ETV Bharat / state

নীলকণ্ঠেশ্বৰ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ

Shivratri Celebration 2024: শিৱ বন্দনাৰে মূখৰিত আকাশ বতাহ। মহাশিৱৰাত্ৰী উপলক্ষে এই পৰিবেশ। মন্দিৰে মন্দিৰে ভক্তৰ লানি নিছিগা ভিৰ। ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰতো শিৱৰাত্ৰী উপলক্ষে একেই পৰিবেশ সৃষ্টি হৈছে।

Maha Shivratri 2024 celebrated in Lakhimpur
লখিমপুৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ
author img

By ETV Bharat Assamese Team

Published : March 9, 2024 at 2:25 PM IST

2 Min Read
Choose ETV Bharat
লখিমপুৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ

লখিমপুৰ ৯ মাৰ্চ: আজি মহা শিৱৰাত্ৰীৰ দ্বিতীয়টো দিন । সমগ্র ৰাজ্যজুৰি শিৱ বন্দনাত মূখৰিত হৈ পৰিছে আকাশ-বতাহ । দেৱাদিদেৱ মহাদেৱৰ অকণমান আশীর্বাদ বিচাৰি ভক্তসকল উবুৰি খাই পৰিছে শিৱ মন্দিৰ, থান আদিত । সকলোৱে নৈবেদ্য আগবঢ়ায় মহাদেৱৰ পৰা কৃপা দৃষ্টি কামনা কৰিছে ।

ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰতো সৃষ্টি হৈছে একেই পৰিৱেশৰ । নগৰ তথা ইয়াৰ উপকন্ঠৰ সকলো শিৱ মন্দিৰতে ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে । সৰ্বাধিক ভিৰ পৰিলক্ষিত হয় নগৰৰ খেলমাটিত থকা নীলকণ্ঠেশ্বৰ মন্দিৰত । মন্দিৰটোত ভক্তৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা ।

ভক্তৰ ভিৰ নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী, অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিবলগীয়া হৈছে মন্দিৰটোত । সকলোৱে ধূপ-দ্বীপ-নৈবেদ্য আগবঢ়াই মহাদেৱৰ কৃপা প্ৰাৰ্থনা কৰিবলৈ মন্দিৰ প্ৰাংগনত ভিৰ কৰিছে । উল্লেখ্য যে, মন্দিৰটোত কালিৰে পৰা দুদিনীয়াকৈ শিৱৰাত্ৰীৰ পূজা অৰ্চনা কৰা হৈছে । কালি নিশা দুই বজা পৰ্যন্ত ভক্তৰ সমাগমে মন্দিৰটোৰ পৰিবেশ প্ৰাণৱন্ত কৰি তুলিছে ।

শনিবাৰৰ পুৱা ছয় বজাৰ পৰা পুনৰ ভক্তৰ বাবে মন্দিৰৰ দ্বাৰ খুলি দিয়া হয় । উল্লেখ কৰা প্ৰয়োজন যে, কেৱল মহা শিৱৰাত্ৰীৰ পূজা অৰ্চনাই নহয় । এই মন্দিৰটোত মহামৃত্যুঞ্জয় যজ্ঞৰো আয়োজন কৰা হৈছে । পুৱাৰ পৰা আৰম্ভ হোৱা মহামৃত্যুঞ্জয় যজ্ঞত বিয়লি পূৰ্ণাহুতি প্ৰদান কৰা হ’ব ।

মন্দিৰটোত ভক্তৰ ভিৰ দেখি মন্দিৰ পৰিচালনা সমিতি তথা ৰাইজে সন্তোষ প্রকাশ কৰিছে । মহাদেৱৰ কৃপা লাভ কৰি সকলোৱে এখন শান্তিৰ সমাজ গঢ় দি স্নেহ ভৰা পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা সমিতিয়ে ।

লগতে পঢ়ক: তিনিচুকীয়া-শিৱসাগৰত মহা শিৱৰাত্ৰিত ভক্তৰ লানি নিছিগা ভিৰ