ৰাজ্যৰ আৰক্ষী বিভাগত ব্যাপক সালসলনি; সলনি হ’ল কেবাগৰাকীও বিষয়াৰ দায়িত্ব - Assam Police
Reshuffle in Assam Police: ৰাজ্যৰ আৰক্ষী বিভাগত বৃহৎ ৰহ-বদল কৰা হৈছে ৷ কেবাগৰাকীও বিষয়াক কৰা হৈছে বদলি ৷ বুধবাৰে এই সন্দৰ্ভত গৃহ বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হয় ৷

Published : September 18, 2024 at 9:37 PM IST
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: ৰাজ্যৰ আৰক্ষী বিভাগত পুনৰ ব্যাপক ৰদ-বদল কৰা হৈছে । সেই অনুসৰি চি আই ডিৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীক সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে উলুবাৰীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে ।
সেইদৰে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) অমিতাভ সিনহাক চি আই ডিৰ আৰক্ষী অধীক্ষকৰ (সংগঠিত অপৰাধ) পদলৈ বদলি কৰা হৈছে । ইফালে মৰিগাঁৱৰ বৰমণিপুৰস্থিত ১৬নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক সত্যজিৎ নাথক মানকাচৰৰ ২৬ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । আনহাতে চি আই ডিৰ আৰক্ষী অধীক্ষক ডম্বৰুধৰ হাজৰিকাক লামডিঙৰ ১৮ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।

আনহাতে ২৬ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক ডাঃ মানৱেন্দ্ৰ গগৈক সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (এ পি) পদত উলুবাৰী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে । ১৮ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক জাকিৰ হুছেইনক ১৬ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক পদলৈ বদলি কৰা হৈছে । ১৯ নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক গীতাশ্ৰী কোঁৱৰক তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে তিতাবৰলৈ বদলি কৰা হৈছে ।
তৃতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক নিত্য ৰঞ্জন চুতীয়াক টেঙাখাতৰ ১৯ নং আৰক্ষী বেটিলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । সেইদৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) ইফটাখেৰ আলীক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি (প্ৰ'টকল) হিচাপে বদলি কৰা হৈছে ।

ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি এই বৃহৎ ৰদ-বদল সন্দ্ভত বুধবাৰে গৃহ বিভাগে এক জাননী জাৰি কৰে ৷
লগতে পঢ়ক : তালাচীৰ সময়তে কিয় কৰা নাছিল শ্লীলতা হানিৰ অভিযোগ ? ক’লে নলবাৰীৰ অভিযোগকাৰীয়ে
আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক
চাইবাৰ প্ৰৱঞ্চকে আপোনাক কিদৰে জালত পেলাব পাৰে ? জানি লওক চাইবাৰ অপৰাধীৰ কৌশলসমূহ

