ETV Bharat / state

৪৫ বছৰেই ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰিও ভাগৰি নপৰা এগৰাকী শিল্পী - RONGALI BIHU 2025

ঢকুৱাখনাৰ ফাট বিহুৰ পৰা আৰম্ভ কৰি ৰাজধানী দিল্লীলৈকে সকলোতেই ম'হৰ শিঙৰ পেঁপা বজাইছে নাকেৰে । পিছে আজিও নাপালে শিল্পী পেঞ্চন ।

Majuli artist Molan Das bussy for preparing Pepa
ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰাত ব্য়স্ত মোলান দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 7, 2025 at 1:47 PM IST

2 Min Read

মাজুলী: বিগত ৪৫ বছৰেই ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰি আহিছে এগৰাকী শিল্পীয়ে । ঢকুৱাখনাৰ ফাট বিহুত বিগত এটা দশকৰো অধিক সময় শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি আহিছে এইগৰাকী শিল্পীয়ে । দেশৰ ৰাজধানী চহৰ দিল্লীতো ম'হৰ শিঙৰ পেঁপা বজাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ ।

ৰঙালী বিহু আহিলেই এইগৰাকী শিল্পী ব্য়স্ত হৈ পৰে পেঁপা প্ৰস্তুত কৰাত । কাৰণ তেওঁ প্ৰস্তুত কৰা পেঁপাৰে বিহু মাৰিবলৈ অপেক্ষা কৰি থাকে বহুতো হুচৰি দল । তেওঁ কোন জানেনে ?

ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰাত ব্য়স্ত মোলান দাস (ETV Bharat Assam)

ব'হাগ বুলিলেই ব্যস্ততা বাঢ়ে সকলোৰে । ৰঙালী বিহু মানেই ম'হৰ শিঙৰ পেঁপাৰ মাত । গোণা ম'হৰ পেঁপাৰ মাতত কঁকাল ভাঙি নাচিবলৈ জাকি মাৰি ওলাই আহে নাচনী । বিহু যিমানেই ওচৰ চাপিছে, সিমানেই ব্যস্ততা বাঢ়িছে মাজুলীৰ ডেকা শেনচোৱা গাঁৱৰ মোলান দাস নামৰ শিল্পীগৰাকীৰ । কাৰণ তেওঁ প্ৰস্তুত কৰা পেঁপাৰে বিহুৰ আখৰা কৰিবলৈ অপেক্ষা কৰি আছে বহুতেই ।

Majuli artist Molan Das bussy for preparing Pepa
ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰাত ব্য়স্ত মোলান দাস (ETV Bharat Assam)

৪৫ বছৰ ধৰি পেঁপা প্ৰস্তুত কৰিছে মোলান দাসে

মোলান দাসে বিগত কেইবাবছৰ ধৰি ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰি আহিছে । মোলান দাসে প্ৰস্তুত কৰা ম'হৰ শিঙৰ পেঁপা মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আছে আদৰ ।

ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰি ব'হাগ বিহুৰ সময়ত প্ৰতি বছৰে প্রায় ৫০-৬০ হাজাৰ টকাৰ পৰা এক লাখ টকা লাভ কৰে বুলি উল্লেখ কৰি তেওঁ কয়, "বিগত ৪৫ বছৰ ধৰি পেঁপা প্ৰস্তুত কৰি আহিছো । মাজুলীৰ বিভিন্ন প্ৰান্তত পেঁপা বজাই বহুতো পুৰস্কাৰ লাভ কৰিছো । ঢকুৱাখনাৰ ফাট বিহুত ১৫-২০ বছৰ ধৰি মই পুৰস্কাৰ লাভ কৰি আহিছো । দিল্লীতো পেঁপা পৰিৱেশন কৰিছো" ।

নাকেৰেও বজাব পাৰে পেঁপা

বিভিন্ন ম'হৰ খুটিৰ পৰা তেওঁ ম'হৰ শিং গোটাই অনাৰ লগতে বিভিন্নজনে আনিও দিয়ে । তেওঁ উল্লেখ কৰা মতে, মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ ম'হৰ শিঙৰ পেঁপা নিছে । ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰাৰ লগতে তেওঁ পেঁপা বজোৱাতো পাৰ্গত । মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পেঁপা বজাই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে এইগৰাকী শিল্পীয়ে । মোলান দাসে ইতিমধ্যে মুখৰ লগতে নাকেৰেও পেঁপা বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:মটৰ মেকানিকৰ হাতৰ পৰশত কিৰিলী মাৰিছে ম'হৰ শিঙৰ পেঁপাই - BOHAG BIHU 2025

বাঁহীৰ সুৰত সাৰ পোৱা গাঁওখনলৈ যাওঁ আহক... - MORIGAON FOLK ARTIST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.