ETV Bharat / state

মানুহৰ বাবে জীৱনটো উচৰ্গা কৰা এজন মানৱদৰদী ব্যক্তি - STORY OF HUMANITY

এগৰাকী মানৱদৰদী ব্যক্তি । ঐকান্তিক প্ৰচেষ্টাৰে কৰি গৈছে মানৱ সেৱা । জানো আহক তেওঁৰ বিষয়ে ।

Majibur Rahman is doing human service through the old age home in Nalbari
মানুহৰ বাবে জীৱনটো উচৰ্গা কৰা এজন মানৱদৰদী ব্যক্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 6:00 PM IST

6 Min Read

নলবাৰী: নাম মজিবুৰ ৰহমান । এগৰাকী সমাজ সচেতন সংবাদকৰ্মী । সমাজৰ হকেই যাৰ কৰ্ম পৰিচয় । ৰাইজৰ হকে বাতৰি সংগ্ৰহত ব্ৰতী হৈ থকা সাংবাদিক সমাজসেৱীসকলৰ ভিতৰত এটি চৰ্চিত তথা প্ৰসিদ্ধ নাম জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমান । ইচ্ছা আৰু একগ্ৰতা থাকিলে সমাজৰ হকে সকলো কৰিব পাৰি । সেয়া সম্ভৱ কৰি এগৰাকী মানসেৱীৰূপে চিনাকি হৈ পৰিছে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমান ।

কবি ডিম্বেশ্বৰ নেওগে তাহানিতেই কৈ গৈছিল-

"নাই কোনো ধৰ্ম হিন্দু-ইছলাম

মানৱ ধৰ্মই সাৰ, নিস্বাৰ্থভাৱে নৰক পূজিলে

পূজা হয় দেৱতাৰ ।"

মানুহৰ বাবে জীৱনটো উচৰ্গা কৰা এজন মানৱদৰদী ব্যক্তি (ETV Bharat Assam)

কবি ডিম্বেশ্বৰ নেওগে কৈ যোৱা সেই শাৰীৰেই মানৱ সেৱা কৰি বিভিন্ন ক্ষেত্ৰত সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এইগৰাকী হৈছে নলবাৰীৰ মজিবুৰ ৰহমান । ১৯৭৭ চনত স্বৰ্গীয় পিতৃ ফনিৰ আলী আৰু স্বৰ্গীয় থগো বেগমৰ ঔৰসত জন্ম লাভ কৰা ৰহমানে পিতৃ-মাতৃৰ পৰা মানৱীয়তাৰ আদি পাঠ শিকিছিল আৰু পিতৃ-মাতৃৰ পৰাই লাভ কৰা আদৰ্শক মূল আধাৰ হিচাপে লৈ তেওঁ ২৩ বছৰ বয়সৰ পৰা মানৱ সেৱাৰ কামত আত্মনিয়োগ কৰে নিজকে ।

অনেক কষ্ট স্বীকাৰৰ অন্তত তেওঁ ২০০৮ চনত নলবাৰীত মানুহ আৰু মানৱতাৰ হ'কে আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰে । পিছলৈ নলবাৰী চহৰৰ বিজুলী নগৰত নিজকে সমৰ্পিত কৰে 'শান্তি নিবাস' বৃদ্ধাশ্ৰম আৰু শান্তি নিৱাস 'অনাথ আশ্ৰম'ৰ জৰিয়তে । এই আশ্ৰমত তেওঁ ২০০৮ চনৰ পৰা বৰ্তমানলৈ কেইবা শতাধিক বৃদ্ধ-বৃদ্ধাক আশ্ৰয় দিছে ।

Majibur Rahman is doing human service through the old age home in Nalbari
মজিবুৰ ৰহমানৰ মানৱ সেৱা (ETV Bharat Assam)

