ETV Bharat / state

থলুৱাক অনাদৰ, চালানীক কদৰ: বহিঃৰাজ্যৰ গাহৰিৰে বজাৰ ভৰিছে - PIG FARMING IN ASSAM

বিপদত ৰাজ্যৰ শ শ থলুৱা গাহৰি পালক ৷ থলুৱা ব্যৱসায়ীক ভাতে মৰাৰ ষড়যন্ত্ৰ একাংশ বহিৰাগত গোষ্ঠীৰ ৷

Pig farming in Assam
বহিঃৰাজ্যৰ গাহৰিৰে ভৰিছে বজাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 10:57 AM IST

2 Min Read

যোৰহাট: পুনৰ বহিঃৰাজ্যৰ গাহৰি সৰবৰাহক লৈ এতিয়া বিপদত পৰিছে তিতাবৰৰ থলুৱা গাহৰি পালকসকল ৷ ৰাজ্যৰ পশুপালন বিভাগৰ নিৰ্দেশনা উলংঘন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰি থকাৰ অভিযোগ তুলিছে থলুৱা গাহৰি পালকসকলে ৷ যাৰ বাবে বিপদত পৰিছে থলুৱা গাহৰি পালকসকল ৷

আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে পশুপালন বিভাগে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন স্থানত গাহৰিৰ সৰবৰাহ বন্ধ কৰিছিল ৷ কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে বৰ্তমানেও প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰি থকাৰ অভিযোগ তুলিছে ৰাজ্যৰ থলুৱা গাহৰি পালকসকলে ৷ থলুৱা গাহৰি পালকসকলে কয় যে বহিঃৰাজ্যৰ পৰা অহা গাহৰিৰ পৰাহে আফ্ৰিকান ছোৱাইন ফিভাৰ বিয়পি পৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷

থলুৱা গাহৰি পালক (ETV Bharat Assam)

আনহাতে থলুৱা পালকসকলে গাহৰিৰ পৰীক্ষা কৰিলে ৰিপ'ৰ্টৰ ফলাফল পাবলৈ ১৫ ৰ পৰা ২১ দিন অপেক্ষা কৰিব লাগে, কিন্তু বহিঃৰাজ্য গাহৰিৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ফলাফল পশুপালন বিভাগে মাত্ৰ ৩ পৰা ৪ ঘণ্টাতে প্ৰদান কৰে বুলি ৰাজ্যৰ থলুৱা গাহৰি পালকসকলে ক্ষোভ উজাৰে ৷ বহিঃৰাজ্যৰ বণিক গোষ্ঠীক বজাৰ গতাই দিয়া স্বাৰ্থতে ৰাজ্যৰ পশুপালন বিভাগে থলুৱা গাহৰি পালকসকলক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰ কৰাৰো অভিযোগ কৰে এইসকল থলুৱা গাহৰি পালকে ৷

তিতাবৰৰ এগৰাকী থলুৱা গাহৰি পালকে কয়, "বহিঃৰাজ্যৰ পৰা গাহৰি অহাৰ বাবে আমাৰ থলুৱা গাহৰি পালকসকল যথেষ্ট সমস্যা সন্মুখীন হ'ব লগা হৈছে ৷ কাৰণ কেতিয়াবা আমি আমাৰ থলুৱা গাহৰি বিক্ৰী কৰিবলৈকো চিন্তা হয়, কিন্তু তাৰ পিছতো প্ৰতি সপ্তাহত বহিঃৰাজ্যৰ পৰা গাহৰিভৰ্তি ট্ৰাক ইয়াত প্ৰৱেশ কৰে ৷ ফলত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো আৰু আমি ৰাস্তাত ৰৈ সেইসমূহ গাহৰিৰ ট্ৰাকক বাধা দিয়াটো আমাৰ পক্ষে সম্ভৱ নহয় ৷"

তেওঁ লগতে কয়, "বহিঃৰাজ্য পৰা অহা গাহৰিৰ দেহত ছোৱাইন ফ্লু আহে, সেই গাহৰিসমূহৰ ৰিৰ্প'টকেইটামান ঘন্টাৰ ভিতৰতে দি দিয়ে ৷ কিন্তু আমাৰ ৰিৰ্প'টসমূহ বহুদিনৰ পিছতহে দিয়ে ৷ সেয়েহে মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান- আমাৰ কথা অলপ চিন্তা কৰক ৷"

লগতে পঢ়ক : অসমৰ এইখন গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ, জানো আহক কিমান বিপজ্জনক এই ৰোগ

বহিঃৰাজ্যৰ গাহৰিৰে ভৰিছে অসমৰ বজাৰ ! সোচ্চাৰ অসমীয়া যুৱ মঞ্চ

গাহৰিয়ে আনিছে মুখলৈ সুখৰ হাঁহি; গাহৰি পালন কৰি ধনৰ ভঁৰাল ভৰিছে শিক্ষিত যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.