ETV Bharat / state

'ফেমিনা'ৰ বেটুপাতত অসম সন্তান মেজৰ ডাঃ দ্বীপান্বিতা কলিতা ! জানো আহক তেওঁৰ বিষয়ে

সেনা বাহিনীত বিশেষ পাৰদৰ্শিতাৰে অসমলৈ সন্মান বুটলিছে মেজৰ ডাঃ দ্বীপান্বিতা কলিতাই । 'ফেমিনা'ৰ বেটুপাতত স্থান লাভ ৰাজ্যৰ প্ৰথম মহিলা পেৰাট্ৰুপাৰগৰাকীৰ ।

Dwipannita Kalita
'ফেমিনা ইণ্ডিয়া'ৰ বেটুপাতত উজলিল অসম সন্তান মেজৰ ডাঃ দ্বীপান্বিতা কলিতা (X@AshokSinghal)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 12:09 PM IST

|

Updated : August 9, 2025 at 2:49 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : ভাৰতীয় সামৰিক বাহিনীত শেহতীয়াকৈ মহিলাই এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে । 'অপাৰেশ্যন সেন্দূৰ'কে ধৰি বিভিন্ন অভিযানত নেতৃত্ব দিছে মহিলাই । যাৰ বাবে বিশ্বজুৰি চৰ্চাও লাভ কৰিছে ভাৰতীয় মহিলাই । এইবাৰ বিশ্ব প্ৰসিদ্ধ আলোচনী 'ফেমিনা ইণ্ডিয়া'ৰ বেটুপাতত স্থান পালে ১০ গৰাকী ভাৰতীয় মহিলা বীৰাংগনাই । দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ স্মৃতিৰে প্ৰকাশিত আলোচনীখনৰ বিশেষ সংস্কৰণত 'অপাৰেশ্যন সেন্দূৰ'ৰ নেতৃত্ব দিয়া ছ'ফিয়া কুৰেশ্বীসহ ১০ গৰাকী মহিলা ভাৰতীয় বীৰাংগনা জিলিকিছে । অসমবাসীৰ বাবে গৌৰৱৰ কথাটো হ'ল যে সেই ১০ গৰাকী মহীয়সী নাৰীৰ ভিতৰত আছে অসমৰো এগৰাকী । তেওঁ হৈছে মেজৰ ডাঃ দ্বীপান্বিতা কলিতা । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ডাঃ দ্বীপান্বিতা কলিতা হৈছে অসমৰ প্ৰথমগৰাকী পেৰাট্ৰুপাৰ । যাক লৈ আজি ঢেকীয়াজুলিৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈছে ।

মেজৰ ডাঃ দ্বীপান্বিতাৰ এই খ্যাতিৰ বাবে আত্মহাৰা হৈ পৰিছে ঢেকীয়াজুলিবাসীৰ লগতে পিতৃ প্ৰবীণ চন্দ্ৰ কলিতা আৰু জ্যেষ্ঠ ভগ্নী তথা সাংবাদিক নৱনীতা কলিতাৰ লগতে পৰিয়ালবৰ্গ । এই সন্দৰ্ভত পিতৃ প্ৰবীণ চন্দ্ৰ কলিতাই কয়, "মই অতিকৈ আনন্দিত । তাই সৰুৰে পৰাই এই ধৰণৰ বিষয়ত আগৰণুৱা আছিল । বিদেশত এম বি বি এছ হৈ ভাৰতীয় সেনাৰ চিকিৎসা বিভাগত যোগদান কৰে আৰু তাত পেৰাট্ৰুপাৰ বিভাগত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় অসমৰ ভিতৰতে একমাত্ৰ তথা প্ৰথম পেৰাট্ৰুপাৰ হিচাপে বিবেচিত হৈছে । বিশেষকৈ মহীয়সী নাৰী যোদ্ধা কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ লগত 'ফেমিনা ইণ্ডিয়া' আলোচনীত স্থান লাভ কৰাটো গৌৰৱৰ বিষয় ।"

দ্বীপান্বিতা কলিতাক লৈ গৌৰৱান্বিত পৰিয়াল (ETV Bharat)

পিতৃয়ে লগতে কয়, "দ্বীপান্বিতাই তেজপুৰৰ ঐতিহাসিক দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ফিলিপাইনছৰ মেলিনাত চিকিৎসক হিচাপে উত্তীৰ্ণ হৈ আহি এইমছত ইণ্টাৰ্ণশ্বিপ কৰে । ইয়াৰ পিছত দিল্লীৰ কেবাখনো চৰকাৰী চিকিৎসালয়ত কাম কৰে । সেই সময়তে ভাৰতীয় সেনাৰ চিকিৎসা বিভাগত তেওঁ নিযুক্তি লাভ কৰে ।"

