প্ৰাকৃতিক নিৰিবিলি পৰিৱেশৰ মাজত থকা এখন আশ্ৰম য’ত প্ৰতিফলিত হয় মহাত্মাৰ আদৰ্শ
জাতিৰ পিতাৰ আদৰ্শ অনুসৰণ কৰা এখন আশ্ৰম । আৱাসী হিচাপে কেৱল বয়োজ্যেষ্ঠ মহিলাসকল থকা এই আশ্ৰমখনত সকলো দিশতে স্বাৱলম্বনৰ নিদৰ্শন ।

Published : September 13, 2025 at 4:20 PM IST
|Updated : September 14, 2025 at 12:12 AM IST
লখিমপুৰ : লখিমপুৰ জিলাত থকা মৈত্রী আশ্ৰম । এক শান্ত সমাহিত প্ৰাকৃতিক নিৰিবিলি পৰিৱেশৰ মাজত থকা এখন আশ্ৰম । আশ্ৰমখনৰ চৌদিশে পক্ষীকূলৰ কাকলি । ভৰি আছে ফল-ফুলৰ গছ লতিকা । মাজে মাজে শুভ্ৰ বসন পৰিহিতা বয়োজ্যেষ্ঠ মহিলাৰ কৰ্ম ব্যস্ততা । শুনা যায় যঁতৰৰ শব্দ । যঁতৰত সূতা কটাৰ এক দুৰ্লভ দৃশ্য দেখা যায় এই আশ্ৰমত ।
মহাত্মা গান্ধীৰ আদৰ্শ প্ৰতিফলিত হোৱা এইখন লখিমপুৰবাসীৰ চিৰ পৰিচিত মৈত্রী আশ্ৰম । লখিমপুৰ নগৰৰ সমীপৰ চাবতি অঞ্চলৰ লীলাবাৰী বিমান বন্দৰৰ নিচেই কাষতে উজ্বলপুৰত আছে এই আশ্ৰমখন । কেৱল একাংশ বয়োজ্যেষ্ঠ মহিলাই ধৰি ৰখা এই আশ্ৰমখনত গান্ধী আৰু বিনোৱা জীৰ আদৰ্শ আজিও প্ৰতিফলিত হৈ আছে ৷
মৈত্ৰী আশ্ৰমৰ ইতিহাস
১৯৬২ চনৰ ৫ মাৰ্চত এই মৈত্রী আশ্ৰমখন প্ৰতিষ্ঠা কৰা হৈছিল । আচাৰ্য বিনোৱা ভাৱে আছিল আশ্ৰমখনৰ প্ৰতিষ্ঠাপক । মহাত্মা গান্ধীৰ প্ৰিয় শিষ্য তথা গান্ধীৰ আধ্যাত্মিক উত্তৰসুৰী, ভূ-দান আন্দোলনৰ প্ৰতিষ্ঠাপক আচার্য বিনোৱা ভাৱেয়ে এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল । শ্ৰম আধাৰিত আধ্যাত্মিক জীৱন আৰু সমাজ সেৱাৰ উদ্দেশ্যে আশ্ৰমখন প্ৰতিষ্ঠা কৰা হৈছিল । সৃষ্টি, মানৱ, পশু-পক্ষী আৰু প্ৰকৃতিৰ লগত মৈত্রী স্থাপন কৰি সংসাৰত মহৎ সেৱাৰ উদ্দেশ্যই এই আশ্ৰমখনৰ আৱাসীসকলৰ লক্ষ্য । ইয়াৰ আৱাসীসকলে এক পৰিশীলিত জীৱন যাপন কৰি আহিছে ।

আশ্ৰমখনৰ ভিতৰচ'ৰাৰ কথা
অসমৰ বিভিন্ন জিলাৰ বয়োজ্যেষ্ঠ মহিলাসকলৰ আৱাসস্থলী আশ্ৰমখন । আজিকালিৰ তথাকথিত বৃদ্ধাশ্ৰম নহয় ! যিসকল মহিলাই সমগ্র বিশ্ব, প্ৰকৃতি জগতক আপোন জ্ঞান কৰি মানৱ সেৱাৰ উদ্দেশ্য লৈ নিজক সমৰ্পিত কৰাৰ মানসিকতাৰে পুষ্ট তেনে মহিলাসকল থাকে এই আশ্ৰমত । মহাত্মা গান্ধীৰ স্বাৱলম্বনৰ আদৰ্শ কঠোৰভাৱে পালন কৰে ইয়াৰ আৱাসীসকলে । কপাহৰ পৰা সূতা কাটি কাপোৰ বৈ পৰিধান কৰে তেওঁলোকে ।
বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলিৰ লগতে ধান খেতিও কৰে তেওঁলোকে । খাদ্যবস্তুৰ পৰা সাজ-পোছাকলৈ সকলোতে তেওঁলোক স্বাৱলম্বী । কঠোৰ অনুশীলনৰ মাজত চলে তেওঁলোকৰ জীৱন । পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰাৰ্থনা, কৰ্মযজ্ঞ আদিৰে এক নিয়মানুৱৰ্তী কাম কাজৰ মাজেৰে অতিবাহিত হয় আৱাসীসকলৰ দৈনন্দিন জীৱন । এক কথাত ক'বলৈ গ'লে শ্ৰম আধাৰিত আধ্যাত্মিক জীৱন তেওঁলোকৰ । মহাত্মা গান্ধী, বিনোৱা জীৰ স্বাৱলম্বনৰ পৰা সকলো আদৰ্শ তেওঁলোকে ধৰি ৰাখিছে । তেনে কাম কাজৰ দৃশ্যপট আজিৰ দিনত দুৰ্লভ !

দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু
মহাত্মা গান্ধীৰ বিদেশী সামগ্রী বৰ্জন আৰু স্বদেশী সামগ্রীৰে স্বাৱলম্বনৰ মহান বাণীক সঁচা অৰ্থত ধৰি ৰাখি মানৱ সেৱাৰ মহান লক্ষ্যৰে পৰিচালিত এই আশ্ৰমখন চাবলৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন ঘটে । জাপান, ফ্ৰান্স, অষ্ট্ৰেলিয়া, কানাডা আদি বিভিন্ন দেশৰ পৰ্যটকে আশ্ৰমখনত পদাৰ্পণ কৰিছে । আশ্ৰমখন হৃদয় ভৰি চাই জাপানৰ এগৰাকী মহিলা পৰ্যটকে তাত তেওঁ বুদ্ধদেৱক দেখা পোৱা বুলি কৰা মন্তব্যক আজিও আশ্ৰমৰ আৱাসীসকলে সগৌৰৱে স্মৰণ কৰে ।
ইন্দিৰা গান্ধীয়েও পিঠা খাই গৈছিল আশ্ৰমখনত । প্ৰধানমন্ত্ৰী হৈ থাকোতে ইন্দিৰা গান্ধীয়ে ক'ৰবালৈ আহি যেতিয়া লীলাবাৰী বিমানবন্দৰত বিমানত উঠিবলৈ আহিছিল তেতিয়া কাষতে থকা এই আশ্ৰমখন পৰিদৰ্শন কৰিছিল । আশ্ৰমৰ আৱাসীয়ে দিয়া পিঠা খাই তেওঁ ইমানেই তৃপ্তি লাভ কৰিছিল যে তেওঁ দুখনমান পিঠা খুজি লৈও গৈছিল । এই কথা আৱাসীসকলে আজিও স্মৰণ কৰি পুলকিত হয় ।

চৰকাৰী অনুদানৰ ওপৰত ভৰসা নকৰে আশ্ৰমখনে
স্বাৱলম্বনেই মুখ্য উদ্দেশ্য আৱাসীসকলৰ । সেয়ে আশ্ৰমখনত আজিলৈকে কোনো চৰকাৰী অনুদান নাই । আৱাসী মহিলাসকলে কাপোৰ বৈ অৰ্থ সংগ্ৰহ কৰাৰ উপৰিও শাক-পাচলি, ধান খেতি কৰি সুন্দৰভাৱে আশ্ৰমখন পৰিচালনা কৰি আছে । গৰু গাই পুহি গাখীৰৰ উৎপাদনো কৰে তেওঁলোকে । প্ৰয়োজন হ'লে উৎপাদিত এনে সামগ্রী বিক্রী কৰে তেওঁলোকে । কোনোবাই আশ্ৰমখনৰ বাবে কিবা দিব খুজিলে সেয়া তেওঁলোকে প্ৰসাদ হিচাপে গ্ৰহণ কৰে ।

আনন্দৰ সীমা নাই আৱাসীসকলৰ
শ্ৰম বিমুখভাৱে এটা আলস্য জীৱন কটোৱাৰ মানসিকতা ৰহিত এই আশ্ৰমৰ আৱাসীসকলৰ । সততে গান্ধীৰ আদৰ্শক লৈ ফুলজাৰি মাৰি থকা মানসিকতাৰ পৰাও বহু যোজন দূৰত তেওঁলোক । বিশ্ব মানৱ, প্ৰকৃতি জগত সকলোকে আপোন জ্ঞান কৰি শ্ৰমৰ জৰিয়তে এক পৰিশীলিত জীৱন কটাই তেওঁলোকে । বিনোৱা জীয়ে দি যোৱা মহাত্মা গান্ধীৰ আদৰ্শ খামুচি ধৰি ৰাখিছে তেওঁলোকে । তাৰ বাবে তেওঁলোক আনন্দিত । আশ্ৰমখনৰ পৰিচালিকা চম্পা পাটৰে এই সন্দৰ্ভত কয়, "আমাৰ আনন্দই আনন্দ । গান্ধীৰ আদৰ্শৰে আমি বিশ্ব ভাতৃত্ববোধ হৃদয়ত ৰাখি স্বাৱলম্বী হৈ এক হৃদয় ভৰা আনন্দ লাভ কৰিছোঁ । আমি কোনো সংসাৰত প্ৰৱেশ কৰা নাই । কাৰণ এই গোটেই সংসাৰখনে আমাৰ । যিমান কৰ্ম কৰিলেও সেৱা কৰিব নোৱাৰে । কিন্তু সেই কৰ্মত যদি ভাৱনা সোমাই সেইটোহে সেৱা হয়...।"

লগতে পঢ়ক :কামৰূপৰ ডামপুৰৰ পৰা গ্লবেল মঞ্চলৈ... নাজ শ্বেইখৰ প্ৰেৰণাদায়ক যাত্ৰা

