গুৱাহাটী : "বিগত ১০-১১ বছৰ ধৰি ভাৰতবৰ্ষত দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিৰুদ্ধে বিজেপি আৰু আৰ এছ এছে এক অপপ্ৰচাৰ অব্যাহত ৰাখিছে । যিসকলে দেশৰ স্বাধীনতাৰ বাবে কোনোধৰণৰ ত্যাগ কৰা নাই সেইসকলক পূজা কৰি দেশৰ বাবে মৃত্যু বৰণ কৰা স্বাধীনতাৰ সেনানীসকলক হেয় কৰাৰ অপচেষ্টাই আমাক ব্যাথিত কৰি তুলিছে ।" এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ ।
মহাত্মা গান্ধীৰ ৭৭ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে এই মন্তব্য আগবঢ়াই । বন্তি প্ৰজ্বলন কৰি মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ কয়, "গান্ধীৰ অহিংস আৰু সত্যৰ নীতিক কংগ্ৰেছে সদায় আগুৱাই লৈ যাব । জাতিৰ পিতা মহাত্মা গান্ধীৰ আশীৰ্বাদ আছে বাবে সমগ্ৰ দেশত পুনৰ কংগ্ৰেছে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে শাসন গ্ৰহণ কৰিব আৰু অসমতো ২০২৬ত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব ।"
তেওঁ লগতে কয়, "প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজেপি বিৰোধী সকলো শক্তিক একত্ৰিত কৰি ২০২৬ত শক্তিশালীভাৱে বিজেপি আৰু আৰ এছ এছৰ ষড়যন্ত্ৰ ওফৰাই অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব ।"
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়,"দেশৰ স্বাধীনতাৰ বাবে সমস্ত ত্যাগ কৰি সাম্প্ৰদায়িক আৰ এছ এছৰ নেতাৰ গুলীত মৃত্যু হোৱা মহাত্মা গান্ধীয়ে মৰিবৰ সময়ত ‘‘হে ৰাম’’ বুলি কৈছিল । সেইজন নেতাৰ আদৰ্শ আৰু নীতি বুকুত বান্ধি কংগ্ৰেছে ভাৰতৰ গণতন্ত্ৰ, সংবিধান সুৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে আৰু সেই সংগ্ৰামত যিসকল সেনানীয়ে ইতিমধ্যে সংযুক্ত হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে তেওঁলোকৰ ঐক্যৱদ্ধ প্ৰচেষ্টাতে ২০২৬ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব ।"

আনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা বিহাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ড৹ অখিলেশ প্ৰসাদ সিঙে অংশ গ্ৰহণ কৰি আৰ এছ এছ আৰু বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে । আৰ এছ এছে গান্ধীক হত্যা কৰাৰ পিছত বিজেপিয়ে গান্ধীৰ আদৰ্শক হত্যা কৰাৰ বাবে অপচেষ্টা চলাই আছে বুলি তেওঁ অভিযোগ কৰে ।
বিহাৰত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ২০২৬ৰ নিৰ্বাচনত বিহাৰ কংগ্ৰেছৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগৰ হাত আগবঢ়াব । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিহাৰৰ নিৰ্বাচনত অসমৰ কংগ্ৰেছ নেতাই প্ৰচাৰ চলাই কংগ্ৰেছ চৰকাৰ অনাত সহায় কৰিব বুলিও তেখেতক প্ৰতিশ্ৰুতি দিয়ে ।
সভাত অখিলেশ প্ৰসাদ সিঙৰ কৰ্মৰাজি আৰু কৃতিত্বৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই কয়, "অখিলেশ সিং এজন পলিটিকেল ইন্টেলেকচুৱেল । ৰাজ্যসভাত তেখেতৰ লগত একত্ৰিতভাৱে বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰ উদঙাই দিবলৈ সক্ষম হৈছো ।"
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন সাংসদ বলীন কুলী, বিধায়ক নন্দিতা দাস, উপ-সভাপতি ৰূপা দেউৰী, নৃপেন ঠাকুৰীয়া, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, মীৰা বৰঠাকুৰ প্ৰমুখ্যে বহু নেতা-কৰ্মী উপস্থিত আছিল ।

শ্বহীদ দিৱস অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বৰ্তমান ভাৰতবৰ্ষত গান্ধীৰ আদৰ্শৰ প্ৰাসংগিকতা বিষয়ক লৈ অনুষ্ঠিত এক প্ৰৱন্ধ প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক সন্মান প্ৰদান কৰা হয় । বি বৰুৱা মহাবিদ্যালয়ৰ ধীমান ভূঞাই প্ৰৱন্ধ লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে । মঙলদৈ মহাবিদ্যালয়ৰ মৃগাংক কলিতাই দ্বিতীয় স্থান আৰু গুৱাহাটী কলেজৰ অংকিতা ডেকাই তৃতীয় স্থান লাভ কৰে ।
কটন বিশ্ববিদ্যালয়ৰ অনিৰ্বাণ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ কৃষাণু হাজৰিকাই চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰাৰ লগতে হিতেশ্বৰ শৰ্মা কলেজৰ প্ৰিয়ংকা শৰ্মাই পঞ্চম স্থান লাভ কৰে । নগদ ধন আৰু কিতাপৰ টোপোলা আৰু স্মাৰক প্ৰদানৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰে । অনুষ্ঠানটো পৰিচালনা কৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ।