কোকৰাঝাৰত 25 সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণেৰে আয়োজিত মহাযজ্ঞ
Maha yagya for world peace: কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত বিশ্ব শান্তিৰ বাবে আয়োজন মহাযজ্ঞ ৷ এই যজ্ঞত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 25 সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰে ৷ বিভিন্ন উন্নয়নৰ বাবে আৰ্থিক অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ 25 টাকৈ যজ্ঞকুণ্ডত 122 গৰাকী পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰে ৷

Published : March 1, 2024 at 6:53 AM IST
কোকৰাঝাৰ, 1 মাৰ্চ : "কোনো এটা জাতিৰ চহকী পৰম্পৰা আৰু সংস্কৃতি ধৰি ৰাখিবলৈ হ’লে শিপা এৰি দিব নালাগে । ভেঁটি খামোচ মাৰি থাকিব লাগে ৷" বৃহস্পতিবাৰে কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিশ্বশান্তিৰ বাবে অনুষ্ঠিত হোৱা 12 ঘণ্টীয়া ব্ৰহ্মধৰ্মীয় মহাযজ্ঞত যজ্ঞাহুতি দি ভাষণ প্ৰসংগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰক গুৰুদেৱ কালিচৰণ ব্ৰহ্মক স্মৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ বৰ্ণাঢ্য সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ বড়োসকল হৈছে সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনৰ অধিকাৰী । কালিচৰণ ব্ৰহ্ম আধুনিক বড়ো সমাজৰ ৰূপকাৰ আৰু নব্য চিন্তাধাৰাৰে বড়ো সমাজক আগুৱাই নিছিল’’ ।
লগতে তেওঁ কয়, ‘‘1860 চনৰ 18 এপ্ৰিলত জন্মগ্ৰহণ কৰা আৰু 1938 চনৰ 8 মে’ত ইহলীলা সম্বৰণ কৰা গুৰুদেৱ কালিচৰণ ব্ৰহ্মই 1905 চনত ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল । সেয়া সামাজিক সংস্কাৰৰ আন্দোলন আছিল’’ ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ গুৰুধাম নিৰ্মাণ আৰু ব্ৰহ্মধৰ্মৰ প্ৰসাৰৰ বাবে অনুদান ঘোষণা কৰে । সেই মৰ্মে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ গুৰুধাম নিৰ্মাণৰ বাবে তিনি কোটি, ৰৌমাৰীত থকা জ্যোতি আশ্ৰম নিৰ্মাণৰ বাবে দুই কোটি, ব্ৰহ্মধৰ্মৰ 100 টা যজ্ঞশালা নিৰ্মাণৰ বাবে পাঁচ লাখকৈ অৰ্থাৎ পাঁচকোটি আৰু ব্ৰহ্মধৰ্মৰ প্ৰচাৰৰ বাবে বছৰি আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছে ।
তদুপৰি, তৃতীয় বড়ো শান্তি চুক্তিয়ে অঞ্চলটোলৈ স্থায়ী শান্তি ঘূৰাই আনিছে বুলি মন্তব্য কৰি বড়োসকলৰ এতিয়া ৰাজনৈতিক আশা-আকাংক্ষা পূৰণ হৈছে আৰু সাহিত্য -সংস্কৃতিও উজলি উঠিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, ব্ৰহ্মধৰ্মীয় সমন্বয় সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ৰাতিপুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ অনুষ্ঠিত হোৱা মহাযজ্ঞ অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে অংশগ্ৰহণ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ইয়াৰ লগতে প্ৰায় 25 সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত । ব্ৰহ্মধৰ্মীয় সমন্বয় সমিতি সচিব বিদ্যাসাগৰ ব্ৰহ্মই সদৰী কৰা মতে 25 টাকৈ যজ্ঞকুণ্ডত 122 গৰাকী পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ কৰে ৷
লগতে পঢ়ক: বিশ্ব শান্তিৰ বাবে 12 ঘণ্টা ধৰি চলিব মহাযজ্ঞ

