মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে কংগ্ৰেছ দল খিলঞ্জীয়া বিৰোধী নহয়: উদাহৰণসহ প্ৰত্যুত্তৰ বিৰোধী দলপতিৰ - Opposition Leader Debabrata Saikia
Debabrat Saikia to CM: মুখ্যমন্ত্ৰীৰ বাক্যবাণৰ প্ৰত্যুত্তৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । কংগ্ৰেছ দল খিলঞ্জীয়া বিৰোধী নহয় বুলি উল্লেখ কৰি কংগ্ৰেছ দলে স্বাধীনতাৰ আগৰে পৰাই অসমৰ স্বাৰ্থত কাম কৰি অহাৰ কথা দোহাৰে বিৰোধী দলপতিগৰাকীয়ে ।

Published : September 18, 2024 at 6:23 PM IST
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল তথা বিজেপি চৰকাৰে প্ৰতিপন্ন কৰিব বিচৰা ধৰণে কংগ্ৰেছ দল খিলঞ্জীয়া বিৰোধী নহয় । এই কথা ব্যক্ত কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । সোণাপুৰৰ কচুতলীৰ উচ্ছেদৰ প্ৰসংগত মুখ্যমন্ত্রীকে ধৰি বিজেপি দল আৰু চৰকাৰে কংগ্ৰেছ দলক খিলঞ্জীয়া বিৰোধী আখ্যা দি আহিছে । যাক লৈ আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰী পক্ষৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে ।
কংগ্ৰেছ দলে অসমৰ স্বাৰ্থত নিজৰ ৰাজনৈতিক স্বাৰ্থ ত্যাগ কৰাৰ ইতিহাস উল্লেখ কৰি বিৰোধী দলপতিগৰাকীয়ে কয়, "কংগ্ৰেছ দলে স্বাধীনতাৰ আগৰে পৰাই অসমৰ স্বাৰ্থত কাম কৰি আহিছে । কিন্তু তথাপিও কংগ্ৰেছক অসমীয়া তথা খিলঞ্জীয়াৰ পৰিপন্থী কাম কৰা বুলি কোৱা হয় । যিটো প্ৰকৃততে সঁচা নহয় । কংগ্ৰেছৰ দিনতে খিলঞ্জীয়াৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল ।"
দেৱব্ৰত শইকীয়াই হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ দিনৰ খিলঞ্জীয়াৰ স্বাৰ্থৰ বাবে লোৱা বহুকেইটা উল্লেখযোগ্য পদক্ষেপৰ বিষয় উল্লেখ কৰে । সংবাদমেলত বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী স্থিতি সম্পৰ্কত বিৰোধী দলপতিগৰাকীয়ে কয়, "বিজেপি চৰকাৰেই অসম চুক্তি নস্যাৎ কৰি 'কা' গৃহীত কৰিছে । আনহাতে চৰকাৰে ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে বিপ্লৱ শৰ্মা আয়োগে দিয়া প্ৰতিবেদন ৰাজহুৱা নকৰা বাবেই আছুৱে সংবাদমেল পাতি প্ৰতিবেদন ৰাজহুৱা কৰিছিল । 'কা' অনাৰ পাছত অসম চুক্তি দাৰি-ক'মা সলনি নকৰাকৈ ৰূপায়ণ কৰাটো কেতিয়াও সম্ভৱ নহয় । এই চৰকাৰৰ দিনতে অসমীয়া তথা খিলঞ্জীয়া বিৰোধী কাম কৰা হৈছে ।"
তেওঁ লগতে কয়, "অসম চুক্তিৰ পিছত বাংলাদেশী কেতিয়াও গ্ৰহণযোগ্য নহয় । বাংলাদেশী যদি আছে তেন্তে চৰকাৰে বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰক । আনহাতে অসম চুক্তি ৰূপায়ণ বিভাগে আছুৰ সৈতে কৰা আলোচনাত কংগ্ৰেছকো আমন্ত্ৰণ কৰক ।" সংবাদমেলত বিৰোধী দলপতিগৰাকীৰ লগতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও ।

