ETV Bharat / state

ৰিদুলে সাজি উলিয়ালে এনে এক দলং যিয়ে সমন্বয় সাধিলে দুখন গাঁৱৰেই নহয়, ধৰ্মৰ মাজতো

সম্প্ৰীতিৰ এখন দলং । চৰকাৰে কৰিব নোৱৰা কাম কৰি দেখুৱালে এজন যুৱকে ।

Local people constructed bamboo bridge at Namti in Sivsagar
সম্প্ৰীতিৰ দলং উদ্বোধন কৰিলে জোনাব আৰু নামঘৰীয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 16, 2025 at 1:00 PM IST

|

Updated : May 16, 2025 at 1:28 PM IST

2 Min Read
Choose ETV Bharat

আমগুৰি: সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা এখন দলং । জোনাব আৰু নামঘৰীয়াই হাতে হাত ধৰি ফিটা কাটি উদ্বোধন কৰিলে এখন দলং । এইখন অসমৰে এইখন দলঙে দাঙি ধৰিছে ঐক্য-সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা । শিৱসাগৰ জিলাৰ নামতিৰ টিঙিৰিপাম-কেতেকীবাৰী সংযোগী নামদাং নদীৰ ওপৰত এখন দলং নথকাৰ বাবে বৃহত্তৰ দুটা অঞ্চলৰ ৰাইজৰ মাজত যাতায়াত ব্যাহত হৈ আছিল ।

কাষতে দুখন গাঁও । এখন নাজিৰা সমষ্টিৰ আৰু আনখন শিৱসাগৰ সমষ্টিৰ । হিন্দু আৰু মুছলমানৰ বসতিস্থল গাঁও দুখন নামদাং নদীয়ে দুভাগ কৰিছে । পুৰুষাণুক্ৰমে গাঁও দুখনৰ ৰাইজে এডাল সাঁকো আৰু বাঁহৰ দলঙে যাতায়াত কৰি আহিছিল যদিও যোৱা বহু বছৰ ধৰি গাঁও দুখন সংযোগহীন হৈ আছিল ।

সম্প্ৰীতিৰ দলং উদ্বোধন কৰিলে জোনাব আৰু নামঘৰীয়াই (ETV Bharat Assam)

নামতিৰ স্থানীয় যুৱক চাবেৰ আহমেদ বৰা ওৰফে ৰিদুলৰ প্ৰচেষ্টাত নামদাং নদীত এখন বাঁহ-কাঠৰ দলং নিৰ্মাণৰ যো-জা চলিল। কোনোৱে যদি বাঁহ দহডাল দিছে কোনোৱে আকৌ ঘৰৰ গছ এজোপাকে দিছে । এনেদৰে অঞ্চলবাসীয়ে নদীৰ ওপৰত প্ৰায় এমাহজোৰা প্ৰচেষ্টাৰ অন্তত স্থানীয় যুৱকসকলৰ সহযোগত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠে ।

Local people constructed bamboo bridge at Namti in Sivsagar
চৰকাৰে কৰিব নোৱৰা কাম কৰি দেখুৱালে এজন যুৱকে (ETV Bharat Assam)

চৰকাৰক বহুবাৰ দলংখন নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে আবেদন জনাইছিল যদিও কোনো কোমত অহা নাছিল । ফলত চৰকাৰলৈ বাট নাচাই অঞ্চলবাসীয়ে ৰিদুলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত বাঁহ-কাঠৰ সুন্দৰ এখন দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠে । উল্লেখ্য যে নামতিৰ টিঙিৰিপাম-কেতেকীবাৰী সংযোগী নামদাং নদীৰ ওপৰত দলং সাজি মুকলি কৰাত স্থানীয় লোকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে ।

দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি নামঘৰীয়া অৰুণ শইকীয়া আৰু জোনাৱ চৈয়দ অদুদুল হকে আনুষ্ঠানিকভাৱে ফিটা কাটি দলংখন যাতায়াতৰ কাৰণে মুকলি কৰে । শিৱসাগৰ আৰু নাজিৰা সমষ্টিক সংযোগ কৰা দলংখনে কোঁৱামৰা, জতকীয়া, মাদুৰী, অভয়পুৰীয়া, গোঁহাইগাঁৱকে ধৰি অৰ্ধ-শতাধিক গাঁৱৰ ৰাইজক উপকৃত কৰিব । চৰকাৰৰ আঁচনিলৈ বাট নাচাই হাতে-কামে লাগি পকেটৰ টকা খৰচ কৰি এনেদৰে স্থানীয় লোকসকলে মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: বাৰিষাৰ দিন আহিল, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে এইবাৰ কোন নামিল ! - MINISTER JAYANTA MALLABARUAH

নিৰ্বাচিত জনপ্ৰতিনিধিক অধ্যয়ন কৰাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ - PANCHAYAT ELECTION 2025

Last Updated : May 16, 2025 at 1:28 PM IST