: প্ৰেমিকে হত্যা কৰাৰ সন্দেহ