ETV Bharat / state

মহামৃত্যুঞ্জয় মন্দিৰ: ধৰ্মীয় পৰ্যটনৰ অন্যতম কেন্দ্ৰস্থলত শিৱৰাত্ৰিৰ মহা আয়োজন

শিৱৰাত্ৰিত লক্ষাধিক ভক্তক আদৰিবলৈ সাজু বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ কৰ্তৃপক্ষ । এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ বিশেষ প্ৰতিবেদন ।

Maha Mrityunjay Temple
মহামৃত্যুঞ্জয় মন্দিৰ : ধৰ্মীয় পৰ্যটনৰ অন্যতম কেন্দ্ৰস্থলত শিৱৰাত্ৰিৰ মহা আয়োজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 8:15 PM IST

5 Min Read
Choose ETV Bharat

নগাঁও: দেশৰ ভিতৰতে ধৰ্মীয় পৰ্যটনৰ অন্যতম কেন্দ্ৰস্থল হৈ পৰিছে বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ । মধ্য অসমৰ নগাঁৱৰ পুৰণিগুদামৰ ভেৰভেৰিত অৱস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰত এতিয়া শিৱৰাত্ৰি উদযাপনক লৈ চলিছে ব্যাপক প্ৰস্তুতি । আৰু মাত্ৰ এটা দিনৰ পাছতেই অনুষ্ঠিত হ'বলগীয়া শিৱৰাত্ৰিৰ বাবে এতিয়া মহা আয়োজন চলিছে মহামৃত্যুঞ্জয় মন্দিৰত ।

কেনেদৰে স্থাপন হৈছিল মহামৃত্যুঞ্জয় মন্দিৰ

শিৱৰাত্ৰিত লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে মহামৃত্যুঞ্জয় মন্দিৰ কৰ্তৃপক্ষ । স্থানীয় সহস্ৰাধিক পৰিয়ালৰ বাবে সংস্থাপনৰো বাট মোকলাই দিয়া এই মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ বঢ়মপুৰৰ ভেৰভেৰিত কিদৰে স্থাপন হৈছিল এই বিষয়ে জানো আহক কিছু কথা ।

মহামৃত্যুঞ্জয় মন্দিৰ : ধৰ্মীয় পৰ্যটনৰ অন্যতম কেন্দ্ৰস্থলত শিৱৰাত্ৰিৰ মহা আয়োজন (ETV Bharat Assam)

মহামৃত্যুঞ্জয় মন্দিৰ স্থাপনৰ আৰম্ভণি

মহামৃত্যুঞ্জয় মন্দিৰ ট্ৰাষ্টৰ সৈতে প্ৰতিষ্ঠাকালৰ পৰাই জড়িত স্থানীয় সমাজকৰ্মী দ্বীপমণি গোস্বামীয়ে ই টিভি ভাৰতক জানিবলৈ দিয়ে, "নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পুৰণিগুদামৰ ভেৰভেৰিৰ পথাৰৰ মাজতেই আছিল ব্ৰাহ্মণ সমাজৰ এটা কাৰ্যালয় । ১৯৯৬ চনত ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়টোৰ কাষতেই স্থানীয় ৰাইজে লগ লাগি অনুষ্ঠিত কৰিছিল ৰুদ্ৰযজ্ঞ । তেতিয়াৰে পৰাই প্ৰতি মাঘী পূৰ্ণিমাত বিশেষ ঠাইখিনিত অনুষ্ঠিত কৰি আহিছিল ৰুদ্ৰ যজ্ঞৰ ।"

তেওঁ কয়, "পৰৱৰ্তী সময়ত সিদ্ধি লাভ কৰি বাবা ভৃগুগিৰি মহাৰাজ হিচাপে পৰিচিতি লাভ কৰা নলবাৰী জিলাৰ বৰমুৰিকণাৰ হলধৰ শৰ্মাই ২০০০ চনত অনুষ্ঠিত যজ্ঞত অংশগ্ৰহণ কৰিছিল । যজ্ঞৰ পৰা যোৱাৰ পাছত বাবা ভৃগুগিৰি মহাৰাজে স্থানীয় লোকক অৱগত কৰিছিল যে দৈত্যগুৰু শুক্লাচাৰ্যৰ দিনতে যজ্ঞ অনুষ্ঠিত কৰা ভূমিত মহামৃত্যুঞ্জয় মন্দিৰ স্থাপনৰ লগতে মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হৈছিল । বাবা ভৃগুগিৰি মহাৰাজে ধ্যানত এই বিষয়ে অৱগত হোৱাৰ কথা জনাইছিল স্থানীয় লোকক ।"

Maha Mrityunjay Temple
মহামৃত্যুঞ্জয় মন্দিৰ (ETV Bharat Assam)

মহামৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠাৰ আৰম্ভণি

মহামৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠাৰ আৰম্ভণি সন্দৰ্ভত তেওঁ কয়, "পৰৱৰ্তী সময়ত বাবা ভৃগুগিৰি মহাৰাজৰ নেতৃত্বতেই ২০০৩ চনত সৰুকৈ এটা মন্দিৰ নিৰ্মাণ কৰি শিৱলিংগ প্ৰতিষ্ঠা কৰি অনুষ্ঠিত কৰিছিল ৫১ কুণ্ডৰ যজ্ঞ । তেতিয়াৰে পৰা বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত গঠিত মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টৰ উদ্যোগত আৰম্ভ হৈছিল মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণৰ কাম ।"

ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰত দ্বীপমণি গোস্বামীয়ে লগতে কয়, "বঢ়মপুৰৰ পুৰণিগুদামৰ ভেৰভেৰিৰ এই স্থানত মহামত্যুঞ্জয়ৰ নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই স্বৰ্গগামী হৈছিল বাবা । তেতিয়া মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণত কিছু ব্যাঘাত জন্মিছিল যদিও সেই সময়ৰ অসম চৰকাৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰাত ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ ভূমিকা গ্ৰহণ কৰি ২০২১ চনত সম্পূৰ্ণ কৰিছিল মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণৰ কাম ।"

তেওঁ লগতে কয়, "তাৰ পাছত ২০২১ চনতেই ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই মহামৃত্যুঞ্জয় মন্দিৰটো ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হৈছিল । স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে । ১২৬ ফুট ওখ শিৱলিংগৰ আকাৰত নিৰ্মিত এই মন্দিৰ বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপেই জনাজাত ।"

Maha Mrityunjay Temple
মহামৃত্যুঞ্জয় মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে ব্যৱসায়িক প্ৰতিষ্ঠান (ETV Bharat Assam)

কেন্দ্ৰীয় গৃহ মন্ত্ৰী উপস্থিত আছিল প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত

দ্বীপমণি গোস্বামীয়ে লগতে কয়, "২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মন্দিৰটোৰ উদ্বোধন আৰু প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত বিশেষ অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল । মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছতে সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল ।"

উল্লেখ্য যে নগাঁও চহৰৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগৰ পুৰণিগুদামৰ ভেৰভেৰিত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ২০২১ চনতে দুৱাৰ মুকলি কৰাৰ পাছৰে পৰাই এই মহামৃত্যুঞ্জয় মন্দিৰত দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ উপৰি বহু বিদেশী পৰ্যটকৰো আগমন ঘটা বুলি জানিবলৈ দিয়ে মন্দিৰৰ সৈতে জড়িত দ্বীপমণি গোস্বামীয়ে ।

বিশেষকৈ শিৱৰাত্ৰিত বহু ভক্তপ্ৰাণ লোকৰ সমাগম হোৱা মহামৃত্যুঞ্জয় মন্দিৰত এইবাৰো শিৱৰাত্ৰিৰ বাবে সাজু হৈছে মন্দিৰ কমিটী । শিৱৰাত্ৰিত মহামৃত্যুঞ্জয় মন্দিৰত লক্ষাধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰি তেওঁলোকক আদৰিবলৈ সাজু হোৱা বুলিও জানিবলৈ দিয়ে দ্বীপমণি গোস্বামীয়ে । লগতে বাবা ভৃগুগিৰি মহাৰাজে সেই সময়তেই এই মহামৃত্যুঞ্জয় মন্দিৰে স্থানীয় ২০ সহস্ৰাধিক পৰিয়ালক পৰ্যায়ক্ৰমে সংস্থাপন দিয়াৰ কথা অৱগত কৰা বুলি উল্লেখ কৰি এই পৰ্যন্ত মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা সহস্ৰাধিক লোকে সংস্থাপন লাভ কৰা বুলিও ইটিভি ভাৰতক জানিবলৈ দিয়ে দ্বীপমণি গোস্বামীয়ে ।

কি কয় স্থানীয় ব্যৱসায়ীয়ে ?

এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্যৱসায়ীয়ে কয়, "পূৰ্বৰ পুৰণিগুদাম ভেৰভেৰিৰ এখন ভিতৰুৱা এলেকা এতিয়া কেৱল জাকতজিলিকাই নহয়, দেশৰ পৰ্যটনৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । প্ৰতিদিনেই বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰা মহামৃত্যুঞ্জয় মন্দিৰে স্থানীয় বহু লোকক সংস্থাপন দিছে । মহামৃত্যুঞ্জয় মন্দিৰৰ কাষতে বিভিন্ন সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি স্বাৱলম্বী হৈছে ।"

উল্লেখ্য যে নিজৰ মনোকামনা পূৰণৰ উদ্দেশ্যে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকে পূজা-অৰ্চনা কৰিবলৈ আহে এই মহামৃত্যুঞ্জয় মন্দিৰত । আনহাতে, শিৱৰাত্ৰি উপলক্ষে বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰিৰ প্ৰাকমুহূৰ্তত এতিয়া বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ ।

লগতে পঢ়ক :সৰুসজাই ষ্টেডিয়াম আৰম্ভ "ঝুমইৰ বিনন্দিনী": অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ LIVE - JHUMOIR BINANDINI 2025
লগতে পঢ়ক :শিৱৰাত্ৰিত উমানন্দলৈ ভক্তক অনা-নিয়াৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থা জল-পৰিবহণ বিভাগৰ - MAHA SHIVRATRI 2025