ETV Bharat / state

চৰকাৰে অতি চক্ৰান্ত কৰি সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিছে: লুৰীণজ্যোতি গগৈ - LURINJYOTI GOGOI

মানুহৰ গণতান্ত্ৰিক অধিকাৰ ভয়-ভাবুকিৰে খৰ্ব কৰিবলৈ চৰকাৰে সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে বুলি অভিযোগ লুৰীণজ্যোতি গগৈৰ ।

Lurinjyoti Gogoi reacts to senior journalist Dilwar Hussain arrest
সাংবাদিকক গ্ৰেপ্তাৰ প্ৰসংগত লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 11:08 PM IST

2 Min Read

মৰাণ: সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ । মঙলবাৰে এপেক্স বেংকৰ কেলেংকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মাতি নি প্ৰথমে আটক কৰি পাছত গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে সাংবাদিক সংগঠনসমূহে সাব্যস্ত কৰে প্ৰতিবাদ ।

কেৱল সংবাদ মাধ্যমৰ লগত জড়িত থকাসকলেই নহয়, অসমৰ সচেতন ৰাইজে সাংবাদিকগৰাকীক আটক কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এয়া গণতান্ত্ৰিক ব্যৱস্থাক স্বৈৰাচ্চাৰী শাসনৰে দমন কৰা বুলি অভিহিত কৰিছে বহুজনে । প্ৰান্তে প্ৰান্তে হোৱা প্ৰতিবাদৰ পিছত অৱশেষত সাংবাদিকগৰাকীয়ে জামিন লাভ কৰে যদিও ইয়াৰ পূৰ্বে বহুজনে কৰে বহু মন্তব্য ।

সাংবাদিকক গ্ৰেপ্তাৰ প্ৰসংগত লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

প্ৰতিবাদ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আটক কৰা ঘটনাক গৰিহণা দিয়ে অসম জাতীয় পৰিষদেও । বুধবাৰে ডিব্ৰুগড়ৰ খোৱাঙত এক অনুষ্ঠানত অংশ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "দুটা লক্ষ্যৰে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে । সংবাদগোষ্ঠীয়ে যাতে চৰকাৰৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ নকৰে । দ্বিতীয়তে ৰাজনৈতিক মুনাফাৰ বাবে বিভাজনৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে । চৰকাৰে অতি চক্ৰান্ত কৰি সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিছে ।"

এ জে পিৰ সভাপতিগৰাকীয়ে লগতে কয়, "এইটো ফেচিজিমৰ আৰম্ভণি, স্বতন্ত্ৰ শাসনৰ আৰম্ভণি । মানুহৰ গণতান্ত্ৰিক অধিকাৰ ভয় ভাবুকিৰে খৰ্ব কৰিবলৈ চৰকাৰে এনেধৰণৰ কাম কৰে । অসমত যে জংঘলৰাজ আৰম্ভ হৈছে তাৰ প্ৰমাণ হৈছে ।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা ঘটনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে লগতে কয়, "চৰকাৰে গণতন্ত্ৰক হত্যা কৰিবলৈ উঠি-পৰি লাগিছে । এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ হ'ল সেই কথা সহ্য কৰিব নোৱাৰি এতিয়া সাংবাদিকক লক্ষ্য কৰি লৈছে চৰকাৰে ।"

লগতে পঢ়ক: সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ - JOURNALIST DILWAR HUSSAIN MOZUMDER

চৰকাৰে সাংবাদিকৰ পৰা দুটা শব্দ শুনিব বিচাৰে ‘‘হয় হজুৰ’’ : আছু - AASU ON JOURNALIST ARRESTED CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.