যাৰ ভিতৰত ৭৯৩ গৰাকীৰো অধিক বৃদ্ধ-বৃদ্ধাক কাউঞ্চিলিঙৰ জৰিয়তে নিজৰ পৰিয়ালক ঘূৰাই দিবলৈ সক্ষম হৈছে । মজিবুৰ ৰহমানে সেৱা আগবঢ়োৱা ১০২ গৰাকী বৃদ্ধ-বৃদ্ধাৰ মৃত্যু হোৱাত আশ্ৰয়হীন বৃদ্ধ-বৃদ্ধাসকলক তেওঁ নিজ হাতেৰে শেষকৃত্য তথা মুখাগ্নি কৰিছে । যাৰ বাবে সকলোৰে বাবে মানৱ বন্ধু হৈ পৰিছে মজিবুৰ ৰহমানে ।

আশ্ৰয়হীন নিৰ্যাতিতা লোকসকলৰ সম্পূৰ্ণ ভৰণ-পোষণৰ দায়িত্ব লোৱাই নহয়, তেওঁলোকৰ মৃত্যু হোৱাসকলৰ আটাইবোৰৰে নিজ নিজ ধৰ্ম মতে অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা নিজ হাতে কৰি আহিছে মজিবুৰে । সকলো ধৰ্মৰ উৰ্দ্ধত মানৱ ধৰ্মকে সৰোগত কৰি সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত শান্তি নিৱাস অনাথ আৰু বৃদ্ধা আশ্ৰম নামেৰে আশ্ৰমখন কৰি পুৱাৰ পৰা নিশালৈ নিৰ্যাতিতা আশ্ৰয়হীন লোকসকলৰ হকে কৰি গৈছে সেৱা ।

উচ্চ চিন্তাধাৰা আৰু আন্তৰিকতাৰে এই সকলোবোৰ কাম কৰি বিৰল নিদৰ্শন দাঙি ধৰিছে সাংবাদিক ৰহমানে । বৰ্তমান তেওঁৰ এই আশ্ৰম খনত ৩৩ গৰাকী আৱাসী আজিও আছে কোনো অসুবিধা নোহোৱাকৈ । কোনো ধৰণৰ চৰকাৰী অনুদান নোহোৱাকৈ অথবা কোনো লোকৰ পৰা দান বৰঙণি নিবিচৰাকৈ সাংবাদিক ৰহমানে নিজৰ কষ্ট উপাৰ্জিত ধনেৰে দায়িত্ব পালন কৰি গৈছে বৃদ্ধ-বৃদ্ধাসকলৰ বাবে ।

অৱশ্যে মানুহ আৰু মানৱতাক ভালপোৱা কিছু সংখ্যক লোকে মাজে সময়ে যায় আশ্ৰমখনিলে । আশ্চৰ্যকৰ বিষয় এয়াই যে তেওঁৰ বৃদ্ধাশ্ৰমত নাই এজনো কৰ্মচাৰী । ইমানবোৰ বৃদ্ধ-বৃদ্ধাক তেওঁ নিজ হাতেৰে সেৱা সুশ্ৰুষা কৰি আহিছে । গা ধুৱাই দিয়াৰ পৰা ৰন্ধা বঢ়ালৈ । চুলি কাটি দিয়াৰ পৰা ভিন্ন চাফ-চিকুনতালৈ সকলো তেওঁ নিজ হাতেৰে কৰি আহিছে আৱাসীসকলৰ হৈ ।

ডক্টৰ নাৰ্চে হাতেৰে চুব নোখোজা লোককো তেওঁ নিজৰ হাতেৰে পৰিষ্কাৰ কৰি দিয়ে দৰৱ-পাতি আদি । এগৰাকী নিঃস্বাৰ্থ সংবাদকর্মীৰ লগতে দায়িত্বশীল পিতৃ হৈয়ো হেজাৰ বাধা অতিক্ৰমী মজিবুৰ ৰহমানে প্ৰতিদিনে আবাসীসকলৰ সকলো প্ৰকাৰৰ পৰিচৰ্যা কৰাৰ উপৰি নিজ হাতে খাদ্য বনাই খুৱাই আপ্যায়ন কৰি আহিছে । তাৰ মাজতে ভাগে ভাগে ঔষধ খুৱাই দিয়া, চুলি-দাড়ি কাটি দিয়া, বজাৰ সমাৰ কৰা, বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা আটাইবোৰ কাম সমাপন কৰে সাংবাদিক ৰহমানে ।

