জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ চানেকি হৈ পৰিল অন্তিম শয়নৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি থলি
জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সৰুসজাইত জুবিন গাৰ্গক লৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সকলোৱে ।

Published : September 23, 2025 at 6:10 PM IST
গুৱাহাটী : "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত" - প্ৰাণৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সংলাপটো সঁচা প্ৰমাণিত হ'ল তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত । ৰাজ্য তথা দেশৰ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে সৰুসজাইত জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ।
প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি দিবলৈ কোনোবাই যদি লৈ আহিছিল ফুলৰ তোৰা, ফুলৰ মালা আকৌ কোনোবাই লৈ আহিছিল স্বজাতিৰ স্বাভিমান স্বৰূপ গামোচাখন । সৰুসজাইলৈ অহা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুৰাগীসকলে তেওঁলোকৰ জাতীয় বস্ত্ৰৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰাণৰ শিল্পীজনৰ কফিনৰ ওপৰত শ্ৰদ্ধাঞ্জলি স্বৰূপে দিয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ অজস্ৰ গামোচাই প্ৰমাণ কৰিলে যে তেওঁৰ কোনো জাতি, বৰ্ণ, ধৰ্ম নাছিল । তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰে প্ৰিয় শিল্পী আছিল ।
This one picture defines the life and times of Zubeen- one where he earned the affection and love of every community in Assam and lived by this philosophy till the very end. pic.twitter.com/n4tQ6HS7FQ
— Himanta Biswa Sarma (@himantabiswa) September 23, 2025
অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি স্বৰূপে জুবিন গাৰ্গলৈ আগবঢ়োৱা জাতীয় বস্ত্ৰবোৰৰ মাজত অসমীয়া গামোচা, বড়ো আৰণাই, মিচিং ডোমেত, দেউৰী গামোচা, ৰাভা পাঁজাৰ আদি সকলোৰে সমাহাৰ ঘটিছিল । একপ্ৰকাৰ জাতি-জনগোষ্ঠীৰ সম্প্ৰীতি চানেকি হৈছিল অন্তিম শয়নৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি থলি ।
এই দৃশ্যই এটা কথাকে প্ৰমাণ কৰিছে জুবিন গাৰ্গে অসমীয়া জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰাখিছিল । প্ৰাণৰ প্ৰিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি থলীৰ জাতি-জনগোষ্ঠীৰ জাতীয় বস্ত্ৰৰ সমাহাৰ ঘটা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
এই ফটোখনক লৈ বিভিন্নজনে সামাজিক মাধ্যমত লিখিছে জুবিন গাৰ্গে বৃহত্তৰ অসমীয়া জাতিটো ঐক্যবদ্ধ কৰি ৰাখিছিল তাৰ প্ৰমাণ এয়া ।
বিধায়ক অখিল গগৈয়ে ফটোখন সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে- "বিভেদকামী শক্তিক ধূলিস্যাৎ কৰি অসমীয়াক ঐক্যবদ্ধ কৰি ৰাখিছিল আপুনি । মৃত্যুৰ পিছতো শক্তিশালী কৰি গ'ল জাতিটোক । এতিয়াৰ পিছত অসমীয়া জাতিয়ে আপোনাক জীয়াই ৰাখিব যুগ-যুগান্তৰলৈ ।"

