পুনৰ দীপৰ বিলত নতুন ৰে'লপথ প্ৰকল্প, বন্যপ্ৰাণীলৈ তীব্ৰ সংকট - Biodiversity Crisis
Railway line in Garbhanga Wildlife Sanctuary : দীপৰ বিল গড়ভাংগা বনাঞ্চলৰ মাজেৰে নতুন ৰে’লপথৰ পৰিকল্পনা ৷ এই সিদ্ধান্তই হাতীৰ লগতে আন জীৱ-জন্তুলৈ সংকট নমাই অনাৰ আশংকা কৰা হৈছে ৷ তদুপৰি স্থানান্তৰিত হ’ব লাগিব সহস্ৰাধিক পৰিয়াল ৷ এই কাৰ্যৰ বিৰোধিতা কৰিছে স্থানীয় বাসিন্দাসকলে ৷

Published : September 28, 2024 at 3:53 PM IST
গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : ৰে’ল বিভাগৰ আন এক নতুন প্ৰস্তাৱিত ৰে’লপথ নিৰ্মাণে ৰামছাৰ স্থান দীপৰ বিল আৰু সংৰক্ষিত বনাঞ্চল গড়ভাংগাত বসবাস কৰা হাতীৰ লগতে আন জীৱ-জন্তু আৰু ইয়াৰ ওচৰে-পাজৰে থকা থলুৱা জনগোষ্ঠীয় বাসিন্দাসকলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই নতুন ৰে’লপথ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় বাসিন্দা তথা প্ৰকৃতিপ্ৰেমী সংগঠনে ।
উল্লেখ্য যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটীৰ দীপৰ বিল গড়ভাঙ্গা বনাঞ্চল, কেবাখনো জনজাতীয় গাঁৱৰ মাজেৰে আজাৰাৰ পৰা তেতেলীয়া হৈ সোণাপুৰলৈ 58 কিলোমিটাৰ দৈঘ্যৰ এটা ব্ৰডগেজ ৰে’লপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৷ দীপৰ বিল সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই কয়- ‘‘এই সন্দৰ্ভত গোপনে ৰে’ল বিভাগে এই ৰে’লপথ নিৰ্মাণৰ জৰীপ সম্পন্ন কৰিছে ৷ এই জৰীপৰ সবিশেষ তথ্য বিচাৰি ৰে’লৱেলৈ আৰ টি আই কৰা হৈছে । আৰ টি আই কৰা এমাহ হ’বৰ হ’ল কিন্তু ৰে’লৱে এতিয়ালৈকে কোনো তথ্য দিয়া নাই ।
এই সন্দৰ্ভত স্থানীয় বাসিন্দা হৰেন চন্দ্ৰ দাসে কয়- ‘‘২০২৩ চনত দীপৰ বিলৰ কাষেৰে ৰে’লেৱেৰ ডাবল লাইন প্ৰকল্পৰ বাবে চৰকাৰে ভূমি অধিগ্ৰহণৰ ফলত ৫০০ ৰো অধিক পৰিয়ালে তেওঁলোকৰ ভূমি হেৰুৱাইছিল ৷ ৰে’লৱে কৰ্তৃপক্ষই যি ৰে’লপথৰ প্ৰস্তাৱ দিছে, যদি প্ৰকল্পটো পৰিকল্পনা অনুসৰি চলি থাকে ৷ তেন্তে ইয়াৰ ফলত সহস্ৰাধিক পৰিয়াল স্থানান্তৰিত হ’ব লাগিব । এই স্থানচ্যুতিৰ ফলত কেৱল তেওঁলোকৰ ভূমি হেৰুৱাই নহয়, তেওঁলোকৰ জীৱিকাৰ বাবেও ভাবুকি আহিব । গতিকে চৰকাৰে এই প্ৰকল্প বন্ধ কৰিব লাগে ৷’’
ইপিনে কলিতাই কয়, ‘‘এই অঞ্চলটো পৰিৱেশগতভাৱে সংবেদনশীল ৷ কিয়নো ই দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য, এটা ৰামছাৰ স্থান আৰু ৰাণী গৰভংগা সংৰক্ষিত বনাঞ্চলৰ পৰিসৰৰ ভিতৰত পৰে । দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য কেবাটাও বিপন্ন প্ৰজাতিকে ধৰি বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ বাবে এক গুৰুত্বপূৰ্ণ বাসস্থান । প্ৰস্তাৱিত ৰে’ল লাইনে অভয়াৰণ্যখনৰ পৰিৱেশগত ভাৰসাম্য ব্যাহত কৰিব পাৰে, বন্যপ্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে আৰু তাত বাস কৰা থলুৱা সম্প্ৰদায়ৰ বাবে গুৰুত্বপূৰ্ণ বনাঞ্চল ধ্বংস কৰিব পাৰে ।’’
তেওঁ কয়, ‘‘এই অঞ্চলসমূহৰ মাজেৰে ৰে'লপথ পাৰ হ'লে পাঁচখন গাঁও- মিকিৰপাৰা চাৰ্কোড, মাটিয়া, কালিতাপাৰা, দেওচতাল, মাঘুৱাপাৰা আৰু পামহিৰ কিছু অংশ যথেষ্ট প্ৰভাৱিত হ’ব৷ ইতিমধ্যে প্ৰস্তাৱিত ৰে’ল প্ৰকল্পটোৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি সাতটা স্থানীয় সংগঠন দীপৰ বিল সুৰক্ষা সমিতি, মিকিৰপাৰা চৰ্কোডো ৰাইজ গয়ৰহ, মিকিৰপাৰা চৰ্কোডো দীপোৰ বিল সুৰক্ষা সমিতি, অল অসম জনজাতীয় সংঘ, অসম পাহাৰীয়া জনজাতীয় পৰিষদ, নৱজ্যোতি সংঘ, আৰু দীপৰ বিল উন্নয়ন সমিতিয়ে এন. এফ. ৰে’লৱে (নিৰ্মাণ)ৰ জেনেৰেল মেনেজাৰক এখন স্মাৰকপত্ৰ দাখিল কৰি দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাণী গৰভংগা সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ৰে'লৱে প্ৰকল্পৰ সম্ভাব্য নেতিবাচক প্ৰভাৱৰ বিষয়ে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে ।’’
লগতে পঢ়ক : কাৰ পৃষ্ঠপোষকতাত চলিছে দীপৰ বিলত দাদাগিৰি ? আদালতত মুখথেকেচা চৰকাৰৰ
দীপৰ বিলত ভয়াবহ প্ৰদূষণ: পামহী নলাৰ লগতে ডাম্পিং গ্ৰাউণ্ডেই মূল কাৰণৰ অভিযোগ
দীপৰ বিলৰ চাৰিওফালে নিৰ্মাণ হ’ব মথাউৰি, পৰ্যটকৰ বাবে থাকিব নৌকা বিহাৰৰ সুবিধা