নিতৌ এনেদৰে নিঃস্বার্থভাবে সেৱা আগবঢ়াই আহিছে তেওঁ । পেচাত তেওঁ অসমৰ এটি বৈদ্যুতিক সংবাদ মাধ্যমৰ জিলা ব্যুৰ'ৰ লগতে ছপা মাধ্যমৰ ক্ষেত্ৰখনতো তেওঁ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে । ইয়াৰ উপৰি তেওঁ অসমৰ এখন বাতৰি কাকতত সুদীৰ্ঘ ২৪ বছৰ ধৰি নলবাৰীৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপেও সেৱা আগবঢ়াই আহিছে ।

মানবীয় দৃষ্টিভংগীৰে এনেদৰে সেৱা আগবঢ়াই থকাৰ স্বীকৃতি স্বৰূপে মজিবুৰ ৰহমানে অসমৰ বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ সংস্থাই বিভিন্ন বঁটা আৰু সন্মানেৰে সম্মানিত কৰিছে । তেনে বঁটাসমূহৰ ভিতৰত কেবাবাৰো শ্ৰেষ্ঠ মানবীয়তাৰ বঁটা লাভ কৰাকে ধৰি ২০১৩ চনত হাইদৰাবাদত "ভাৰতৰ শ্ৰেষ্ঠ মানবীয়তাৰ সন্মান"ও লাভ কৰিছে তেওঁ । তেওঁৰ এই সকলো কামতে আগবাঢ়ি যোৱাত মূল শক্তি হিচাপে থিয় দি আহিছে তেওঁৰ শিক্ষয়িত্ৰী পত্নীগৰাকীয়ে ।

কেতিয়াবা বাতৰি সংক্ৰান্তত কোনোস্থানত যাবলগীয়া হোৱাত ৰহমানৰ অনুপস্থিতিত শিক্ষয়িত্ৰী পত্নী ছোনিয়া বেগমে বৃদ্ধ-বৃদ্ধাসকলৰ পৰিচৰ্যা কৰি আহিছে । সুদীৰ্ঘ ১৭ বছৰে সাংবাদিক ৰহমানে মানুহ মানৱীয়তাৰ হ'কে এখন যুদ্ধ চলাই আহিছে । য'ত কেবল মানুহ আৰু মানৱীতাৰহে স্থান আছে । য'ত কেৱল মানুহক হে পূজা কৰি অহা হৈছে ।

জাত-পাত, ধৰ্মৰ বান্ধ বিচাৰ, হীনভাব নথকা ঠাইখিনিয়ে হৈছে নলবাৰীৰ এইখন শান্তি নিৱাস বৃদ্ধাশ্ৰম । আশ্ৰমখন প্ৰতিষ্ঠা হোৱাৰে পৰা আজিলৈকে ১০২ গৰাকী আৱাসী লোকে ইহলীলা সম্বৰণ কৰে । সেইসকলৰ বাবে পুত্ৰ হৈ, ভাতৃ হৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-পৰাম্পৰাৰে তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আহিছে ।

অসম অথবা ভাৰতবৰ্ষৰেই নহয় নেপালৰ লোকেও তাত আশ্ৰয় অৱস্থাত মৃত্যু হোৱাত মজিবুৰ ৰহমানে শেষ ক্ৰিয়া সম্পন্ন কৰাইছিল । যাৰ বাবে এতিয়া নলবাৰীৰ লগতে অসমতো এগৰাকী মানৱদৰদী ব্যক্তি ৰূপে পৰিচিত এইগৰাকী সাংবাদিক মজিবুৰ ৰহমান ।

লগতে পঢ়ক: দলঙৰ নিবিদা মুকলি মাজুলীবাসীৰ বাবে আশাৰ খবৰ : জনাৰ্দন দেৱগোস্বামী - MAJULI JORHAT BRIDGE

ভাৰত চৰকাৰক নজনোৱাকৈ সীমা পাৰ কৰিলো, ঘূৰিও আহিলো : গৌৰৱ গগৈ - COAL SYNDICATE IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.