ETV Bharat / state

আৰক্ষীয়ে দিব নোৱাৰিলে তথ্য-প্ৰমাণ, মুকলি আকাশৰ তলত হত্যাকাণ্ডৰ অভিযুক্ত ভূপেন দাস - BRUTAL MURDER

জামিন লাভ কৰিলে মৌচুমী গগৈৰ হত্যাকাণ্ডৰ অভিযুক্ত ভূপেন দাসে । ৮৯ দিন জে’লত থাকিয়েই মুকলি আকাশৰ তললৈ আহিল ভূপেন দাস ।

Main accused of murder of Mousumi Gogoi Bhupen Das granted bail
মুকলি আকাশৰ তলত হত্যাকাণ্ডৰ অভিযুক্ত ভূপেন দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 2:55 PM IST

2 Min Read

গুৱাহাটী: ৩ মাহ নৌহওঁতেই কাৰাগাৰৰ পৰা ওলাল গুৱাহাটীৰ নাহৰণি পথত সংঘটিত হোৱা মৌচুমী গগৈৰ হত্যাকাণ্ডৰ অভিযুক্ত ভূপেন দাস । মাত্ৰ ৮৯ দিন জে’লত থাকিয়েই মুকলি আকাশৰ তললৈ আহিল ভূপেন দাস । আইনৰ সুৰুঙাৰে সাৰি গ’ল মৌচুমীৰ হত্যাকাৰী ভূপেন দাস । গুৱাহাটী মহানগৰীৰ লাষ্টগেটৰ নাহৰণি পথত বিগত বৰ্ষৰ ২৬ ডিচেম্বৰত প্ৰেমৰ সম্পৰ্কত হোৱা সংঘাতৰ ভয়ংকৰ পৰিণতিত মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীক দিনৰ ভাগতে ছুৰিকাঘাত কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল ।

সেই নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ভূপেন দাস । কিন্তু ৩ মাহ নৌহওঁতেই মাত্ৰ ৮৯ দিন জে’লত থাকিয়েই মুকলি আকাশৰ তললৈ আহিল ভূপেন দাস । আইনৰ সুৰুঙাৰে সাৰি গ’ল নেকি মৌচুমীৰ হত্যাকাৰী ভূপেন দাস ! তেনে এক প্ৰশ্নও উত্থাপিত হৈছে ৷ ১৯ জানুৱাৰীত মৌচুমীৰ প্ৰেমিক ভূপেন দাসক জে’ললৈ প্ৰেৰণ কৰা হৈছিল ।

কিন্তু হাতীগাঁও আৰক্ষীয়ে সঠিক সময়ত আদালতত জমা দিব নোৱাৰিলে সঠিক তথ্য-প্ৰমাণ । তাৰোপৰি দুৰ্বল অভিযোগনামা দাখিলৰ বাবেই ভূপেন দাসে জামিন লাভ কৰাৰ সন্দেহ কৰা হৈছে । যাৰ বাবে ৩ মাহ নৌহওঁতেই মুকলি আকাশৰ তললৈ আহিল হত্যাকাণ্ডৰ অভিযুক্ত ।

উল্লেখ্য যে বিগত বৰ্ষৰ ২৬ ডিচেম্বৰত দিনৰ পোহৰতে নাহৰণি পথত মৌচুমীক হানি-খুচি হত্যা কৰিছিল ভূপেন দাসে । ভূপেনৰ ছুৰিকাঘাতত প্ৰথমে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৌচুমীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লৈ যোৱা হৈছিল যদিও হাস্পতালত মৃত্যু হৈছিল । মৌচুমী গগৈক হত্যা কৰি নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল ভূপেনে ।

জানিব পৰা মতে প্ৰেমৰ সম্পৰ্ক এৰাই চলাৰ বাবেই যুৱতীগৰাকীৰ প্ৰাণ গ’ল ঘাতকৰ হাতত । আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি ঘাতক ভূপেন দাসে নিহত যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিছিল । কিন্তু যুৱতীগৰাকীয়ে সেয়া বিচৰা নাছিল । যাৰ বাবে যুৱতীগৰাকীক এই পৃথিৱীৰ পৰাই হত্যা কৰি বিদায় দিলে আচামী ভূপেন দাসে ।

লগতে পঢ়ক: কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? - BRUTAL MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.