আদানীক মাটি নিদিওঁ: খঙে-ক্ষোভে ৰাইজ ওলাল বাটলৈ, পুলিচ আহিল বুজাবলৈ
বড়োভূমিত উত্তপ্ত পৰিস্থিতি । মনে মনে আদানীক ৩ হাজাৰ বিঘা মাটি দিয়াক লৈ জনতাৰ ক্ষোভ ।

Published : June 11, 2025 at 8:15 PM IST
ধুবুৰী: কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা সমজিলাৰ বাশবাৰীত স্থাপন হ'বলগীয়া তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিৰ সীমা নিৰ্ধাৰণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি । অসম চৰকাৰ আৰু বি টি আৰ পৰিষদীয় চৰকাৰে তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে পৰ্বতঝোৰাৰ বাশবাৰীত ৩ হাজাৰ বিঘা ভূমি আৱণ্টন দিয়াৰ পৰাই স্থানীয় ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । তাৰে মাজতে বুধবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনে উক্ত ভূমিৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে যো-জা চলোৱাৰ লগে লগে ৰাইজে বাধা প্ৰদান কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে ।
স্থানীয় ৰাইজে বি টি আৰ প্ৰধান প্রমোদ বড়ো আৰু বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
ক্ষোভিত ৰাইজে কয়, "আমি এৰি নিদিওঁ, আমি একো নিবিচাৰোঁ । আমাৰ মাটিত আমাৰ অধিকাৰ আছে । আমি একো নিবিচাৰোঁ আমাৰ মাটি আমি এৰি নিদিওঁ । আদানী কোম্পানী আমাক নালাগে ।"
লগতে কয়, "আজি কি হৈছে মানে আমাৰ মাটিখিনি দখল কৰিব বিচাৰিছে আদানি কোম্পানীৰ কাৰণে । আমাৰ মাটি আমি এৰি নিদিওঁ । আমাৰ অধিকাৰ আছে আৰু কেতিয়াও এৰি নিদিওঁ । মনে মনে কামবিলাক কৰি থাকে । খোৱা-লোৱাৰ শান্তি নাই, ল'ৰা-ছোৱালী স্কুলত পঠোৱাত শান্তি নাই ।"
বি টি আৰৰ উত্তেজিত ৰাইজে আৰু কয়, "আমাক একো নজনাই মনে মনে কামবোৰ কৰিছে । আজি কোনো নোটিচ নিদি ডাইৰেক্ট পুলিচ আহিছে । কিন্তু আমাক বুজাই লাভ নাই । আমি মাটি এৰি নিদিওঁ । আমাৰ মাটি, ইয়াত আমাৰ অধিকাৰ আছে । আদানীক কিয় মাটি এৰি দিম ?"