আনহাতে দ্বীপান্বিতাৰ জ্যেষ্ঠ ভগ্নী নৱনীতাই কয়, "মই অতিকৈ সুখী কিয়নো মোৰ ভণ্টি চিকিৎসক হোৱাৰ লগতে ভাৰতীয় সেনাৰ মেজৰ ৰেংকত আছে । 'ফেমিনা ইণ্ডিয়া' বেটুপাতত যিহেতু কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ সৈতে একেলগে স্থান লাভ কৰিবলৈ সক্ষম হৈছে সেয়া আমাৰ বাবে গৌৰৱৰ কথা । বিশেষকৈ ঢেকীয়াজুলিৰ দৰে এখন সৰু নগৰৰ পৰা গৈ এইখিনি স্থান পাবলৈ সক্ষম হৈছে যথেষ্ট কষ্টৰ মাজেৰে...।"

আনহাতে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলেও দ্বীপান্বিতা কলিতাৰ এই খ্যাতিক লৈ সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছে । মন্ত্ৰীগৰাকীয়ে পোষ্টত লিখিছে,"অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে আমাৰ ঢেকীয়াজুলি তথা সমগ্ৰ ৰাজ্যলৈ অনন্য গৌৰৱ কঢ়িয়াই অনা মেজৰ দ্বীপান্বিতা কলিতালৈ আন্তৰিক অভিনন্দন জনাইছোঁ । প্ৰখ্যাত 'ফেমিনা ইণ্ডিয়া' আলোচনীত কৰ্ণেল ছ'ফিয়া কুৰেশ্বী আৰু আই ভাৰতীৰ আন ৮ গৰাকী বীৰাঙ্গনাৰ সৈতে আমাৰ দ্বীপান্বিতাক দেখি অভিভূত হৈছোঁ...।"

দ্বীপান্বিতাৰ শিক্ষা আৰু কৰ্মজীৱন

পৰিয়ালে জনোৱা মতে মেজৰ ডাঃ দ্বীপান্বিতা কলিতাই আগ্ৰাৰ সেনা চাউনীত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৩ চনত পেৰাট্ৰুপাৰ বেজ লাভ কৰিছিল । ঢেকীয়াজুলিৰ দেৱেন্দ্ৰ গ্ৰীণ গ্ৰ'ভ ইংলিছ স্কুলৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰা দ্বীপান্বিতা কলিতাই ২০০৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । ২০০৭ চনত দৰং কলেজত উচ্চতৰ মাধ্যমিক পৰীক্ষাত (বিজ্ঞান) সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু পিছত ফিলিপাইনছৰ মেনিলাত চিকিৎসা অধ্যয়ন কৰে । ২০১৩ চনত এম বি বি এছ ডিগ্ৰী লাভ কৰি ২০১৫ চনত নতুন দিল্লীৰ এইমছত ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰে ।

ইণ্টাৰ্ণশ্বিপৰ পিছত ডাঃ দ্বীপান্বিতাই নতুন দিল্লীৰ দীন দয়াল হাস্পতালত সেৱা আগবঢ়ায় । ২০১৯ চনত মহাৰাষ্ট্ৰৰ নাগপুৰৰ আৰ্মি মেডিকেল কৰ্পছৰ বিষয়া ডাঃ চাৰং মেটেৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ২০২০ চনত তেওঁ ভাৰতীয় সেনাবাহিনীৰ কেপ্টেইন (চিকিৎসা বিষয়া) পদৰ বাবে দেশজুৰি ১০০ৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হৈছিল । সেয়াই আছিল তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট । প্ৰথম পোষ্টিং হৈছিল নাগালেণ্ডৰ ডিমাপুৰত, তাৰ পিছত লক্ষ্ণৌত ৩ মাহৰ প্ৰশিক্ষণ । ইয়াৰ পিছত কমাণ্ডো আৰু পেৰাট্ৰুপাৰ প্ৰশিক্ষণৰ বাবে তেওঁক আগ্ৰালৈ পঠিওৱা হয় । ২০২৩ চনত তেওঁ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰে আৰু অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক :গ্ৰন্থৰ পৰা চিমেণ্ট কোম্পানীলৈ... অসম কেবিনেটৰ কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ? - ASSAM CABINET

Last Updated : August 9, 2025 at 2:49 PM IST