আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case
Dhing Rape Accused Dies : পুখুৰীত জঁপিয়াই মৃত্যু ধিং-কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ । শনিবাৰে পুৱতি নিশা তদন্তৰ বাবে ঘটনাস্থলীলৈ নিয়াৰ সময়ত পুখুৰীত জাঁপ দিয়ে এই জঘন্য কাণ্ডৰ মূল অভিযুক্তই । প্ৰায় দুঘণ্টাৰ অভিযানৰ অন্তত এছ ডি আৰ এফে উদ্ধাৰ কৰে তফজ্জুলৰ মৃতদেহ ।

Published : August 24, 2024 at 8:40 AM IST
|Updated : August 24, 2024 at 1:15 PM IST
নগাঁও, ২৪ আগষ্ট : সমগ্ৰ ৰাজ্যতে তীব্ৰ আলোড়নৰ সৃষ্টি কৰা ধিং-কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ সলিল সমাধি । আৰক্ষীৰ জিম্মাতে মৃত্যু হয় ৰাজ্য কঁপাই যোৱা ধিং-কাণ্ডৰ অন্যতম অভিযুক্ত তফজ্জুল ইছলামৰ ।
উল্লেখ্য যে, আৰক্ষীয়ে বিভিন্ন তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল ধিঙৰ অমানৱীয় নাবালিকা ধৰ্ষণ-কাণ্ডৰ অভিযুক্ত তফজ্জুলক । আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত নিশ্চিত হয় যে এই নাৰকীয় ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল তফজ্জুল ।
ইয়াৰ পিচত শুকুৰবাৰে নিশা তফজ্জুলক সোধা-পোছাৰ অন্তত তদন্তৰ বাবে ঘটনা সংঘটিত স্থানলৈ লৈ গৈছিল আৰক্ষীয়ে । শনিবাৰে পুৱতি নাশা ৪ মান বজাত ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যায় তফজ্জুলক । কিন্তু সেই সময়তে তফজ্জুলে হেণ্ডকাফ পৰিহিত অৱস্থাতে ওচৰতে থকা পুখুৰীত জঁপিয়াই পলাবলৈ চেষ্টা কৰে । কিন্তু দুয়ো হাত বন্ধা থকাৰ বাবে সাঁতুৰিব নোৱাৰি পানীত ডুব যায় তফজ্জুল । ইয়াৰ পিচত আৰক্ষীয়ে অভিযুক্ত তফজ্জুলক উদ্ধাৰৰ বাবে চেষ্টা কৰে যদিও বিফল হোৱাত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে । ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত হৈ প্ৰায় দুঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত তফজ্জুলৰ মৃতদেহ ৬.৩০ মান বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এই সন্দৰ্ভত ধিং আৰক্ষীয়ৰ এগৰাকী বিষয়াই জনায়, "তদন্তৰ কাৰণে মূল অভিযুক্ত তফজ্জুল ইছলামক ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল । তাৰ হাতত হেণ্ডকাফ লগোৱা আছিল । তেনেদৰেই ওচৰত থকা পুখুৰীত জঁপিয়াই পৰে । পুখুৰীৰ পানী বহুত গভীৰ আছিল । আমি উদ্ধাৰৰ চেষ্টা কৰোঁ । কিন্তু উদ্ধাৰ কৰিব নোৱাৰি এছ ডি আৰ এফক খবৰ দিওঁ । এছ ডি আৰ এফে আহি পুৱা প্ৰায় ৬.৩০ বজাত মৃতদেহটো উদ্ধাৰ কৰে ।"
আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় যে ইতিমধ্যে ধিঙত মানৱতাক লজ্জিত কৰা ঘটনাৰ অন্যতম অভিযুক্ত তফজ্জুল ইছলামৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
আনহাতে, ধিং-কাণ্ডৰ মূল অভিযুক্ত তফজ্জুলৰ এনে পৰিণতিৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় একাংশ লোকে । এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "নিজৰ পাপৰ ফল ভোগ কৰিলে এই নৰাধমে । ভগৱানে যে ন্যায় কৰে সেয়া পুনৰ প্ৰমাণিত হ'ল । ভুক্তভোগীয়ে ইয়াৰ ফলত কিছু হ'লেও ন্য়ায় লাভ কৰিলে ।"
উল্লেখ্য, ধিঙৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে টিউচনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত কামনাৰ বলি হয় তিনি নৰাধমৰ । এই তিনি পাষণ্ডই নাবালিকাগৰাকীক ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ যায় । ইয়াৰ পিচত স্থানীয় লোকে উলংগ অৱস্থিত নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ভুক্তভোগীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় । বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে এইগৰাকী অমানৱীয় কাণ্ডৰ বলি হোৱা কিশোৰী ।

